পৃষ্ঠা:অনিমা গুহ.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্পত্তিৰ বিনিময়ত সংশ্লিষ্ট চৰকাৰৰ পৰা অৰ্থ পাই আছে। তেওঁৰ মাহীয়েকে ইতিমধ্যে পালেই। মাহীয়েকহঁতে কি উপায়ে পালে জানি লৈ আমিও চেষ্টা নকৰোনো কিয়? দুয়ো ভাবিলো। ইতিমধ্যে আমাৰ ভাৰাঘৰৰ মালিকনীৰ ককায়েকেও একে কামকে কৰি থকা বুলি তেওঁলোকে কৈছিল।

 জয়া বৰ উৎসাহী। তেওঁ মোকো উৎসাহিত কৰাত গুৱাহাটীত বৰজনা দুজনৰ লগত যোগাযোগ কৰিলো। তেতিয়া বোধকৰো শাহুআই জীয়াই আছিল। মোৰ প্ৰস্তাৱত আনন্দিত হৈ তেওঁলোকে টাঙাইলৰ মাটিৰ পট্টাকে ধৰি খাজনা-টেক্সৰ ৰছিদ আদিৰ শকত পেকেট এটা ৰেজেষ্ট্ৰি ডাকযোগে পঠালে। আমাৰ গৃহস্থৰ দৃষ্টিত ঠাকুৰ ৰামকৃষ্ণৰ ভাষাত ক’বলৈ গ’লে, ‘টাকা মাটি, মাটি টাকা'। জয়াৰ মুখে শুনাৰ পাছত কথাষাৰ তেওঁক কৈছিলো যদিও ইনটাৰেষ্টতো নেদেখুৱালেই উত্তৰ পৰ্যন্ত দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল। ময়ো তেওঁক উপেক্ষা কৰি গুৱাহাটীৰ লগত যোগাযোগ কৰিছিলো। ইতিমধ্যে জয়াই খা-খবৰ কৰি গম পালে পথ সুদীৰ্ঘ আৰু এঁকা-বেঁকা। উকীলৰ ওচৰলৈ অহা-যোৱা কৰোতে কমপক্ষে তিনিযোৰ জোতাৰ তলি ক্ষয় হ’ব। হওক। কষ্ট নকৰিলে ৰত্ন পাবা কেনেকৈ।

 এদিন দলিলৰ টোপোলাটো আহি পালে। গৃহস্থ কামৰ পৰা উভতি অহাৰ পাছত অতি উৎসাহেৰে বস্তুটো দেখুৱালো। এইবাৰ তেওঁ উত্তৰ দিলে, টকা-পইচাৰ প্ৰতি আসক্তি নথকাই ভাল। পালে ভাগিনহঁতক দি দিম’। সেই সময়ত এগৰাকী বায়েকৰ অৱস্থা বৰ ভাল নাছিল। পুতেকহঁতে তেতিয়ালৈকে ভালদৰে প্ৰতিষ্ঠিত হ’ব পৰা নাই। পাছৰ কথা আগতে কৈ থওঁ মেধাৱী ভাগিনকেইজনে এতিয়া মোমায়েকহঁতকে কিনিব পাৰিব। যি কি নহওক তেওঁৰ উত্তৰে মোৰ বুকুত শেল বিন্ধাদি বিন্ধিলে। সেই শেলপাত আজিও তাৰ পৰা উৎপাটন কৰিব পৰা নাই। বিশেষকৈ তেওঁ জানে মই নিৰ্লোভী। আমাৰ দেউতাই সংস্কৃত শ্লোক এটা সৰুতেই শিকাইছিল আনৰ বস্তুক শিলগুটি বুলি ভাবিবলৈ। বাংলাদেশৰ পৰা টকা পালেও সেই টকাৰ গৰাকী হ’ব তেওঁলোকৰ মাক আৰু ইতিমধ্যে তেওঁ প্ৰয়াত হ'লে তেওঁৰ পুত্ৰ-কন্যা দহজন। কোনো অৱস্থাতে সেই টকা মই পাব নোৱাৰো। তেওঁৰ কথাৰ পোনপটীয়া উত্তৰ নিদি ক’লো তিনিযোৰ জোতা কিনিবলৈ মোৰ টকা নাই, অৰ্থাৎ মই কামটো নকৰো ৷ মোৰ স্বভাৱ পাৰিলে মানুহৰ উপকাৰ কৰা। উপকাৰীক অজগৰে খায়। অজগৰে মোক কেইবাবাৰো খাইছে। তথাপি এই বয়সতো অজগৰৰ পেটৰ পৰা ওলাই সাধ্যমতে উপকাৰ কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰো। তথাপিতো মোৰ যুক্তিবাদী স্বভাৱে মনতে

বাকীছোৱা জীৱন / ২৯৭