পৃষ্ঠা:অনিমা গুহ.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেইবছৰে তেওঁৰ ফিমাৰ নামৰ ভৰিৰ হাড়ডাল ভগা বাবে চিকিৎসাৰ বাবদ হাস্পতালৰ পৰা শকত অংকৰ বিল এখন পালো। বীমা থাকিলেও প্ৰায় আধামান টকা নিজৰ পৰা ভৰিবলগীয়া হৈছিল। আমাৰ পুত্ৰসম বীমা কোম্পানীৰ বিষয়া তথা গল্পকাৰ প্ৰণৱজ্যোতি ডেকাই আচৰিত হৈ সুধিছিলে কিয় বীমাৰ অংক কমালো। সকলো শুনি তেওঁ কৈছিল পণ্ডিত ব্যক্তিসকলৰ মগজুৰ এটা অংশ অতি উন্নত, আন এটা তাৰ ওলোটা। উল্লেখযোগ্য যে প্ৰণৱ চিন্তাশীল বুদ্ধিজীৱী সমালোচক শশী শৰ্মাদেৱৰ জোঁৱায়েক। এটা ফাল অনুন্নত মগজুৰ ধাৰকৰ লগত আলোচনা কৰা বৃথা বুলি ভাবি নিজৰ সিদ্ধান্ত মতে বীমাৰ অংকৰ পৰিমাণ বৰ্তমানে কিছু বঢ়াই দিলো।


ইটো সিটো কথাৰে

 বৰ্তমান যুগত চিকিৎসা শাস্ত্ৰৰ ইমান উন্নতি হৈছে যে মানুহৰ সহজতে মৃত্যু নহয়। মোৰ ধাৰণা উন্নত চিকিৎসা ব্যৱস্থাৰ আটাইতকৈ বেয়া দিশটো হ’ল লাইফ চাপ'ৰ্ট ছিচটেম বা ভেণ্টিলেটাৰৰ ব্যৱস্থা। এই ব্যৱস্থাই মানুহক স্বাভাৱিক উপায়ে মৰিবলৈ নিদিয়ে। গৃহস্থই এটা সময়ত কৈ থৈছিল তেওঁক যেন ভেণ্টিলেটৰত ভৰাই জীয়াই ৰখা নহয়। ময়ো নিবিচাৰো সেইদৰে জীয়াই থাকিবলৈ। কিন্তু হাস্পতাললৈ গ’লে চিকিৎসা কৰিবলৈ ডাক্তৰসকলে প্ৰয়োজনত সেই বস্তুটো ব্যৱহাৰ কৰিবই। ভাবি ভয় লাগি গ'ল।

 সাধাৰণতে আমি আৰ্য হাস্পতাললৈ যাওঁ। মই হাস্পতালৰ মেনেজিং ডাইৰেক্টৰ ডাঃ বিজয়া গোস্বামীক লিখিতভাৱে অনুৰোধ কৰিলো যে আমাৰ দুয়োৰে যথেষ্ট বয়স হৈছে, এনে অৱস্থাত আমাৰ পৰমায়ু বঢ়াবলৈ ভেন্টিলেটাৰ ব্যৱহাৰ কৰা যেন নহয়। বিজয়া গোস্বামী যুক্তিবাদী। তেওঁ মোৰ প্ৰস্তাৱক সমৰ্থন কৰি ক’লে তেওঁ ষাঠি বছৰৰ ডেওনা পাৰ হ’লে ভেণ্টিলেটাৰ ব্যৱহাৰ নকৰে। মই পিছে তেওঁক সমৰ্থন নকৰিলো। আজিৰ যুগত যাঠি বছৰত মানুহ ডেকা হৈয়ে থাকে।

 আমাৰ গৃহস্থৰ আকৌ ঘৰতে শেষ নিশ্বাস পেলোৱাৰ ইচ্ছা। এদিন হঠাতে তেওঁৰ সাংঘাতিকভাৱে মূৰ ঘূৰালে। তেওঁৰ ভয় হ’ল হাস্পতাললৈ নিওঁ বুলি। আতংকিত হৈ অস্থিৰভাৱে ক'বলৈ ধৰিলে হাস্পতাললৈ নিনিবলৈ — ‘ঘৰতে মৰিবলৈ দিয়া'। পিছে নৰিয়াত পৰিলে নিজৰ দেহাটোৰ ওপৰত নিজৰ অধিকাৰ নাথাকে।

 এম আৰ আই কৰোৱা চিকিৎসা শাস্ত্ৰৰ এটা অতি উন্নত ব্যৱস্থা। মই নিজে কৰি

৩০০/ বাকীছোৱা জীৱন