পৃষ্ঠা:অনিমা গুহ.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকক লগ পাবলৈ মনটো অস্থিৰ হৈ উঠিছিল। আহিয়ে শুনিছিলো আমাৰ ক্লাছৰ আটাইতকৈ ৰসিক ছাত্ৰ নৰেন গোস্বামী নাই। গতিকে বাকী ঘনিষ্ঠকেইজনমানক পাবলৈ মনটো ব্যাকুল হোৱা স্বাভাৱিক।

 আমাৰ জমানাৰ (১৯৪৭ চন) নিয়মমতে কলেজৰ প্ৰথম দুটা বছৰ ছাত্ৰসকলৰ লগত বাক-বিনিময় কৰাত বাধা আছিল, যেন তেওঁলোক বাঘ আৰু আমি ছাগলী। অৱশ্যে বাঘ-ছাগলী সম্পৰ্কটোৰ আঁৰত কিছুমান কাৰণ নথকা নহয়। আমি নাম লগোৱাৰ কেইবছৰমান পাছলৈকে সহশিক্ষাৰ প্ৰচলন থকা কলেজতো ছাত্ৰ আৰু ছাত্ৰীয়ে পৰস্পৰৰ সৈতে বন্ধুত্ব কৰা দূৰৈৰ কথা বাক-বিনিময় কৰাৰো পৰিবেশ নাছিল। সেই সময়ত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা আছিল মুষ্টিমেয়। সমাজৰ অধিকাংশই আছিল ৰক্ষণশীল। আমাৰ তিনিশজনীয়া ক্লাছটোত ছোৱালীৰ সংখ্যা আছিল তেৰজনী। আজি ভাবিলে হাঁহি উঠে ছাৰহঁত ক্লাছত সোমোৱাৰ পাছতহে আমি ক্লাছত সোমাইছিলো আৰু তেওঁ ওলোৱাৰ আগত ওলাইছিলো। পিছে কেতিয়াবা দুই-এগৰাকী ছাৰৰ আচৰণহে আছিল বাঘৰ দৰে, ছাত্ৰৰ নহয়। আমাৰ সমাজত তেতিয়াৰ যুগত সহজভাৱে ল’ৰা-ছোৱালীৰ মাজত মিলা-মিচা কৰাৰ ৰীতি নথকাবাবেই নিয়মটো মানি লৈছিলো। ঘৰতো আত্মীয়-স্বজনৰ বা ঘৰুৱা বন্ধু-বান্ধৱৰ ল’ৰাৰ বাহিৰে আন কোনো ল’ৰাৰ লগত কথা কোৱা নাছিলো! যি কি নহওক সহশিক্ষাৰ কলেজত পঢ়িলেও আমি লগৰ ছোৱালীবোৰৰ লগতে কথা পাতিছিলো আৰু অফ্পি ৰিয়ডত সন্দিকৈ কলেজলৈ গৈ সেইখন কলেজৰ ছোৱালীৰ সৈতে আড্ডা মাৰিছিলো। পাণবজাৰত মাজে সময়ে পাক এটা মৰাও আমাৰ ৰুটিনৰ অন্তৰ্ভুক্ত আছিল। জামাতুল্লাত কোল্ড ড্রিংক, শ্বেখ ব্রাদাৰ্ছত কেক আৰু গুৱাহাটী ডায়েৰীত মিঠাই খোৱা আছিল আমাৰ নিচা।

 আজিৰ ছোৱালীবোৰে মুকলিমূৰীয়া হৈ অকলেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰে। আজিৰে পৰা যাঠি-সত্তৰ বছৰ আগতে খাটি খোৱা মেহনতী মহিলা বাহিৰলৈ ওলালেও তথাকথিত ‘ভদ্র’ পৰিয়ালৰ মহিলাই প্ৰয়োজনত লগ এটা লৈহে ওলাইছিল। মনত আছে আমাৰ মা-খুৰীহঁত দিনৰ পাছত দিন ধৰি ঘৰৰ চাৰিবেৰৰ মাজতে কটাইছিল। কেতিয়াবা ইঘৰ-সিঘৰলৈ যাবলগীয়া হ'লে ওৰণি-চৰণি লৈ আগে-পিছে দুটা ‘দেহৰক্ষী’ লৈহে গৈছিল। যোৱা যাঠি-সত্তৰ বছৰৰ ভিতৰতে দ্ৰুত গতিত সামাজিক পৰিবৰ্তন হোৱা দেখিলো। বৈপ্লৱিক পৰিবৰ্তন বুলিয়ে ক’ব পাৰি। বৰ্তমান যুগত এতিয়াৰ ছোৱালীৰ কথা বাদেই, আমি যিসকলে এসময়ত বাহিৰৰ কাম কৰাৰ কথা ভাবিব

বাকীছোৱা জীৱন/৩০৯