পৃষ্ঠা:অনিমা গুহ.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাইছিল সিঙে। অৱশ্যে ল’ৰাৰ লগত থকা বাবে নিশ্চিন্ত হৈয়ো থাকিছিল। হঠাতে এদিন তেওঁৰ ভৰিৰ তলত মাটি নথকা যেন পালে দেবেন্দ্ৰ সিঙে। ল’ৰা-বোৱাৰীক হেনো প্ৰাইভেচী লাগে। মনৰ দুখত তেওঁ পুতেকৰ ঘৰৰ পৰা ওলাই ভাড়া কৰা কোঠা এটাত ভাৰতীয় জীৱনৰ কথা সোঁৱৰে। তেওঁ ভাবে ভাৰতৰ মানুহে জ্যেষ্ঠজনক সন্মান কৰে আৰু আমেৰিকাৰ মানুহে নিজৰ সুখ-সুবিধাক প্ৰাধান্য দিয়ে। মোৰ বিশ্বাস সিংজীয়ে তাহানিতে ভাৰত এৰিছে। আজি ইয়াতো একেই অৱস্থা।

 সৌসিদিনা গুৱাহাটীৰ এগৰাকী মানুহে ফোন কৰি ক'লে— ‘তোমালোকে বোৱাৰী নিৰ্যাতনৰ কথাত প্ৰাধান্য দিয়া। আজিকালি বোৱাৰী নহয়, শাহু নিৰ্যাতনৰ জমানা চলিছে। কথাষাৰ জানি থোৱা।’

 মই সুধিলো, ‘হঠাৎ কথাষাৰ কিয় ক’লা? তুমিও নিৰ্যাতিতা নে কি?’

 ‘নহ’লোনো কিয় ক’লো’?

 ‘তোমাক নিৰ্যাতন? তুমিতো সোণৰ কণীপৰা হাঁহ। তোমাৰ স্বামীয়ে তোমাক ৰাজৰাণী কৰি থৈ গৈছে৷ তদুপৰি তুমি তেওঁলোকৰ কোনো কামতে হস্তক্ষেপ নকৰা।’

 ‘নাজানো কিয়’?

 বোৱাৰীয়েকক খুৱাবলৈ মিঠা দৰব এপালি দিছিলো। সদ্যহতে বোৱাৰীৰ মুখো হেনো মিঠা হ’ল। আজিকালি শাহু নিৰ্যাতন বহু পৰিয়ালতে চলিছে। জমানা বদল গিয়া। এগৰাকী বোৱাৰীয়েতো শহুৰৰ পৰিয়ালটোক জে'লৰ ভাত খুৱাবলৈ প্ৰায়ে চিলিং ফেনত ওলমিব বুলি ভাবুকি দিছিল।

 কাৰ দোষত এনে এটা সম্পৰ্কৰ সৃষ্টি হয় কোৱা সহজ নহয়। মানুহৰ মনত এটা প্ৰতিশোধ স্পৃহা বোধহয় কেতিয়াবা জাগে। এনে স্পৃহা শাহু-বোৱাৰীৰ ক্ষেত্ৰতে নহয় স্বামী-স্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। অলপতে এগৰাকী মহিলাই মোক কৈছিল তেওঁলোকৰ প্ৰতিবেশী প্ৰৌঢ়া মহিলাগৰাকীয়ে হেনো অসুস্থ স্বামীজনৰ লগত বেয়া ব্যৱহাৰ কৰে। কেতিয়াবা ভাতৰ কাঁহীখন নোধোৱাকৈয়ে জধে-মধে আহাৰ পৰিবেশন কৰে। আনকি পুতেকহঁতেও দেউতাকক উপেক্ষা কৰে। মানুহগৰাকীয়ে নিজেই কৈছে বিয়াৰ পিছৰে পৰা গিৰিয়েকে এদিনৰ বাবেও তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাই। পুতেকহঁতেও দেউতাকক ক্ষমা কৰিব নোখোজে। এতিয়া হাতী গাঁতত পৰিল, এওঁলোকৰো প্ৰতিশোধ স্পৃহা জাগি উঠিল। Tit for tat নীতি মানি চলিছে পত্নী-পুতেকহঁতে। ডেকা তেজ দেখুওৱাৰ ফল ভোগ কৰিছে বুঢ়াকালত।

বাকীছোৱা জীৱন /২৭১