পৃষ্ঠা:অনিমা গুহ.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বোলে সিদিনা আমি মর্মে মর্মে উপলব্ধি কৰিছিলো। আমাৰ ইচ্ছা আছিল আগলৈ মিলন সভা ডাঙৰকৈ পাতিম য’লৈ আমন্ত্রণ জনাম সকলো সহপাঠী বন্ধু-বান্ধৱীক। কিন্তু সেয়া সম্ভৱ নহ'ল যদিও সৰু সুৰাকৈ আমি প্রতিমাহে ইজন-সিজনৰ ঘৰত একেলগ হৈছিলো। এদিন লগে-ভাগে গৈছিলো চন্দ্ৰপুৰলৈ আৰু এদিন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰ্শন কৰিবলৈ। সিদিনা অৱশ্যে Spouse সকলো নিমন্ত্রিত আছিল।

 ইংৰাজী Spouse শব্দটো ব্যৱহাৰ কৰা বাবে হয়তো মই সমালোচিত হ’ম। সুবিধাৰ বাবে Cousin শব্দটো মাজে মাজে ব্যৱহাৰ কৰো অসমীয়াত ইয়াৰ প্ৰতিশব্দ নথকা বাবে। কিন্তু এই শব্দটোৰ ব্যৱহাৰ বহুতে পছন্দ কৰা নাই, আনকি মোৰ আপোন খুৰাৰ পুতেকেও। ‘মোৰ আপোন খুৰাৰ পুতেক’ৰ সলনি মোৰ প্ৰথম কাজিন বুলি ক'লেই সম্পৰ্কটো বহলাই কোৱাৰ প্ৰয়োজন নহয়। কাৰোবাৰ লগত থকা সম্বন্ধ যিমানে দূৰলৈ যায় অসমীয়াত বুজাবলৈ সিমানে কঠিন। এওঁ মোৰ থাৰ্ড কাজিন বুলি কোৱাৰ লগে লগে বুজা যায় যে আমাৰ দেউতাৰ (বা মাৰ) দেউতাকৰ দেউতাকহঁত আপোন ভাই-ভনী (বা ভাই বা ভনী) আছিল। এইখিনি কথা অসমীয়াত বুজাবলৈ মগজুৰ কিমান যে কচৰৎ কৰিবলগীয়া নহয়! গতিকে কাজিন শব্দটো পছন্দ কৰো। পিছে মই কৰিলে কি হ’ব অসমীয়া ভাষাৰ পৱিত্ৰতা যদি নষ্ট হয় মই তাকে মানি ল’ব লাগিব। সেই বুলি আমাৰ ভাষাত ইতিমধ্যে অসংখ্য ইংৰাজী শব্দ নোসোমোৱাকৈ থকা নাই, যিবোৰক আমি আজি আৰু ইংৰাজী বুলি নাভাবো। অভিধানত এটা বা দুটা শব্দেৰে বুজাব পৰা কাজিনৰ অসমীয়া অৰ্থ বিচাৰি নাপালো। একেদৰে স্পাউছ মানে স্বামী বা স্ত্রী যদিও সিদিনা হাজোলৈ যাওঁতে আমাৰ সহপাঠীসকলৰ স্পাউছো গৈছিল বুলি নকৈ ইংৰাজীবৰ্জিত ভাষাত ক’বলৈ হ'লে ক’ব লাগিব পুৰুষ সহপাঠীসকলৰ পত্নী আৰু মহিলা সহপাঠীসকলৰ স্বামীও গৈছিল। যাওক বাৰু এইবোৰ কথা। মই ভাষাবিদ নহওঁ, সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ কথা কৈছিলো।

 কিছুমান ইংৰাজী শব্দ, অসমীয়া আৰু বাংলাত এনেকৈ সোমাই গৈছে যে ইংৰাজীৰ ই-টো নজনা নিৰক্ষৰ মানুহেও নিজৰ ভাষা বুলি ধৰি লৈ সেই শব্দবোৰ ব্যৱহাৰ কৰে। কেতিয়াবা কিন্তু সঠিক প্রয়োগ নহয়। টেম্প’ৰাৰী ব্রাদাৰৰ কথা আগতেই কোৱা হৈছে। এজনী পাৰ্টটাইম বায়ে পূজাৰ কাপোৰ কিনি মোক দেখুৱাবলৈ আহিছিল। দাম কিমান সোধাত ক’লে, ‘হওঁতে দুশ টকাই খুজিছিল, মই ‘কোশ্চেন’ কৰি কৰি ডেৰশলৈ নমালো’। তেওঁ ক'ব খুজিছিল বার্গেন, হ’লগৈ কোশ্চেন।

বাকীছোৱা জীৱন /৩১৫