পৃষ্ঠা:অনিমা গুহ.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মীয়। পলিক্লিনিকত এক মুহূৰ্তৰ বাবেও অকলশৰীয়া হৈ থকা নাছিলো। প্ৰথম দুনিশা পৰ দিছিল ৰিপুঞ্জয় আৰু খাইৰুলে। ইছমাইল হোছেইনে পঠাই দিছিল কেইবাজন ছাত্ৰক ৰাতি পৰ দিবলৈ। মই সঁচাকৈয়ে আবেগিক হৈ পৰিছিলো। মই ভাগ্যৱতী, মোৰ কাষত থিয় দিবলৈ কিমান মানুহ।

 প্ৰথম দিনাই ডাক্তৰ-ছিছটাৰসকলৰ মাজত জনাজাত হৈছিল যে মই লিখো। লেখকসকল যে ইমান জনপ্ৰিয় হ'ব পাৰে সিদিনা গম পাইছিলো। সেই আঠদিনতে ইমান ঘনিষ্ঠতা হৈছিল বিশেষকৈ ছিছটাৰসকলৰ লগত যে আহিবৰ দিনা কোনোবা পৰমাত্মীয়ক এৰি থৈ অহা যেন লাগিছিল।

 মোৰ কোঠাটো আছিল আড্ডাখানাৰ দৰে। পুৱাৰে পৰা হৈছিল জনসমাগম। দুদিনমান কটোৱাৰ পাছত মই ৰুটিন কৰি দিছিলো সদায় অহাসকল কোন কেতিয়া আহিব। ৰাতিপুৱা আঠ বজাত পুৱাৰ আহাৰ লৈ আহিছিল ভনী আৰতি। দুপৰীয়া কেণ্টিনৰ পৰা অনা মাছে-ভাতে দুয়ো বাই-ভনীয়ে খাই অলপ জিৰণি লোৱাৰ পাছত ৰুটিনমতে আহিছিল ভতিজী বুলা, ভতিজা বোৱাৰী মুক্তি কৃষ্ণা সাবিত্ৰী, ভাইবোৱাৰী ৰীণা, নাতিবোৱাৰী ৰুমা, পুত্ৰ জীউৰে সৈতে ভাগিন মিমি, পিউ, ভাগিন জোঁৱাই নৰেন মেহৰা ইত্যাদি। আবেলি-গধূলি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, মঞ্জুলা শৰ্মা, অনিমা গগৈ, ঋতুৰাজ কলিতা, তোষপ্ৰভা কলিতা, জুনু বৰা, নৰেন বৰা, ডাঃ যোগেন ভূঞা, ডাঃ দীপক ভূঞা কোন যে অহা নাছিল। প্ৰত্যেকে হাতত অনা ফল-মিঠাইৰ টোপোলা ৰাখিবলৈ ঠাইৰ অভাৱ হৈছিল। তাৰে মাজতে দুদিন টিফিন কেৰিয়াৰ ভৰাই দুপৰীয়াৰ আহাৰ পঠাইছিল দলিত অসমৰ স্বত্বাধিকাৰী গিৰীন্দ্ৰ নাথ কাৰ্জিয়ে লখিমী হোটেলৰ পৰা। কি ডাঙৰ ডাঙৰ মাছৰ টুকুৰা! আৰতিয়ে ময়ে খাওঁ আৰু কওঁ হাস্পতাললৈ চিকিৎসা কৰিবলৈ আহিছো নে ফুৰিবলৈ আহি হোটেলত আছো! উস্‌ কি আৰাম! মোৰ পৰিচৰ্যা কৰিবলৈ ভাগিন কৌশিকে আয়া এগৰাকী ঠিক কৰি দি গৈছিল। পেছমেকাৰ সংস্থাপন কৰাৰ পাছত হৃদপিণ্ডটো বোধকৰো সাৱলীল গতিত চলি আছিল। বেটাৰী চালিত হৃদপিণ্ড। অৱশ্যে যেতিয়া নিজৰ হৃদপিণ্ডটো নচলে তেতিয়া বেটাৰীয়ে চলায়।

 মোক কোনোবা ডাক্তৰী নপঢ়াকৈ ডাক্তৰ হোৱা ‘চবজান্তা' মানুহে কৈছিল যে লাইটৰ চুইচবোৰ চুব নোৱাৰিম। ম'বাইল ব্যৱহাৰো এৰিব লাগিব। ম'বাইলৰ লগত ইমান ঘনিষ্ঠ সম্পৰ্ক হৈছিল যে তাক ত্যাগ কৰা যথেষ্ট কষ্টকৰ। কিন্তু গধূলি লাইট জ্বলাবলৈ বা নুমাবলৈ মোৰ পিছে পিছে ঘূৰিব কোনে? ডাঃ জি বসুমতাৰী আছিল

৩০২/ বাকীছোৱা জীৱন