পৃষ্ঠা:অনিমা গুহ.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কি খাব, নাম-ধাম কি ইত্যাদি সকলো বিৱৰি কাগজখনত লিখি দিছিল। মাকক কৈ দিছে কাষৰে-পাজৰে বহা কাৰোবাক কাগজখন দেখুৱাবলৈ। মোৰো কপাল, মানুহজনী বহিছিল মোৰ কাষত। তেওঁ নিৰামিষ খায় কথাষাৰ মোৰ হতুৱাই কোৱাইছিল। আহাৰৰ লগত ফল আৰু গাখীৰ কিয় দিয়া নাই ময়েই সুধিবলগীয়া হ'লো। ইংৰাজী নজনাকৈয়ে পৃথিৱীৰ বহু দেশৰ মানুহ অহা-যোৱা কৰি আছে। হয়তো পুৰোহিতসকলক ভৱিষ্যতে নাগৰিকত্ব দিয়াবলৈ ইংৰাজী শিকোৱাৰ কথা ভবা হৈছিল। ভাৰতীয় মানুহ, বিশেষকৈ দক্ষিণ ভাৰতীয়সকল বৰ ধাৰ্মিক। গতিকে মন্দিৰ আৰু পুৰোহিতৰ চাহিদা নকমে। অকল আমেৰিকাতে নহয় ইউৰোপ, অষ্ট্ৰেলিয়াতো পুৰোহিতৰ প্ৰয়োজন।

পৰিশ্ৰমী জাতি : ব্ৰিটিছ শাসিত ভাৰতত ওপজা আমিসকলে আমাৰ শাসকসকলৰ ৰজা-মহাৰজা সুলভ লাইফ ষ্টাইল দেখি ধাৰণা কৰিছিলো নিজৰ দেশতো হয়তো লগুৱা-লিকচৌ পৰিবেষ্টিত হৈ তেওঁলোকে আৰামত দিন কটায়। তেতিয়াৰ দিনত ঘৰুৱা কাম-বন নকৰি ধুনপেচ মাৰি ফুৰা স্থানীয় মহিলাসকলক ব্যংগ কৰি কোৱা হৈছিল, ‘ফুটনী চা, খাবা নাপাওয়াৰ বেটী, মেম চাহেব হৈছে’। অৰ্থাৎ কাম-বন নকৰি ধুনপেচ মাৰি ফুৰা মানেই মেম।

 ঊনৈশ শতিকাৰ এগৰাকী দুঃসাহসী ব্ৰিটিছ মহিলা পৰ্যটক ফেনি পাৰ্কছে ১৮৫০ চনত প্ৰকাশ কৰা তেওঁৰ ভাৰত ভ্ৰমণৰ কাহিনীৰ ২০০২ চনত প্ৰকাশিত এটা সংস্কৰণ Begum, Thugs and White Mughals- the journal of Fanny Parks (Sickle Moon Books Publication) পঢ়ি তেতিয়াৰ দিনত ভাৰতত বাস কৰা ব্ৰিটিছসকলৰ লাহ-বিলাহপূৰ্ণ জীৱনৰ ছবি এখন পাইছিলো।

 ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ চাকৰিয়ালৰ ঘৰত কাম কৰিছিল ৫৭ জন লগুৱা-লিগিৰিয়ে। এওঁলোকক ফেনিয়ে ১৮২২ ৰ পৰা ১৮৪৫ চনৰ ভিতৰত দেখিছে চিনাকি পৰিয়ালবোৰত। ৫৭ জনৰ মাজত মাহিলী ১২ টকা হাৰত দৰমহা পোৱা খানচামাজন ইছলামধৰ্মী। তেওঁৰ কাম খোৱা বস্তু কিনা, খোৱা টেবুল পৰিচালনা কৰা আৰু কেক-বিস্কুট তৈয়াৰ কৰা। একে হাৰত দৰমহা পাইছিল বাবুৰ্চি বা ৰান্ধনিজনে। পানী ঠাণ্ডা কৰা আৰু সুৰাত বৰফ সংযোগকাৰী আবদাৰৰ দৰমহা মাহিলী ৮ টকা। পৰিয়ালৰ মানুহে খাই থাকোতে টেবুলৰ ওচৰত প্ৰভুহঁতৰ নিৰ্দেশ শুনিবলৈ সাজু হৈ থকা খিদমগাৰৰ মাহিলী দৰমহা ৭ টকা। বেচেৰা মানুহজনে চাগৈ গিৰিহঁতে খাই থকা বিবিধ ব্যঞ্জন চকুৰ আগত দেখি সেপ ঢুকিছিল। এওঁলোকে কি খাইছিল তাৰ

২৮৪/ বাকীছোৱা জীৱন