পৃষ্ঠা:অনিমা গুহ.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা নাছিলো তেওঁলোকেই এতিয়া হাতত মোনাখন লৈ হাট-বজাৰ কৰো, ৰন্ধন গেছৰ বাবে শাৰী পাতো, বিজুলী-ফোন আদিৰ বিল দাখিল কৰো, ঠেলা-হেঁচা কৰি পাব্লিক বাছত ঘূৰি ফুৰো। আমাৰ বাহিৰে কোনো এটা যুগৰ মানুহে নিজৰ জীৱনকালত ইমান দ্রুত গতিত সামাজিক পৰিবৰ্তন দেখা নাই।

 চল্লিশ-পঞ্চাশৰ দশকত কলেজত পঢ়া সহপাঠীসকলৰ কথা উলিয়াইছিলো, অবাধ্য কলমে বেলেগ বাটেৰে এপাক ঘূৰাই আনিলে। ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বাঘ-ছাগলী সম্পৰ্কটো বি এছ চি ক্লাছত শিথিল হ’বলৈ ধৰিছিল, বিশেষকৈ প্রেকটিকেল ক্লাছত। ধীৰে ধীৰে নিৰ্ভেজাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল পৰস্পৰৰ মাজত। তাৰ পাছত এদিন কলেজৰ পৰা পাছ কৰি ওলাই সকলোৱে জীৱন যুদ্ধত ব্যস্ত হৈ পৰিলো । বন্ধু-বান্ধৱীৰে যোগাযোগ বিচ্ছিন্ন হ’বলৈ ধৰিলে। আজিৰ দৰে ম'বাইল ফোন, ফেচবুক, ইণ্টাৰনেট, ই-মেইল আদি যোগাযোগৰ মাধ্যম থকা হ'লে হয়তো চকুৰ বাহিৰে হ’লে মনৰো বাহিৰ হ’বলগীয়া অৱস্থা নহ'লহেঁতেন।

 কিন্তু এহো বাহ্য। সঁচা অৰ্থত মনৰ বাহিৰলৈ যে যোৱা নাছিল তাক উপলব্ধি কৰিলো ব্যস্ততাৰে ভৰা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত। বহু বছৰ অসমৰ বাহিৰত কটাই যোৱা শতিকাৰ নব্বৈৰ দশকত গুৱাহাটীলৈ স্থায়ীভাৱে আহি প্ৰথমতে কিয় মনত পৰিল সহপাঠীসকললৈ? মনৰ কোনোবা কোণত আছিল বাবেহে। সকলোকে একেলগে লগ পাবলৈ মনটো ব্যাকুল হৈ পৰিছিল। এনেতে এখন বিয়াত হঠাতে লগ পালো ভুবনক। ভুবন হ’ল খ্যাতনামা নৃতত্ত্ববিদ ড° ভুবনমোহন দাস, যাৰ খ্যাতি ভুবনজোৰা। তেওঁক মই চেমিনাৰ-কনফাৰেন্স আদিত দিল্লী-কলকাতাত মাজে মাজে লগ পাইছিলো, কনফাৰেন্স আদিৰ সভাপতি বা মুখ্য আলোচক হিচাপে। দিল্লীত অনুষ্ঠিত আন্তর্জাতিক নৃতাত্ত্বিক কনফাৰেন্সত তেওঁ পৰিচালনা কৰা চেমিনাৰত মই গৱেষণাপত্ৰ এখন পাঠ কৰিছিলো। পিছে তেনে পৰিস্থিতিত তেওঁক বন্ধু হিচাপে পোৱা সম্ভৱ নাছিল। তাৰে মাজত অৱশ্যে এদিন সময় ওলাইছিল। কনফাৰেন্সত যোগদানকাৰী দেশ-বিদেশৰ প্ৰতিনিধিসকলক দিল্লী দৰ্শন কৰাবলৈ কেইবাখনো বিলাসী গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। তাৰে এখনত ভুবনৰ সহযাত্ৰী হৈছিলো ‘ক্লাছফ্ৰেণ্ড’ হিচাপে।

 যি কি নহওক, বিয়া ঘৰত তেওঁক জোৰ দি ক’লো পুৰণি সহপাঠীসকলক যেনে-তেনে একেলগ কৰিবলৈ। ফলত কেইদিনমানৰ ভিতৰতে ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা আবেলি আমি এক ডজন প্রাক্তন কটনিয়ান সহপাঠী বন্ধু সমবেত হ’লো ভুবনৰ

বাকীছোৱা জীৱন /৩১১