পৃষ্ঠা:অনিমা গুহ.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মর্যাদাক এইখন দেশত যথেষ্ট গুৰুত্ব দিয়া হয়। সৰু-বৰ যিকোনো কাম কৰিবলৈ এওঁলোকে সংকোচবোধ নকৰে।

 প্রাপ্তবয়স্ক অনেক ছাত্র-ছাত্ৰীয়ে বেবী ছিটিং কৰি, মানুহৰ ঘৰ-দুৱাৰ চাফা কৰি, কাপোৰ ধুই, ৰাতিপুৱা ঘৰে ঘৰে বাতৰি কাকত বিলাই, ঘাঁহনিৰ ঘাঁহ কাটি পইচা আর্জে। অৱশ্যে ঘৰ চাফা কৰে যন্ত্ৰৰ সহায়ত আৰু কাপোৰ ধোৱা-শুকোৱাও কৰে যন্ত্ৰেৰে। সপ্তাহত এদিন আমাৰ ল'ৰাৰ ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি যায় এগৰাকী মহিলাৰ নেতৃত্বত তিনিজনী ছোৱালীয়ে। আহে নিজৰ গাড়ীত। দুঘণ্টা কাম কৰি নব্বৈ ডলাৰ পাৰিশ্ৰমিক লৈ যায়। বাকীকেইদিন তেওঁলোকে নিজেই চাফা কৰে। ধূলি-মাকতি কম বাবে আমাৰ ইয়াৰ দৰে ঘৰ-দুৱাৰ লেতেৰাও নহয়।

 ৯১১ৰ কথা উলিয়াই বেলেগ প্ৰসংগলৈ গ'লো। আমেৰিকাৰ উত্তৰৰ পৰা দক্ষিণ পূবৰ পৰা পশ্চিমলৈ প্ৰতিজন নাগৰিকে ৯১১ ৰ সেৱা পায় মুহূৰ্তৰ ভিতৰত।


চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদর্শন দেখিলো : হলেণ্ডত

 স্বীকাৰ কৰো চিকিৎসকসকলেও চিকিৎসা কৰে জীৱননিৰ্বাহ কৰিবলৈ। এইটো তেওঁলোকৰ পেচা। কিন্তু অন্য পেচাৰ লগত ইয়াৰ এটা নীতিগত পার্থক্য আছে, যিটো কাৰণে আমাৰ ধাৰণা চিকিৎসা সেৱাক শ্ৰেষ্ঠ পেচা বুলি ভবা হয়। চিকিৎসকক আমি ভগৱান বুলি নাভাবো নে? মানৱদৰদী হোৱাটো চিকিৎসকৰ এটা শ্ৰেষ্ঠ গুণ। জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে তেওঁলোকে যে ব্যাধিগ্রস্তজনৰ চিকিৎসা কৰে তাৰ এটা শ্রেষ্ঠ নিদর্শন দেখিছিলো আমাৰ সম্পৰ্কীয় চাপৰবাসী ননী পেহীৰ ক্ষেত্ৰত।

 পেহীৰ পুতেক ড° প্রশান্ত কলিতা আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ত এগ্রিকালচাৰেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক। এবাৰ দুজন সংগীৰে সৈতে পেহী ওলাইছিল পুতেকৰ ঘৰলৈ। যাবৰ সময়ত হলেণ্ডৰ আমষ্টাডাম বিমানকোঠত বিমান সলাবলগীয়া হৈছিল তেওঁলোকে। হঠাতে পেহী অসুস্থ হোৱাত বিমানকোঠৰ ডাক্তৰে পৰীক্ষা কৰি তেওঁক হাস্পতালত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিয়ে। বিমান কোম্পানীয়ে হাস্পতালৰ ইনটেনছিভ কেয়াৰ ইউনিটত সুমুৱাই দিলে যদিও বাকী দুজনৰ ভৰিৰ তলত মাটি নোহোৱা অৱস্থা। হলেণ্ডৰ ভিছা আদি কৰি প্ৰশান্ত আমষ্টাৰডাম পায় মানে দুটা দিন পাৰ হ'ল।

 বিদেশত চিকিৎসা কৰোৱা ব্যয়বহুল। বীমা নাথাকিলে সর্বনাশ। কিন্তু পেহীৰ

২৯২/ বাকীছোৱা জীৱন