পৃষ্ঠা:অনিমা গুহ.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তালিকাখন অলপ পাছত দিম। গৃহস্থৰ পিন্ধা-উৰা কাপোৰ-পোছাক আদি ৰক্ষণাবেক্ষণ কৰিছিল ৮ টকা দৰমহাত এজন হিন্দু চৰ্দাৰে। এওঁলোকৰ উপৰি কাম কৰা মানুহৰ ৰেজিমেণ্টটোত আছিল যোগালি, মশ্বালচী, ধোবা, ইস্ত্ৰিৱালা, দৰ্জী, আয়া, জমাদাৰ, পাংখা টানোতা, গুৱাল, ফেৰীৱালা, মুৰ্গীৱালা, ছাতুৱালা, ৮-১০ টা ঘোঁৰাৰ চহিছ, মালী, ভিস্তি, চকীদাৰ, দাৰোৱান, চাপ্ৰাচী ইত্যাদি। এওঁলোকৰ দৰমহা ৪ টকাৰ পৰা ৮ টকালৈ। জহকালি পানী ছটিয়াবলৈ আৰু পানী কঢ়িয়াবলৈ অতিৰিক্ত ১২-১৪ জন লগুৱাক নিযুক্তি দিছিল।

 ভাৰতবাসীক শোষণ কৰি স্বৰ্গসুখ লভিলে চাহাবসকলে। সাধাৰণ ভাৰতবাসী গণতান্ত্ৰিক ভাৰততো শোষিত। শ্ৰেণী সংগ্ৰাম অবিহনে বৈষম্য নুগুচে।

 তাহানিৰ ভাৰতৰ শাসক ইংৰাজসকলে কি আহাৰ খাইছিল তাৰ এখন তালিকা পাইছিলো উইলিয়াম ডালৰিমপ্লৰ The Last Mughal নামৰ গ্ৰন্থত। ইষ্ট ইণ্ডিয়াৰ সাধাৰণ চাকৰিয়ালসকল খাদ্যাভ্যাসত আছিল মোগল বাদশ্বাহৰ দৰে। হঠাতে চহকী হৈ ভেম প্ৰদৰ্শন কৰা ধুবুৰীৰ মানুহ এজনক দেখি বহু বছৰ আগতে ৰসিক আইনজীৱী ৰমনী ঘোষ কাকাবাবুই ব্যংগ কৰি কৈছিল— ‘চুট্কী বান্দীৰ পোলা (পুতেক) চুলতান শ্বাহ’। চাহাব কেইটাৰো একে অৱস্থা, যেনিবা চুলতানহে। ‘বান্দীৰ’ পুতেকহঁতৰ খোৱাৰ কি আড়ম্বৰ চাব! ১৯৪৭ চনত ভাৰত ত্যাগ কৰাৰ আগলৈকে হেনো তেওঁলোকৰ গুৰু ভোজনৰ অভ্যাস আছিল।

 ১৯২৬ চনত খ্যাতনামা সাহিত্যিক Aldous Huxley (১৮৯৪-১৯৬৩) ভাৰতলৈ আহি ব্ৰিটিছসকলৰ পাকস্থলীৰ শক্তি দেখি বিচূৰ্তি খাই লিখিছে— ‘সমগ্ৰ ভাৰতত সাম্ৰাজ্যবাদী ব্ৰিটিছসকলে দিনটোত খায় পাঁচবাৰ — দুবাৰ প্ৰাতঃভোজন, দুপৰীয়াৰ আহাৰ, আবেলিৰ চাহ-জলপান আৰু ৰাতিৰ আহাৰ৷ ডাঙৰ ডাঙৰ চহৰবোৰত য'ত থিয়েটাৰ-নৃত্যানুষ্ঠান আদি অনুষ্ঠিত হয় তাত এই ৰুটিনখনত আন এবাৰৰ ভোজন যুক্ত কৰা হয়। আনহাতে ভাৰতীয়সকলে খায় দুসাঁজ, কেতিয়াবা এসাঁজো খোৱা নহয়। ফলত তেওঁলোকে হীনমন্যতাত ভোগে। ...ভাৰতীয়সকল আমাৰ পাকস্থলীৰ শক্তি দেখি মুগ্ধ হয়, অতিভোজনে আমাৰ সন্মান বঢ়ায়।'

 বিট্ৰিছসকল বোধকৰো বকাসুৰৰ সমগোত্ৰীয়। ভাৰতত বাস কৰা ভিক্টোৰীয় যুগৰ কোনো ইংৰাজে ৰাজসিক খানা নাখাই দিনটো আৰম্ভ কৰা নাছিল। আমি জনাত ব্ৰিটিছসকলৰ ব্যঞ্জন সোৱাদহীন। ঊনৈশ শতিকাত ব্যৱসায় কৰিবলৈ অহা ব্ৰিটিছসকলে মোগলৰ সংস্পৰ্শলৈ আহি নিশ্চয় মোগলাই খানাৰ জুতি পাই নিজ দেশৰ ৰন্ধন

বাকীছোৱা জীৱন /২৮৫