পৃষ্ঠা:অনিমা গুহ.pdf/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংস্কাৰে নিজৰ, দহৰ আৰু সমাজৰ ক্ষতি কৰে দেশৰ শান্তি বিঘ্নিত কৰে আৰু প্ৰগতিৰ পথ বন্ধ কৰে সেইবোৰক কোৱা হয় কুসংস্কাৰ। প্ৰকৃত শিক্ষাই মানুহক যুক্তিবাদী কৰে। আজিৰ যুগ বিজ্ঞানৰ যুগ, বিজ্ঞানমনস্কতাৰ যুগ। কিন্তু দেখি হতাশ হৈছো শিক্ষিত পুৰুষ-নাৰীৰ মানসিকতাও সম্পূৰ্ণভাৱে অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত হ’ব পৰা নাই। আদিম মানৱ-মানৱীৰ দৰে অজান আশংকাত ভুগি নিৰাপত্তাৰ বাবে জ্যোতিষী, ঈশ্বৰপুৰুষ, বাবাজীসকলৰ শৰণাপন্ন হৈছে। আঙুলিবোৰত ধাৰণ কৰিছে হৰেক ৰকমৰ পাথৰ, বাহুত ওলোমাইছে মাদলি, মণিবন্ধনত মেৰিয়াই লৈছে মন্ত্ৰস্নাত নানাৰঙী সূতা।

 আজিৰ ৰাজনীতিকসকলৰ অলৌকিক শক্তিৰ ওপৰত অগাধ বিশ্বাস। নিৰ্বাচনৰ আগত আৰু ভোট গণনাৰ সময়ত তেওঁলোকৰ অনেকে হিন্দু-মুছলমান-খ্ৰীষ্টান-শিখ কোনো ঈশ্বৰকে বাদ নিদিয়ে। গাদী হেৰোৱাৰ ভয়ত বা গাদী দখলৰ আশাত সাধু-সন্ন্যাসী, নাঙঠ বাবা আনকি ভূত-প্ৰেত-বীৰাৰ আশ্ৰয় লোৱা দেখি তবধ মানিছো। মাজে মাজে সভ্যতাৰ কলংক নাঙঠ বাবাৰ আগমন ঘটে। বাটে বাটে সেই অসভ্যটোক পূজা কৰি কৰি চেলা-চামুণ্ডাসকলে সমদল উলিয়ায়। সাধাৰণ মানুহ উলংগ হৈ বাটে বাটে ঘূৰি ফুৰিলে তৎক্ষণাত পুলিচে ধৰিব, কিন্তু নাঙঠ বাবা নামৰ কলংকটোক সমাজৰ নামী-দামী মানুহে পূজাহে কৰে। ডিজগাষ্টিং।

 জৱাহৰলাল নেহৰু কেতিয়াবা সাধু-সন্ন্যাসীৰ শৰণাপন্ন হোৱা বুলি শুনা নাই, কিন্তু তেওঁৰ কন্যা ইন্দিৰা গান্ধী আছিল চন্দ্ৰস্বামীৰ ভক্ত৷ নৰসিংহ ৰাৱো একেজনাৰে শৰণাপন্ন হৈছিল। এবাৰ লোকসভা নিৰ্বাচনৰ আগত অটলবিহাৰী বাজপেয়ীক টিভিত দেখিছিলো সাইবাবাৰ কাষত।ৰাজনীতিকসকলৰ কোনে কাৰ শিষ্যত্ব গ্ৰহণ কৰিছে তাৰ এখন তালিকা পাইছিলো তেহেলকা নামৰ আলোচনীত। এবাৰ জনতা ভৱনত এগৰাকী কেবিনেট মন্ত্ৰীৰ ওচৰলৈ যাবলগীয়া হৈছিলো। মই তেওঁৰ হাতৰ আঠোটা আঙুলিত আঠবিধ পাথৰৰ আঙঠি দেখি তাজ্জব! হাফ চাৰ্টৰ হাতৰ তলেৰে বাহুত দেখিছিলো একাধিক তাবিজ-মাদলি। ইমানৰ পাছতো তেওঁ যোৱা বিধানসভা নিৰ্বাচনত (২০১১) মন্ত্ৰীৰ গাদীখনত উপৱিষ্ট হ'ব নোৱাৰিলে।

 মোৰ দীঘলীয়া জীৱনটোত যুগৰ পৰিবৰ্তন হোৱা দেখি আছো। এটা সময়ত যেতিয়া আজিৰ দৰে বিজ্ঞান-প্ৰযুক্তিবিদ্যা ইত্যাদিয়ে আকাশলংঘী উন্নতি কৰা নাছিল তেতিয়া কিন্তু শিক্ষিত মানুহৰ পৰিবেশ আছিল অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত। তেওঁলোক আছিল ৰেশ্বনেল। আমাৰ দেউতাহঁতৰ সময়ত শিক্ষিত শ্ৰেণীটো

বাকীছোৱা জীৱন /৩০৭