পৃষ্ঠা:অনিমা গুহ.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুলিও কয়। হাস্পতালত ভৰ্তি হোৱাৰ আগতে চিন্তা হ’ল যদি এই যাত্ৰাত মোৰ পঞ্চত্বপ্রাপ্তি ঘটে তেনেহ'লে মোক দাহ কৰিবলৈ গৃহস্থই টকা যোগাৰ কৰিব কেনেকৈ। তদুপৰি বজাৰ-সমাৰৰ বাবেও টকা লাগিল, মোক হাস্পতালৰ পৰা এৰুৱাই অনাৰ খৰচ ইত্যাদি লাগিল। সাতে-পাঁচে চিন্তা কৰি বেংকলৈ গৈ কিছু টকা তুলি আনিলো। তাৰ পাছত বেলেগ বেলেগ শিতানত যেনে – বজাৰ, হাস্পতাল, দৰব, শ্মশানযাত্রা, শ্রাদ্ধ, incidental expenditure ইত্যাদি – টকা ভাগ কৰি বেলেগ বেলেগ খামত ভৰাই এওঁক দেখুৱাই আলমাৰিত থৈছিলো। হাস্পতালৰ পৰা সুস্থ হৈ অহাৰ পাছত গৃহস্থই খামকেইখন ঘূৰাই দিলে। এই কেইদিনত কোন শিতানত কিমান খৰচ হ’ল চাবলৈ গৈ মই হতভম্ব। শ্মশানৰ খামত ভালেখিনি টকা কম, বজাৰৰ খামৰ পৰা এটা ফুটাকড়িও খৰচ হোৱা নাই। তাৰ মানে বতাহ খাই আছিল নেকি? তাৰ পাছত মূৰ ঠাণ্ডা কৰি বুজিলো শ্মশানৰ টকা খৰচ কৰি বজাৰ কৰিছে, শ্ৰাদ্ধৰ পেকেটটোৰ পৰা হাস্পতালৰ খৰচ উলিয়াইছে। অকলে অকলে হাঁহিলো। মনত পৰিলে আজিও হাঁহো।

 এতিয়া অৱশ্যে শ্মশানৰ চিন্তা নাই, কিয়নো ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি মৰণোত্তৰ দেহ-দান কৰা হৈছে। শ্ৰাদ্ধৰ চিন্তাও নাই। আগতেও অৱশ্যে শ্রাদ্ধৰ কথা ভবা নাছিলো, কাৰণ বিশ্বাস নাই। কিন্তু স্মৃতিসভা এখন পাতি এসাঁজ খুৱাবলৈ ঘৰত কোৱা আছে।

 আমাৰ ভাগিন বোৱাৰীৰ আইতাক বৰ দূৰদৰ্শী। তেওঁ প্ৰায় একডজন সন্তানৰ মাক। তথাপিতো তেওঁ নিজৰ শৱ সৎকাৰৰ পৰা বছৰেকীয়া শ্ৰাদ্ধলৈ সকলো ব্যৱস্থা কৰি থৈছে। শটো বান্ধি নিবলৈ প্ৰয়োজনীয় ঢাৰিকেইখনমানো কিনি আটালত তুলি থ’বলৈ পাহৰা নাই। এওঁতকৈ একোব চৰা আমাৰ ভাগিন এজন। তেওঁ নিজৰ শ্ৰাদ্ধ হৰিদ্বাৰলৈ গৈ নিজে কৰি লেঠা মাৰি থৈছে। জীৱিতাৱস্থাতে শ্রাদ্ধ কৰিব পৰা যায় প্রথম শুনিলো। যি কি নহওক, এই শ্ৰেণীৰ মানুহক কিছুমানে ক’ব দূৰদৰ্শী, কিছুমানৰ ধাৰণাত মগজুৰ নাট-বল্টু ঢিলা।

 আমি সীমিত আয়ৰ মানুহ। আমাৰ আকালো নাই, ভঁৰালো নাই। তাৰে মাজত গৃহস্থই সাধ্যমতে মানুহক সহায় কৰে, কেতিয়াবা ধাৰলৈ দিয়ে। মজাৰ কথা ঘৰটোৰ কিবা এটা মেৰামতি কৰিবলগীয়া হোৱাত অলপ টকাৰ বাবে হাত পাতিছিলো। উত্তৰ শুনি তবধ মানিছিলো। ক’লে ফিক্সড ডিপ’জিটৰ পৰা ঋণ ল'বলৈ! শতকৰা কিবা এটা হাৰত সুতৰ বিনিময়ত ঋণেই লৈছিলো। প্ৰণৱজ্যোতিয়ে ঠিকেই কৈছে উন্নত

বাকীছোৱা জীৱন / ৩০৫