পৃষ্ঠা:অনিমা গুহ.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খোৱাৰ সোৱাদেই বেলেগ।

 আমেৰিকা কাঠৰ দেশ, অলপ কষ্ট কৰিলে কাঠৰ অভাৱ নাই। কুঠাৰেৰে কাঠ কাটিবও নালাগে। জয়হঁতৰ চৌহদ মেপল, ওক আদি গছেৰে ভৰা। এইবোৰ গছ শাল, চেগুণৰ দৰেই বিৰাট আকাৰৰ। কেইবাডাল গছ কাটিবলৈ তেওঁলোকে এবাৰ গছ কটা কোম্পানী এটাৰে যোগাযোগ কৰিছিল। সেইমৰ্মে যন্ত্ৰ-পাতি লগোৱা বিশেষ ধৰণৰ গাড়ী এখন এদিন উপস্থিত হ’ল গছ কাটিবলৈ। বাৰাণ্ডাত বহি গছ কটা পৰ্ব চাবলৈ জয়ে মোক পৰামৰ্শ দিয়াত আধুনিক প্ৰযুক্তি বিদ্যাৰ উৎকৰ্ষ চাবলৈ বাট চাই আছিলো। এই মস্ত মস্ত গছবোৰৰ কাণ্ডবোৰ মুহূৰ্তৰ মাজত যন্ত্ৰই এনেকৈ নিঃশব্দে ডোখৰ ডোখৰ কৰিলে যেন মাখনহে কাটিছে। ইয়াৰ পাছত কাঠৰ খণ্ডবোৰ ট্ৰাকত লগাই থোৱা যন্ত্ৰটোত ভৰাই মেচিন চালু কৰিবলৈ বুটাম এটাত টিপা মৰাৰ লগে লগে কাঠৰ প্ৰকাণ্ড খণ্ডবোৰ চকুৰ পচাৰতে কণ কণ টুকুৰালৈ ৰূপান্তৰিত হোৱা দেখিলো। গছৰ ডাল-পাতবোৰো ট্ৰাকৰ আন এফালে দি ভৰাই চুইছটো টিপাৰ লগে লগে সিটো মূৰেদি সৰু সৰু কাঠৰ টুকুৰা ওলাই আহিল। চকুৰ পচাৰতে ওক মেপলৰ দৰে দৈত্যাকৃতি গছবোৰৰ এই ৰূপান্তৰ দেখি মোৰ গাঁজাখুৰী গল্প এটালৈ মনত পৰিল। উন্নত দেশত এনেবোৰ প্ৰযুক্তি দেখি পেটে পেটে অবাক হোৱা পৰশ্ৰীকাতৰ ভাৰতীয় এজনে কৈছিল, ‘আমাৰ দেশলৈ আহিবা। আমাৰ ইমান উন্নত ধৰণৰ মেচিন আছে যে এফালেদি গৰু এটা ভৰাই দিলে সিফালেদি গৰুৰ চালৰ জোতা কেইযোৰমান ওলাই আহে'।

 উভতি যাওঁ ফাৰ্মাৰ্ছ মাৰ্কেটলৈ। কাঠৰ কাহিনী ইমান কোৱাৰ পাছতো আমি কিন্তু ওভেনত ভৰাইহে ফিংগাৰ লিং আলু বেক কৰি খালো। আমাৰ মানিমুনি, দ্ৰোণ, ভেদাইলতা আদিৰ দৰে তেওঁলোকেও বিবিধ বনৌষধি বেচিবলৈ অনা দেখিছিলো। পিছে সিবোৰৰ নাম জনা নহ'ল।

 মিঠালাও দেখিও তবধ মানিছিলো। সৰু বাটি এটাৰ আকাৰৰ পৰা হাতীৰ মূৰটোৰ সমান ডাঙৰ মিঠালাও এইখন দেশত উৎপাদন কৰা হয়। আচলতে মিঠালাওৰ জন্মভূমিয়ে আমেৰিকা, আলুৰ জন্মস্থান দক্ষিণ আমেৰিকা। বিলাহী, জলকীয়াও পশ্চিমৰ পাচলি। আজি বিলাহীক কেৱল বিলাহী বুলি কওঁ যদিও আমাৰ বাল্যকালত বিলাতী বেঙেনা বুলি কৈছিলো।

 খেতিয়কৰ বজাৰখনত বিলাহীৰ বৈচিত্ৰ্য কি চাব। ৰঙা বিলাহী দেখাত মোৰ অভ্যস্ত চকুযোৰ থমকি ৰৈছিল বেঙুনীয়া আৰু হালধীয়া ‘চেৰোকি’ বিলাহীৰ পাচিটোত।

বাকীছোৱা জীৱন /২৭৭