পৃষ্ঠা:অনিমা গুহ.pdf/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নির্যাতিত হৈ মৰে’। তেওঁৰ কথা মই শতকৰা এশ ভাগেই মানি লৈছো। পিতৃতান্ত্রিক সমাজখনৰ নীতি-নিয়মবোৰ সঁচাকৈয়ে জটলগা। আমাৰে নহয়, আমেৰিকাৰ কিছুমান তুলনামূলকভাৱে পিছপৰা অঞ্চলৰ ৰাইজো নীতি-নিয়ম সম্পর্কে সজাগ। এনে এখন ৰাজ্য দক্ষিণৰ আৰাকানছাছ। বিল ক্লিনটন বর্তমানে নিউয়ৰ্ক ৰাজ্যত থাকে যদিও তেওঁৰ মূল ঘৰ আৰাকানছাছত। প্ৰেছিডেণ্ট হোৱাৰ আগতে তেওঁ কেইবাবাৰো আৰাকানছাছৰ গৱৰ্ণৰ পদৰ বাবে নিৰ্বাচিত হয়। হিলাৰীৰ লগত বিয়া হোৱাৰ পাছত নিৰ্বাচনত এবাৰ তেওঁ পৰাজিত হৈছিল। কাৰণটো আছিল হিলাৰী। তেতিয়ালৈকে স্বামীৰ উপাধি তেওঁ গ্ৰহণ কৰা নাছিল। পৰাজিত হোৱাৰ পাছত জনা গ'ল স্বামীৰ উপাধি নোলোৱা ঘোৰ নাৰীবাদীক বিয়া কৰোৱা ব্যক্তি যিমানে উপযুক্ত নহওক ৰাইজক নালাগে! তেতিয়াৰে পৰা হিলাৰীয়ে নামৰ পাছত পূৰ্বৰ উপাধি ৰোধামৰ নেগুৰত ক্লিনটনকো আৰি লৈছে। ফলত পিছৰবাৰ গৱৰ্ণৰতো হ’লেই এটা সময়ত প্ৰেছিডেণ্টো হ’ল দুটা টাৰ্মৰ বাবে। আমেৰিকাত প্ৰেছিডেণ্টে দুবাৰতকৈ অধিক টাৰ্মৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰা নিয়ম বর্তমানে নাই।

 আমাৰ মিলনসভাখনলৈ উভতি যাওঁ৷ সাধাৰণতে কটন কলেজৰ ছাত্ৰ-ছাত্ৰী জীৱনত সফল হয়েই। সিদিনা একেলগ হোৱাসকলৰ মাজত আছিল স্কুল-কলেজ-বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা কৃতী শিক্ষক-অধ্যাপক-গৱেষক, আছিল উচ্চ পদস্থ প্রশাসনিক বিষয়া, চাহ উদ্যোগৰ কৰ্ম-কৰ্তা, মীনপালন বিভাগৰ শিক্ষা সংক্রান্ত অনুষ্ঠানৰ অধ্যক্ষ, মহানগৰ উন্নয়ন প্রকল্পৰ বিশেষজ্ঞ আৰু লেখিকা। একমাত্র লেখিকাসকলৰ বাহিৰে বাকী আটায়ে আছিল অৱসৰপ্ৰাপ্ত। সিদিনা কোনেও কাৰো কৰ্মজীৱনত কিমান উন্নতি কৰিলে জানিবলৈ আগ্রহী নাছিল। এক মধুৰ আবেগে আমাক আপ্লুত কৰি ৰাখিছিল।

 সিদিনাৰ স্মৃতি স্মৰণীয় কৰি ৰাখিবলৈ ফটো তোলাৰ ব্যৱস্থা কৰি থৈছিল ভুবনে। আমি তেওঁলোকৰ ছাদলৈ গৈছিলো ফটোগ্ৰাফাৰজন অহাৰ পাছত। ভুবনৰ পত্নী ড° মঞ্জুমালা দাস এগৰাকী সুৰুচিসম্পন্না মহিলা। ছাদত গঢ়ি তুলিছে এখন অপূর্ব ফুলনি। আমাৰ মনবোৰৰ দৰে সিদিনা বতৰটোও আছিল বন্ধুভাবাপন্ন। নাতিশীতোষ্ণ।

 মঞ্জুমালাৰ গুণৰ অন্ত নাই। তেওঁ সন্দিকৈ কলেজৰ অধ্যাপিকা, সুকণ্ঠী আবৃত্তিকাৰ আৰু অতি ওখখাপৰ ৰান্ধনীও। নানা ধৰণৰ exotic খাদ্য নিজহাতেৰে তৈয়াৰ কৰি আমাক আপ্যায়িত কৰাই নহয় নিজে আঁতৰি থাকি সাতচল্লিশ বছৰ পাছত একেলগ হোৱা সহপাঠীসকলক আড্ডা মাৰিবলৈ সুযোগ দিছিল। সিদিনা সিদ্ধান্ত লৈছিলো যে প্রতিমাহতে নহ'লেও মাজে মাজে আমি লগ হ'ম। নির্মল আনন্দৰ সোৱাদ কাক

বাকীছোৱা জীৱন /৩১৩