পৃষ্ঠা:অনিমা গুহ.pdf/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দায়িত্ব জাপি দিলে। আজিকালি ল’ৰাবোৰেও ঘৰুৱা কামত সহায় কৰে। তেতিয়াৰ দিনত কৰাৰ ৰীতি নাছিল। মোৰ লগত আলোচনা কৰা উচিত আছিল তেওঁলোকৰ। নে তেওঁলোকে মোক এইখন ঘৰৰ কাম কৰা মানুহ বুলি ধৰি লৈছিল। মোৰ আধালিখা থিছিছখন তেতিয়া ধোঁৱা-চাঙত। যি কি নহওক, ল’ৰাটো আহিল। ৰাতিপুৱা উঠি কয়লাৰ চৌকা জ্বলাইছিলো চকুপানী টুকি। আজি মই ভাবিব নোৱাৰো কেনেকৈ কামবোৰ কৰি মেলি ভিৰ বাছেৰে জয়ক অনা-নিয়া কৰিছিলো। মই স্বীকাৰ কৰো ইয়াৰ পাছত আত্মীয় ঘৰৰ লগত আৰু পঢ়িবলৈ অহা ল'ৰাজনৰ লগত মোৰ আন্তৰিকভাৱে সুসম্পৰ্ক গঢ়ি নুঠিল। গৃহস্থৰ ওপৰতো খং নুঠা বুলি নকওঁ। মোৰ অনুমতি নোলোৱাকৈ আৰু মোৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে এই সিদ্ধান্তলৈ অহা বাবে মই অত্যন্ত অপমানিত বোধ কৰিছিলো। বিশেষকৈ আত্মীয়সকলে মোৰ ওপৰত চৰ্দাৰী কৰা বাবে তেওঁলোকক কোনো দিনে ক্ষমা কৰিব পৰা নাই। তেওঁলোকৰ লগত এটা শীতল সম্পৰ্ক থাকি গ'ল। দ্বিতীয়তে ল'ৰাজনৰ লগতো সু-সম্পৰ্ক গঢ়ি তুলিব নোৱাৰিলো। অথচ সি এটা ৰত্ন। বিজ্ঞানী হিচাপে আজি সু-প্ৰতিষ্ঠিত। গৌৰৱ কৰিব পৰা ডেকা। তেওঁলোকেও নিশ্চয় কোনোদিনে মোক ভাল পাব পৰা নাই। মই অৱশ্যে কোনো দিনে কাৰো লগত বেয়া ব্যৱহাৰ কৰা নাছিলো। পিছে বাধ্যত পৰি কৰ্তব্য কৰা আৰু আন্তৰিকভাৱে কৰ্তব্য কৰাৰ মাজত আকাশ-পাতাল পাৰ্থক্য।

 আন এটা কথালৈ মনত পৰিল। কলকাতাত থাকোতেই আমাৰ দুয়োৰে বাবে দুখন স্বাস্থ্যবীমা কৰাৰ কথা এওঁক বৰকৈ কৈ আছিলো। ইয়াৰ গুৰুত্ব সম্পৰ্কে এওঁ অজ্ঞ যেনে লাগিছিল। তেতিয়া ডেকা তেজ শৰীৰত। বেমাৰ-আজাৰ হোৱা নাছিল। এদিন বয়স হ'ব বুলি চিন্তাও বোধকৰো কৰা নাছিল। অৱশেষত মই নিজলৈ স্বাস্থ্য বীমা কৰালো। সংসাৰ সম্পৰ্কে গৃহস্থ ইমানে অনভিজ্ঞ যে এদিন ক’লে তেওঁৰ ত্ৰিশ হেজাৰ টকা আছে সেই টকাৰে চিকিৎসা কৰাব। সিদিনা তেওঁৰ কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰি তেওঁৰ নামতো মনে মনে বীমা কৰাই লৈছিলো। শেষত দেখা গ’ল কিছুদিনৰ পাছতে তেওঁৰ দুয়োটা চকুৰ কেটাৰেক্ট কটাবলগীয়া হোৱাত একেকোবে ত্ৰিশ হেজাৰ টকা খৰচ কৰিবলগীয়া হ'ল। ভাগ্যে বীমা কৰোৱা আছিল। ইতিমধ্যে বয়স বঢ়াৰ লগে লগে হাস্পতাললৈ যোৱাৰ প্ৰয়োজনীয়তা বাঢ়িল। দিনে দিনে চিকিৎসাৰ খৰচো বাঢ়িবলৈ ধৰিলে। এবাৰ মই বীমাৰ অংক বঢ়াব খুজিলো, তেওঁ কমাবলৈহে ক'লে, কি ভাবি যে কথাবোৰ কয় বুজি নাপাওঁ। কথাষাৰ মোৰ মনঃপুত নহ'ল যদিও নবঢ়ালো। অলপ কমালোহে।

বাকীছোৱা জীবন / ২৯৯