পৰিল। বিদেশৰ মন্দিৰবোৰত পুৰোহিতৰ অনেক পোষ্ট খালী হৈ আছে। পুৰোহিতৰ বাবে বিজ্ঞাপনৰ বিষয়টো কেতিয়াও ভবা নাছিলো। পিছে পশ্চিমৰ দেশবোৰলৈ উচ্চ পৰ্যায়ৰ জীৱিকাৰ বাবে যদি ডাক্তৰ, ইঞ্জিনিয়াৰৰ পৰা টেক্সিচালক, ৰান্ধনি, ঝাড়ুৱালাসকল যাব পাৰে পুৰোহিতে বা নোৱাৰিব কিয়? কিন্তু বিজ্ঞাপনত উল্লেখ কৰা হৈছিল যে পুৰোহিতৰ ইংৰাজীৰ জ্ঞান থাকিব লাগিব।
মূৰত বজ্ৰাঘাত পৰাৰ অনুভূতি হ’লেও তেলেগুভাষী আচাৰ্যসকল হতাশ নহ'ল। তেওঁলোকে উপলব্ধি কৰিলে যে আজিৰ গোলকীকৰণৰ যুগত বেদপাঠ আৰু সংস্কৃত আওৰাই থাকিলে কেৰিয়াৰ গঢ়িব নোৱাৰি। হাইটেক জীৱনৰ বাবে ইংৰাজী জানিবই লাগিব। অলংঘনীয় এই ডেওনাখন পাৰ হোৱা অসম্ভৱ নহ'লেও সহজ নহয়। পিছে মন্ত্ৰতো ইংৰাজীত মাতিব নালাগে তেনেহ'লে এই ভাষাটোৰ জ্ঞানৰ প্ৰয়োজন কিয়? পুৰোহিত ৰিক্ৰুট কৰিবলৈ অহা কমিটীৰ মেম্বাৰসকলৰ মতে যিখন দেশলৈ যাবলৈ ওলাইছে সেই দেশৰ ভাষা নুবুজিলে বা প্ৰয়োজনত কথা ক’ব নোৱাৰিলে তাত থকা অসম্ভৱ। তদুপৰি বিমানত উঠোতে আৰু নামিবৰ আগতে প্ৰয়োজনীয় প্ৰ-পত্ৰ পূৰণ কৰিবলৈ ভাষাটো জনা জৰুৰী।
৩৫ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ একোছা টিকনিৰে সৈতে টকলামূৰা, কপালত তিলক কটা বেদজ্ঞ পুৰোহিতসকল Spoken English ক্লাছত ভৰ্তি হ’বলৈ শাৰী পাতি থিয় দিছিল বিদেশত চাকৰিৰ আশাত। ভিৰ দেখি বৈদিক স্কুল আৰু মন্দিৰ প্ৰাংগণতো খোলা হৈছিল Spoken English ক্লাছ। যুগৰ লগত খাপ খুৱাবলৈ পুৰোহিতসকলক শিকোৱা হৈছিল ই-মেইল কৰিবলৈ, ম’বাইলত এছ এম এছ কৰিবলৈ আৰু এছ এম এছৰ পাঠোদ্ধাৰ কৰিবলৈ।
কেৱল ইংৰাজী শিকিলেই পশ্চিমীয়া দেশত নিজকে খাপ খুৱাব নোৱাৰি। যিসকল পুৰোহিতে চুৰিয়াখনৰ বাহিৰে আন একো পোছাক পিন্ধা নাই তেওঁলোকক পিন্ধালে চাৰ্ট-পেণ্ট। বাৰে বাৰে কোৱা হ’ল চুৰিয়া পিন্ধি উদং গাৰে যেন ঘৰৰ পৰা নোলায়। নিৰামিষাহাৰী দেউসকলক সতৰ্ক কৰি দিয়া হ'ল যেন পনিৰ বুলি ভুল কৰি গৰু-গাহৰিৰ মাংসৰ কিমাৰ চপৰাটো কিনি নানে।
যদিও বেদজ্ঞ পুৰোহিতসকলক ইংৰাজীৰে চিনাকি কৰিহে বিমানত উঠাইছে ময়েই বিমানত তিনিগৰাকী— এজন পুৰুষ আৰু দুগৰাকী তিৰোতা— পাইছো যিসকলে ইংৰাজীৰ ই-টোকে চিনি নাপায়। নো ইংলিছ, নো ইংলিছ কোৱা চৰ্দাৰজীৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে। ইংৰাজী নজনা এগৰাকীৰ পুতেকে মাক ক'লৈ যাব,