পৃষ্ঠা:অনিমা গুহ.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিকিৎসাত ত্ৰুটি নহ'ল। ভৰ্তি কৰিবৰ আগত আগধন নিবিচাৰিলে। চিকিৎসকসকলৰ প্ৰধান কৰ্তব্য ৰোগীৰ চিকিৎসা, টকা-পইচাৰ লেনদেন পাছত। ৰোগী কোন দেশৰ, কোন ধৰ্মাৱলম্বী, কোন ভাষা-ভাষী, ধনী নে দুখীয়া, শ্বেতাংগ-পীতাংগ নে কৃষ্ণাংগ একো বিচাৰ নকৰিলে চিকিৎসা দানৰ ক্ষেত্ৰত। মহাবিপদৰ মাজতো আমষ্টাৰডামৰ চিকিৎসালয়ৰ অকল্পনীয় সু-ব্যৱস্থা দেখি সকাহ পালে ঘৰৰ মানুহে। নাৰ্ছসকলৰ ব্যৱহাৰ, সেৱা-শুশ্ৰূষাৰ ধৰণ-ধাৰণ দেখি প্ৰশান্তৰ হেনো ফ্লোৰেন্স নাইটিংগেললৈ মনত পৰিছিল। ননী পেহীৰ কোঠাত ওলোমাই থোৱা হৈছিল তেওঁৰ স্বামী-পুত্ৰ-কন্যা আৰু আপোনজনৰ ছবি, যাতে তেওঁ অকলশৰীয়াবোধ নকৰে।

 চাৰিওপিনে সু-ব্যৱস্থা আছিল যদিও স্বাস্থ্য বীমা নথকা বাবে প্ৰশান্তই খৰচৰ চিন্তা কৰিবলগীয়া হ’ল। ছুটীৰ কথাও ভাবিবলগীয়া হ’ল। তিনিখন মহাদেশ জড়িত পেহীৰ বেমাৰৰ লগত। ৰোগী এছিয়াৰ, চিকিৎসা ইউৰোপত আৰু চিকিৎসাৰ দায়িত্ব আমেৰিকাবাসী চাকৰিয়ালৰ। ঘোৰ সমস্যা। মহা বিপদ।

 ছুটীৰ ফালৰ পৰা প্ৰশান্ত নিশ্চিন্ত হ’ল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাকৰ চিকিৎসাক প্ৰাধান্য দি দীঘলীয়া ছুটী মঞ্জুৰ কৰিলে। হাস্পতাল কৰ্তৃপক্ষই চিকিৎসাৰ খৰচ এতিয়া নিদিলেও চিকিৎসাৰ ত্ৰুটি নহ'ব বুলি কৈ প্ৰশান্তক সকাহ দিলে। ইতিমধ্যে জানিব পৰা গ'ল দক্ষিণ আফ্ৰিকা নাইবা দক্ষিণ আমেৰিকাৰ এবিধ বিৰল ভাইৰাছৰৰ দ্বাৰা পেহী বিমান যাত্ৰাত আক্ৰান্ত হৈছিল। ইচ্ছা কৰা হ'লে প্ৰশান্তই বিমান কোম্পানীৰ বিৰুদ্ধে মোকৰ্দমা কৰিব পাৰিলেহেঁতেন। পাছত শুনিছো এইটো বিমান কোম্পানী আৰু আন দুটামান বিমান কোম্পানীৰ বিৰুদ্ধে মোকৰ্দমা কৰিছে কেইগৰাকীমান ৰোগাক্ৰান্ত আৰু মৃত পৰিয়ালৰ মানুহে। আচলতে আমি এইবোৰ বিষয়ত কেঁচা। জনা হ’লে ভুল ছাৰ্জাৰী কৰি মোক দুবছৰৰ বাবে শয্যাগত কৰি ৰখা কলকাতাৰ ছাৰ্জনৰ বিৰুদ্ধে আদালতলৈ যাব পাৰিলোহেঁতেন। কেতিয়াবা জানিলেও আমি এলাহতে বা আন কিবা কাৰণে মনৰ জোৰ হেৰুৱাওঁ।

 গুৱাহাটীৰ জোঁৱাই এজনৰ লগত পুনেত আমাৰ ঘনিষ্ঠতা আছিল। শুনিছিলো পুনেৰ বিখ্যাত নাৰ্ছিং হোম এখনত অস্ত্ৰোপচাৰ কৰিও তেওঁৰ পেটৰ ৰোগটো ভালতো নহ'লেই বৰঞ্চ পেটৰ বিষ বাঢ়িবলৈহে ধৰিছিল। ছাৰ্জনৰ ওচৰলৈ গ'লে তেওঁ ধমকি মাৰি কয় যে ৰোগীৰ মানসিক ব্যাধি হৈছে। অৱশেষত বন্ধু-বান্ধৱৰ পৰামৰ্শ মতে এজন বন্ধুৰ লগত কলকাতালৈ ৰাওনা হ’ল। কলকাতা আহি পোৱাৰ কিছু আগৰেপৰা মানুহজনৰ বিষ ইমানে বাঢ়িল যে হাওড়া ষ্টেচনৰপৰা তেওঁক পোনে পোনে কাষৰ

বাকীছোৱা জীৱন /২৯৩