পৃষ্ঠা:অনিমা গুহ.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিয়? অকাট্য যুক্তি। ভাৰতীয়সকলে হেনো ভুলতে শ্বিডিউল কাষ্টক স্কেজুল কাষ্ট বুলি কয় কেতিয়াবা।

 বৰ্তমানে বিশ্বজুৰি SMS ৰ ইংৰাজী প্ৰচলিত। বহু ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহীতো লিখে ‘ব্ৰেভ নিউ ৱৰ্ডবোৰ। যেনে— Bcoz (because), Plz (please ), 2nite (to night), LOL (laughing out loudly), Xcelnt (excellent), 4 (for), d(the), dat (that), U (you), ur (your) ইত্যাদি।

 দক্ষিণ পূব এছিয়াৰ কোনোবা এখন দেশে হেনো ইংৰাজী পঢ়াবলৈ বিদেশৰ পৰা শিক্ষক অনাইছে। কাৰণ সেইখন দেশৰ শিক্ষকেও লিখে SMS ৰ ভাষা! ইংৰাজী ভাষাটোক SMS- এ বিকৃত নকৰিলেই ৰক্ষা৷

মন্দিৰ আৰু পুৰোহিত : বাংলাভাষাত এষাৰ কথা আছে, য’তেই বাঙালী, তাতেই কালীবাড়ী। দক্ষিণ ভাৰতীয়ৰ ক্ষেত্ৰতো একে কথাকে ক’ব পাৰি— দক্ষিণ ভাৰতীয় য’ত, মন্দিৰ ত’ত। আমেৰিকাৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম য’লৈকে গৈছো তাতেই দেখিছো দক্ষিণীসকলে সজা মন্দিৰ। এবাৰ ই প্ৰসাদ নামৰ পুৰোহিত এজনক পাইছিলো অসমীয়া চিকিৎসক ডাঃ অশ্বিনী চৌধুৰীৰ ঘৰত। সত্যনাৰায়ণ পূজা কৰিবলৈ আহিছিল তালৈ। মাহ-প্ৰসাদ খাই থাকোতে ই প্ৰসাদে উপস্থিত আটাইকে তেওঁৰ ঠিকনা, ফোন নম্বৰ লিখা একোখনকৈ কাৰ্ড দিছিল। কথাই কথাই ক'লে তেতিয়া তেওঁ ইংৰাজী আৰু ড্ৰাইভিং শিকি আছিল দেশখনৰ নাগৰিকত্ব লাভ কৰিবলৈ। জীয়েকক ভাৰততে ভনীয়েকৰ তত্ত্বাৱধানত ৰাখি ল’ৰা-তিৰোতাক লৈ আহিছে তেওঁ। এইখন দেশৰ মুক্ত সমাজত তেওঁ জীয়েকক ৰাখিব নোখোজে। কেইবছৰমান পাছত আকৌ ই প্ৰসাদক লগ পালো একেখন ঘৰতে। এইবাৰ তেওঁক কথা-বতৰা আদব-কায়দাত আগতকৈ অনেক স্মাৰ্ট যেন লাগিছিল। ইতিমধ্যে নাগৰিকত্ব পাইছে, জীয়েককো আনিছে। তেৱেঁ কৈছিল দেশখনত হেনো পুৰোহিতৰ ‘হেভী ডিমাণ্ড’। তেওঁক দক্ষিণ ভাৰতীয় সংস্থাই স্পনছৰ কৰি আনিছে। ঠায়ে ঠায়ে হেনো খালী হৈ আছে পুৰোহিতৰ বহু পোষ্ট। তেওঁৰ কথা বৰকৈ গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিলো। পুৰোহিতৰো ডিমাণ্ড থাকেনে?

 ভাৰতলৈ উভতি অহাৰ পাছত ২০০৬ চনৰ মাৰ্চত শুনিলো অন্ধ্ৰ প্ৰদেশৰ কাকতে পত্ৰে আৰু টিভিত পুৰোহিত বিচাৰি বিজ্ঞাপন দিয়া হৈছে। লগে লগে উচ্চাকাংক্ষী বেদজ্ঞ পুৰোহিতসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হ’ল। ই প্ৰসাদে কোৱা কথাষাৰ মনত

২৮২/ বাকীছোৱা জীৱন