পৃষ্ঠা:অনিমা গুহ.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছিল মনত পেলাব পৰা নাই। তেওঁ নাই, অৰুণ নাই, মনোমামা নাই। মুঠতে নাইৰ তালিকাখন গধুৰ হৈ গৈ আছে। এদিন হঠাতে ডাঃ ৰজনী দাসে ফোন কৰিলে ডাঃ মালতী বৰুৱাৰ পৰা ফোন নম্বৰটো লৈ । দুয়ো আমাৰ সহপাঠী, যিমান দূৰ মনত পৰে ৰজনী দাস, অসিত কুমাৰ দেশমুখ প্ৰমুখ্যে আই এছ চি পাছ কৰি ডিব্ৰুগড় মেডিকেল কলেজলৈ যোৱা সহপাঠী ছাত্ৰসকলৰ লগত বোধকৰো কথা পাতি পোৱা নাছিলো। আগতেই কোৱা মতে কলেজৰ প্ৰথম দুবছৰ ল'ৰাৰ লগত কথা কোৱা আছিল নিষিদ্ধ। এতিয়া তেওঁলোকৰ লগত বন্ধু হিচাপে কথা পাতো। ডাঃ চক্ৰেশ্বৰ দাসো কথা পাতি নোপোৱা সহপাঠী আছিল। পাছত মোৰ ভনী প্রতিমাক তেওঁ বিয়া কৰাই ভনীজোঁৱাই হ’ল। আমাৰ আন এজন সহপাঠী নীহাৰ লস্কৰ কেন্দ্ৰীয় মন্ত্রীসভাৰ মন্ত্ৰী আছিল। তেৱোঁ ফটো হৈ গৈছে। ফটোৰ সংখ্যা গধুৰ হৈ গৈ আছে।


মোৰ যদি দুখন পাখি থাকিলহেঁতেন

 পাখি দুখন থকা হ’লে পৃথিৱীৰ চুকে-কোণে ঘূৰি ফুৰিলোহেঁতেন। আখৰ চিনিবৰ আগতেই দেউতাই চিনাকি কৰি দিছিল পৃথিৱীৰ মানচিত্ৰখনৰ সৈতে। বাইদেউ অনিতালৈ অনা গ্ল’বটোৰ সৈতেও মোৰ চিনাকি জ্ঞান হোৱাৰে পৰা। দেউতাই বিশ্বাস কৰিছিল বাহিৰৰ বিশ্বখনক নাজানিলে মানুহ কূপমণ্ডুক হৈ থাকে। সেয়েহে তেওঁৰ সাধ্যানুযায়ী আমাক চাৰিবেৰৰ মাজৰ পৰা মাজে-সময়ে উলিয়াই নিছিল। বাহিৰৰ জগতখনৰ প্ৰতি আকর্ষণ মোৰ তেতিয়াৰে পৰা। সোঁ শৰীৰে সদায় ওলোৱা অসম্ভৱ। গতিকে কল্পনাত ডেউকা লগাই বিশ্বব্রহ্মাণ্ড চলাথ কৰি ফুৰো। সংস্কৃতত যাক কোৱা হয় মনসা মথুৰাং গচ্ছামি।

 কল্পনাত পাখি লগাই ফুৰিবলৈ বৰ ভাল। টিকট, পাছপ'ৰ্ট, ভিছা একো নালাগে। নীলা আকাশৰ বুকু ফালি উৰিবলৈ, উৰি উৰি পাহাৰ-পৰ্বত, নৈ-সমুদ্ৰ পাৰ হোৱাত যি উত্তেজনা আৰু আনন্দ গাড়ী-মটৰ-ট্ৰেইন-প্লেনত সেই আনন্দ বিচাৰি নাপাওঁ। যান-বাহনত উঠাৰে পৰা ননমালৈকে মনটো আতংকতে নিমজ্জিত হৈ থাকে। ট্ৰেইনত চোৰ-ডকাইত উঠিল নেকি, সন্ত্রাসবাদীয়ে লুকুৱাই ৰখা বোমা ফাটিব নেকি? ৰে'ল লাইন উঘালিলে নেকি?বাছতো একেই চিন্তা— মুখামুখি সংঘৰ্ষত স্পট ডেথ্ হয় নেকি? বিমানত তো আৰু ভয়। কোনোবা বিমান দস্যুই হাইজেক কৰিলে নেকি? যান্ত্রিক বিজুতি ঘটি সমুদ্রত বা হাবি-জংঘলত চূৰ্ণ-বিচূৰ্ণ হৈ সৰি পৰে নেকি ইত্যাদি

বাকীছোৱা জীৱন /৩১৭