পৃষ্ঠা:অনিমা গুহ.pdf/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আজব দেশবাসী আন এহাল ভাৰতীয় মূলৰ দম্পতীৰ কপালৰ কথা কওঁ। জী-জোঁৱাই, নাতি-নাতিনী আৰু জোঁৱাইৰ মাকৰে সৈতে তেওঁলোক কেইবাবছৰ কটালে সুখেৰে। নাতিহঁত ডাঙৰ হোৱাৰ পাছত গেৰেজৰ ওপৰত কোঠা এটা সাজি ককা-আইতাকক তাত থাকিবলৈ দিলে। জাৰকালি হেনো কোঠাটো বৰফ শীতল হৈ থাকে। জীয়েকে কয় মাক-দেউতাকক তেওঁ সুখত ৰাখিব খোজে কিন্তু জীয়েকৰ ঘৰত সুখত থাকি ভাৰতত থকা পুতেককহে প্ৰাধান্য দিয়ে। জীয়েকৰ কথা সঁচা হ’লে নিজৰ কপালৰ বাবে পিতৃপ্ৰধান সমাজৰ পুত্ৰ বলিয়া বুঢ়া-বুঢ়ীহালেই দায়ী।

 আমেৰিকাত জ্যেষ্ঠ নাগৰিকে চৰকাৰৰ ফালৰ পৰা আৰ্থিক আৰু আন নানা ধৰণৰ সুবিধা পায়, তেহেলৈ তেওঁলোকৰ জন্ম য’তেই নহওক কিয়। কোনে কি হাৰত পায় নাজানো। মোৰ চিনাকি গৌৰীপুৰৰ বোৱাৰী এগৰাকী দুজন স্বচ্ছল পুতেকৰ লগত কেলিফৰ্নিয়াত থাকে। সেই দেশৰ নাগৰিকত্ব পোৱা হেতুকে অন্ততঃ চিকিৎসাৰ ক্ষেত্ৰত ভালেখিনি সা-সুবিধা পায় তেওঁ। বৃদ্ধ নাগৰিক দেউতাকে চৰকাৰৰ পৰা সাহায্য হিচাপে পোৱা ডলাৰৰ পৰা হাত খৰচৰ বাবে কেইটামান তেওঁক দি বাকী অৰ্থ হেনো অনেক পুতেকে নিজৰ জেপত ভৰায়।

 এসময়ত ছানফ্ৰানছিচকোৰ পৰা চল্লিশ মাইল দক্ষিণে ফ্ৰিমণ্ট চহৰখনত আছিল মাইলৰ পাছত মাইলজোৰা ফলৰ বাগিচা আৰু ফুলকবিৰ খেতি। বৰ্তমানে Bay Area নামেৰে খ্যাত অঞ্চলটোত ফ্ৰিমণ্টেই চতুৰ্থ ডাঙৰ চহৰ য'ত ১৫২ খন দেশৰ পৰা আহি নাগৰিকত্ব লোৱা ভোটদাতা বাস কৰে। এওঁলোকৰ ১৩ শতাংশ বয়সীয়া বহিৰাগতই আন কোনো ভাষা নজনা বাবে ঘৰতেই অকলশৰীয়া হৈ থাকে।

 প্ৰবীন চন্দ্ৰ পেটেল নামৰ অশীতিপৰ ভাৰতীয় বহিৰাগত এজনে ‘গৃহবন্দী’ জ্যেষ্ঠ নাগৰিকসকলক দেখি তেওঁলোকৰ মনোৰঞ্জনৰ বাবে ফ্ৰিমণ্ট চহৰত পোন্ধৰ-ষোল্ল বছৰ আগতে এটা আড্ডাখানা গঢ়ি তুলিছিল, নাম দিছে হাণ্ডেড ইয়াৰ্ছ লিভিং ক্লাব। ভাৰতীয়মূলৰ জ্যেষ্ঠ নাগৰিকসকলে তালৈ অহা-যোৱা কৰি নিঃসংগতা আৰু নিৰ্জনতাৰ বেদনাৰ পৰা মুক্তি পায়।

 মানুহে দলবদ্ধভাৱে থাকিবলৈ বিশেষকৈ সমবয়সীৰ সংগ কামনা কৰে। কেৱল ভাল আহাৰ খাই মানুহে জীয়াই থাকিব নোৱাৰে, মনৰ খাদ্যৰো প্ৰয়োজন হয়। আমেৰিকাত কেইবাঘৰ বাঙালী পৰিয়ালত মাক-দেউতাক বা বিধৱা মাকক পুতেকহঁতৰ লগত থকা দেখিছো। উৎসৱে-পাৰ্বণে বয়সীয়া মানুহখিনি একেলগ হ’লে চিনাকি হওক-নহওক মুহূৰ্ততে দেখিছো পৰম বন্ধুৰ দৰে হাঁহি-মাতি মচগুল হৈ থাকে।

বাকীছোৱা জীৱন /২৭৩