পৃষ্ঠা:অনিমা গুহ.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৃত্যুৰ ক্ষণ গণিবলৈ আৰম্ভ কৰা মনত পৰে। গালি পাৰিলেও তেওঁ ফোনেৰে গৃহস্থক মাতি আনি আবেলি তেওঁৰ লগত কোনোবা বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ ৰেডী হৈ থাকিবলৈ কৈছিল।

 সিদিনা আমাৰ ঘৰত বিৰাজ কৰিছিল মৰিশালিৰ নিস্তব্ধতা। ৰন্ধা ভাত-আঞ্জা তেনেকৈয়ে পৰি থাকিল। আনকি মীনা নামৰ আমাৰ সাহায্যকাৰিনীজনীয়ো লঘোনে থাকিল। আমাৰ ঘৰৰ মালিকৰ ঘৰৰ পৰিবেশো থমথমীয়া। মুঠতে আমি সকলোৱে নিশ্চিত আছিলো যমদূতহঁত আমাৰ চৌহদৰ আশে-পাশে ঘূৰা-পকা কৰি আছে, চিত্ৰগুপ্তৰ পৰা ফোন এটা পালেই মোক সিহঁতে টানি-আঁজুৰি লৈ যাব।

 আমাৰ ঘৰুৱা চিকিৎসক ডাঃ অৰুণ মিত্ৰ খঙাল হ'লেও অন্তৰখন মাখনৰ দৰে। তেওঁ কোনোবা বিশেষজ্ঞক ৰেফাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু গধূলি নিজে লৈ গ’ল গৃহস্থৰ সৈতে মোক গাড়ীত তুলি। যদিও বায়োপ্‌ছিৰ ফলাফল নোপোৱালৈকে ডাঠি একো কোৱা নাযায় তথাপি গোটেইটো জীৱন টিউমাৰ লাৰিচাৰি থকা ডাক্তৰসকলে বুজি পায় কোনটো ম্যালিগ্‌নাণ্ট, কোনটো বিনাইন। মোৰ টিউমাৰটো ভয়ংকৰ বিধ নহয় বুলি জানি সদ্যহতে যমদূতসকলৰ হাতৰপৰা মুক্তি পোৱা যেন লাগিছিল।

 মৃত্যু ভয়ে সাধাৰণ মানুহক ওৰে জীৱন খেদি নুফুৰে যদিও ল’ৰা-ছোৱালীয়ে নিজে খুটি খাব পৰা নোহোৱালৈকে মাক-বাপেকৰ মনত সেই ভয়টো অন্তঃসলিলা নৈৰ দৰে বৈ থাকে। আমাৰ পুত্ৰ সেই সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী আছিল বাবে সম্ভৱ কেন্সাৰৰ নাম শুনিয়ে মই মূৰ্ছা গৈছিলো।

 জামী আৰু জাহানাৰাৰ কথা উলিয়াই প্ৰসংগান্তৰলৈ গ'লো। অসমলৈ উভতি আহি তেওঁলোকৰ কথা শিশু-সাহিত্যিক কবি তোষপ্ৰভা কলিতাক কওঁতে তেওঁৰ জীয়ৰী পূৰৱী জাঁপ মাৰি উঠিছিল। তেৱোঁ হেনো জামীক বিচাৰি ফুৰিছে! আমি বিভিন্ন বিষয়ে আলোচনা কৰো। কিন্তু কোনো দিনে জামীৰ প্ৰসংগ ওলোৱা নাছিল। বিজ্ঞানী তথা কবি স্বামী বিপুল শ‍ইকীয়াৰ লগত জাপানত থাকোতে পূৰৱীয়েও হেনো মোৰ দৰে বাংলাদেশৰ মানুহক লগ পালে জামীৰ কথা সুধিছিল।

 জামীক লগ পোৱাৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা মোৰ শূন্য। তেওঁ মোক বাৰে বাৰে কৈছিল ইয়াৰ পাছত আমেৰিকালৈ গ'লে যেন তেওঁলোকৰ তালৈ যাওঁ। পিছে তালৈ হয়তো আৰু যোৱা নহ'ব। ২০১০ চনৰ ফেব্ৰুৱাৰীৰ ২৮ তাৰিখে গৃহস্থৰ ভৰিখন ভগাৰ পাছত হাড় ভালকৈয়ে জোড়া লগা সত্ত্বেও তেওঁক যেন বাৰ্ধক্যই হেঁচি

২৬৬/ বাকীছোৱা জীৱন