পৃষ্ঠা:অনিমা গুহ.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘চেৰোকি’ হ’ল এক শ্ৰেণীৰ ৰেড ইণ্ডিয়ান জনগোষ্ঠী। আজি ৰেড ইণ্ডিয়ানক আমেৰিকান ইণ্ডিয়ান বোলা হয়। চেৰোকি বিলাহীৰ পাছত দেখিলো বুল্ছ আই (ষাঁড় গৰুৰ চকু), জাপানীজ ব্লেক, জেব্ৰা ষ্ট্ৰাইপ, ব্ৰেণ্ডি ৱাইন, বেনানা লেগ আদি নানা জাতৰ বিলাহী। এনেধৰণৰ প্ৰজাতিৰ পাচলি বাণিজ্যিক কাৰণে উৎপাদিত নহয়।

 চিমলা জলকীয়া বা কেপছিকামৰ সেউজীয়াবিধহে দেখিছো। ফাৰ্মাৰ্ছ মাৰ্কেটত ৰঙা, হালধীয়া আৰু বেঙুনীয়া জাতৰ কেপছিকাম দেখিলো। ৰং-বিৰঙী বিলাহী, কেপছিকাম আদিৰে কৰা চালাদখন বৰ দৃষ্টিনন্দন হয়।

 হাডছন উপত্যকাত জাৰকালি ডিচেম্বৰৰ পৰা মাৰ্চলৈ প্ৰচুৰ তুষাৰপাত হয়। গতিকে সেই সময়ত বন্ধ হৈ থাকে খেতিপথাৰৰ কাম। ডিচেম্বৰৰ পাছত ফাৰ্মাৰ্ছ মাৰ্কেট নব’হে। মানুহে বাট চাই থাকে পিছৰ বছৰ মে’-জুন মাহলৈ। জাৰকালি শাক-পাচলিৰ বাবে শ্বপিং ম্যললৈ যাবলৈ বাধ্য গৃহিণীসকল।

চীনলৈ নোযোৱাকৈয়ে দেখিলো চায়না টাউন : নিউয়ৰ্কৰ জেকচন হাইটচ অঞ্চলত এডোখৰ বাংলাদেশ দেখিছিলো। মহানগৰীৰ আন এটা অঞ্চল মেনহাটনৰ শেষপ্ৰান্তত চীনাসকলৰ সাম্ৰাজ্য দৰ্শন কৰিবলৈ গৈছিলো আন এদিন। গাড়ীৰে নিভাঁজ আমেৰিকান বগা চাহাবৰ চকুত ছাট মাৰি ধৰা অভিজাত চুবুৰি পাৰ হৈ পাতাললৈ সোমাই গৈছিলো। তাৰ পৰা পাতাল ৰে’লে আমাক লৈ গ'ল কিছু দূৰলৈ। বহু পীতাংগ ব্যক্তিৰ সৈতে আমিও মৰ্ত্যলৈ উঠি আহি অচিনাকি পৰিবেশ এটাত সোমাই গ’লো। নিজকে প্ৰশ্ন কৰিলো কিবা যাদু-মন্ত্ৰই চীনদেশক স্বস্থানৰ পৰা উৎপাটিত কৰি আনি আমেৰিকাত খাজি থ’লে নেকি? নেভাবিমনো কিয়? কেউপিনে পিলপিলাই ফুৰিছে দুৰ্বোধ্য ভাষাত কথা কোৱা চীনা ল’ৰা-ছোৱালী, মুনিহ-তিৰোতা। এওঁলোকৰ দোকানবোৰৰো ছাইনবোৰ্ড চীনা আখৰেৰে লিখিত। ফুটপাথবোৰত শাক-পাচলি, মাছ-ফলৰ পোহাৰ মেলি বহা দেখিছিলো নিজৰ মাজত চুংচুং-চাংচাং কৰি কথা কোৱা পুৰুষ-তিৰোতাসকলক।

 সামুদ্ৰিক প্ৰাণীৰ দোকান এখনত ষ্টাৰফিশ্ব, অক্টোপাচ আদি বেচি আছিল চীনাসকলে। এবাৰ ভাবিলো সোধোচোন অক্টোপাচ ৰন্ধাৰ পদ্ধতিটো। পিছে সুধিয়ে বা কি লাভ! জীৱটোৰ যি চেহেৰা, খোৱা দূৰৈৰ কথা দেখিলেই ধাৰণা হয় সিহে আমাক খাবলৈ তাৰ লেকপেকীয়া শুঁৰকেইডাল মেলা-জপা কৰি আছে। গাহৰিৰ মাংসৰ দোকানলৈ গৈ দেখিছিলো নাড়ী-ভূৰুৰ পৰা তেজলৈ গাহৰিৰ দেহৰ কোনো

২৭৮/ বাকীছোৱা জীৱন