পৃষ্ঠা:অনিমা গুহ.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শতাংশ বয়সীয়া বহিৰাগতৰ দল বহি আছে দাৰিদ্ৰ্য সীমাৰেখাতে। অৱশ্যে এওঁলোকৰ দাৰিদ্ৰ্য সীমাৰ সংজ্ঞা আমাৰ দেশৰ সৈতে একে নহয়।

 পৃথিৱীৰ সকলো বৃদ্ধ-বৃদ্ধাই বিচৰাৰ দৰে এওঁলোকেও বিচাৰে এষাৰ মৰমৰ মাত। কিছুমানে পায়, কিছুমানে নাপায়। জীৱনটো যেন এটা যন্ত্ৰণা বৃদ্ধ বয়সত।

 আনহাতে কম বয়সতে প্ৰব্ৰজন কৰি অহাসকলৰ এই সমস্যা নাই। তেওঁলোকে নিজৰ কৰ্মজীৱনত ব্যস্ত হৈ থাকোতে অজানিতে দেশখনৰ লগত একাত্ম হৈ পৰে। তাতেই গঢ়ি তোলে নিজস্ব সমাজ। আজব এই দেশখনে কিমানক যে আশ্ৰয় দিছে!

ফাৰ্মাৰ্ছ মাৰ্কেট : জাৰকালি বৰফত পোত খোৱা দেশৰ মানুহে বসন্ত আৰু জহকাললৈ বাট চাই থাকে। স্বাস্থ্য সচেতন মহিলাসকলৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত ডাঙৰ ডাঙৰ ম্যল আদিত বৰফত সতেজ কৰি ৰখা পাচলি কিনাতকৈ খেতিয়কৰ বাগানৰ পৰা পোনপটীয়াকৈ অনা শাক-পাচলিৰ কদৰ বেছি। আমাৰ দেশত এনেধৰণৰ পাচলি দুষ্প্ৰাপ্য নহয়। তথাপিতো আজিকালি চহৰ-নগৰে গঢ়ি উঠা বিভিন্ন ম্যল, শ্বপিং চেণ্টাৰ আদিৰ শীততাপ নিয়ন্ত্ৰিত কক্ষত অৱস্থাপন্নসকলে পেকেটত বেচা বাহী পাচলি কিনি গৌৰৱবোধ কৰে।

 কৃত্ৰিম সাৰে শাক-পাচলিৰ উৎপাদন বঢ়ায়, আকাৰো বঢ়ায়। কিন্তু ৰাসায়নিক সাৰ শৰীৰৰ বাবে ক্ষতিকৰো। গোটেই বিশ্বজুৰি মানুহ আকৌ সচেতন হৈছে নিজৰ খেতিত কৰা পাচলিৰ প্ৰতি। আমাৰ গুৱাহাটীত খেতি কৰিবলৈ কোনোবাই মাটি এৰেনে? দুটামান চালিঘৰ তুলি দিলেও পইচা আহে। গুৱাহাটীত মুকলি মাটিও নাই, গছ-গছনিও নাই, ফলত বতাহত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে।

 যি কি নহওক, আমেৰিকাৰ মানুহৰ মাজত খেতিয়কৰ মাটিত কৰা ৰাসায়নিক সাৰহীন পাচলি বৰ্তমানে জনপ্ৰিয় হৈছে। ছুপাৰ মাৰ্কেটৰ তুলনাত ফাৰ্মাৰ্ছ মাৰ্কেট বা খেতিয়কৰ বজাৰত দাম বেছি হ'লেও স্বাস্থ্য সচেতনসকলে দ্বিতীয়বিধ বজাৰক প্ৰাধান্য দিয়ে। বিক্ৰেতাজন নিজে উৎপাদক নহ'লে চৰকাৰে তেনে ব্যক্তিক ফাৰ্মাৰ্ছ মাৰ্কেটত বহিবলৈ অনুমতি নিদিয়ে। আন ঠাইৰ পৰা পাচলি কিনি আনি বেচা নিয়ম নাই। এই ব্যৱস্থাই স্থানীয় অৰ্থনীতিক টনকিয়াল কৰাত অৰিহণা যোগাইছে।

 নিউয়ৰ্ক ৰাজ্যৰ মাজেদি উত্তৰৰ পৰা দক্ষিণলৈ বৈ গৈছে হাডছন নৈখন। হাডছনক মোৰ মাজে মাজে ব্ৰহ্মপুত্ৰ যেন লাগে। সমতল ভূমিৰ মাজেৰে বৈ যোৱা গংগাতকৈ ব্ৰহ্মপুত্ৰৰ ৰূপ অধিক আকৰ্ষণীয়, কাৰণ ইয়াৰ গতিপথৰ প্ৰায়বোৰ অঞ্চলত দুয়োপাৰৰে

বাকীছোৱা জীৱন / ২৭৫