পৃষ্ঠা:অনিমা গুহ.pdf/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চুইট হোম। মই সদায় ভাবো বেংকত জয়েন্ট একাউণ্ট কৰাৰ দৰে ঘৰৰ মালিকীস্বত্ত্বও পতি-পত্নী দুয়োৰে হোৱা উচিত। গৃহিণীৰ অৱস্থা Stateless মানুহৰ দৰে।

 যি কি নহওক আকৌ সংসাৰৰ ঘানি ঘূৰাব লাগিব বাবে হাস্পতালৰপৰা আহিবৰ দিনা মনটো অলপ গধুৰ হোৱা যেন লাগিছিল। এইবোৰ কথা এফলীয়াকৈ ৰাখি ৰিপেয়াৰ কৰিবলৈ দিয়া ম'বাইলৰ প্ৰসংগলৈ আহো। সাহায্যকাৰী ল’ৰাজনে কৈছিল গৃহস্থৰ হাতৰপৰা পৰি গৈ ফোনটো বেয়া হৈছে আৰু মেৰামত কৰিবলৈ অংকুৰে লৈ গৈছে। ময়ো সেই আশাত কেইবাদিন কটালো। এদিন কলকতীয়া বিয়ৈৰ লগত লেণ্ড লাইনত কথা পাতোতে কথা প্ৰসংগত আমাৰ ম'বাইল বিপৰ্যয়ৰ কাহিনীটো উত্থাপন কৰিছিলো। তেওঁ সিটো মূৰত ঢেক্ঢেকাই হাঁহিবলৈ ধৰিলে। মোৰ ফোনটো কাৰো হাতৰ পৰা সৰি পৰা নাই, হস্তান্তৰিতহে হৈছে। মোৰ বাহিৰে সকলোৱে জানে মই হাস্পতাললৈ যোৱাৰ পিছদিনাই বস্তুটো বেলেগৰ পকেটলৈ গ'ল। মোৰ দেওৰ এজনে ক’লে, ‘বৌদি, চিন্তা নকৰিব। দাদাক যে কোনেও চুৰি কৰা নাই এয়েই ভাগ্য।'

 আমাৰ সাহায্যকাৰী ল'ৰাজন আছিল বৰ টেঙৰ। সি আহিবৰ দিনৰে পৰা আমাক অধ্যয়ন কৰি উপলব্ধি কৰিছিল যে আতা (গৃহস্থ) মানুহজন সহজ-সৰল হোলাৰ ভাই মোলা ৷ কিতাপ আৰু কাগজ-কলমৰ বাহিৰে একো নাজানে। আবুৰ মূৰৰ চাৰিওফালে চাৰিটা চকু। মই হাস্পতাললৈ যোৱাৰ পিছদিনাই সি ম'বাইলটো সৰকালে বুলি মোৰ বিশ্বাস। সি ধুৰন্ধৰে ফোনটো নোহোৱা হোৱাৰ লগে লগে ওচৰ-চুবুৰীয়াৰ ঘৰে ঘৰে বাতৰিটো দি আহিছে। তেওঁলোকেও সন্দেহ কৰিছিল সিয়ে উঠোৱা বুলি। বিশ্বাস কৰা নাই কেৱল আতাকে। ময়ো অৱশ্যে প্ৰথমতে ভবা নাছিলো। পিছে দিন দুপৰীয়া দহ বজাত শোৱা কোঠাত বাহিৰৰ কোনো চোৰ সোমাব নোৱাৰে, কেৱল এটা ফোনৰ বাবে। তাৰ মতি-গতি, সাজ-পাৰ, চাল-চলন দেখি বহুতে মোক ৱাৰ্নি দিছিল যে এদিন সি আমাৰ সৰ্বনাশ ঘটাব। সি হাতত পিন্ধিছিল শকত শকত খাৰু, এখন কাণত আৰু ডিঙিত পিন্ধিছিল বিচিত্র অলংকাৰ। ৰাতি দুপৰলৈ নিজৰ কোঠা বন্ধ কৰি নিচাযুক্ত কিবা খাইছিল। পুৱা ন বজালৈ শুই থকা ল’ৰাটোক জগাবলৈ ঢাক-ঢোল বজাবলগীয়া অৱস্থা হৈছিল। সৰু ল’ৰা বাবে তাক আমি প্ৰথমতে বৰ মৰম কৰিছিলো। বৃত্তিমূলক কিবা শিক্ষা দিয়াৰ চিন্তাও গৃহস্থই কৰিছিল। কিন্তু সি আছিল এটা বিহৰ গুটি। তাৰ প্ৰতি থকা আমাৰ মৰমক দুর্বলতা বুলি ভাবি আমাক ব্লেক মেইলিং কৰিবলৈ আৰম্ভ কৰিছিল। অতিষ্ঠ হৈ এদিন তাৰ লগত সম্পর্ক বিচ্ছিন্ন কৰিলো।

 আমাৰ ঘৰত বহু ইন্টাৰেষ্টিং ঘটনা ঘটে। যাৰ বাবে কিছুমানে মূৰৰ বিকৃতি ঘটা

৩০৪/ বাকীছোৱা জীৱন