পৃষ্ঠা:অনিমা গুহ.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধাৰণা হ’ল জাহানাৰা ইমামক জানে এলিট শ্ৰেণীৰ মানুহে। জামীৰ ফোন নম্বৰটো পাই বিশ্বখন হাতৰ মুঠিত পোৱা যেন পাইছিলো।

 ডেকাজনৰ কণ্ঠস্বৰ শুনি মোৰ নিজৰ মাতটো থোকাথুকি হৈছিল। জামীও অভিভূত। তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সহানুভূতিশীল কোনোবা ভাৰতীয় মহিলাই তিনিটা দশক ধৰি তেওঁক যে বিচাৰি ফুৰিব পাৰে ই হেনো তেওঁৰ কল্পনাৰ অতীত। স্বাভাৱিকতেই আমি পৰস্পৰৰ ওচৰ চাপিলো। মোক তেওঁ ‘খালা’ (মাহী) বুলিয়ে সম্বোধন কৰিলে। ইতিমধ্যে মাক প্ৰয়াত। ঢাকাত তেওঁলোকৰ ঘৰৰ এটা অংশত জাহানাৰা ইমামৰ নামেৰে এটা মিউজিয়াম প্ৰতিষ্ঠা কৰিছে। মই আকৌ ঢাকালৈ গ’লে তেওঁক জনাবলৈ কৈছে; থকা-মেলাৰ সকলো ব্যৱস্থা কৰি দিব। তেওঁৰ আমেৰিকাৰ মিচিগানৰ ঘৰলৈকো আমন্ত্ৰণ জনালে। মাকে অসুস্থ অৱস্থাত লিখা ‘ক্যান্সাৰেৰ সাথে বসবাস’ গ্ৰন্থখন পঢ়িবলৈ কৈ বাংলাদেশী কোন দোকানত পোৱা যায় কৈছিল। কিতাপখন ভাৰতমুখী বিমানত বহি পঢ়ি লেখিকাৰ মৃত্যুভয় জয় কৰাৰ অদম্য মানসিক শক্তিক প্ৰশংসা নকৰি নোৱাৰিলো। কেন্সাৰ শব্দটোৰ সৈতে নিবিড়ভাৱে যুক্ত মৃত্যু ভয়। মৃত্যুৰ আগতেই ৰোগীক মৃত্যুৰ অতল গুহাত নিক্ষেপ কৰে এই ৰোগে। অতি মহৎ ব্যক্তিয়েহে পাৰে মৃত্যু সম্পৰ্কে নিৰ্মোহ হ’বলৈ। তেওঁৰ এই নাতিদীৰ্ঘ কিতাপখনে মৃত্যুভয় অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব। ৰূপৱতী লাৱণ্যময়ী জাহানাৰাক কালৰোগে আক্ৰমণ কৰিছিল মুখত। চিকিৎসা কৰাবলৈ গৈ তেওঁ হেৰুৱাইছিল ৰূপ-লাৱণ্য। হয়তো মনৰ জোৰতে তেওঁ চিকিৎসাধীন অৱস্থাত জীয়াই আছিল দহ বছৰ। মৃত্যুৰ দিন যিমানেই আগুৱাই আহিছিল সিমানেই সক্ৰিয়ভাৱে লেখা-মেলাত ব্যস্ত হৈছিল লিখিব খোজা কথাবোৰ ব্যক্ত কৰিবলৈ। প্ৰতি গ্ৰন্থমেলাত এখন-দুখন কিতাপ প্ৰকাশ কৰিছিল অসুস্থ অৱস্থাতে। এসত্তৰত স্বামী আৰু পুত্ৰ ছহিদ হওঁতে যি মৃত্যুই তেওঁক স্পৰ্শ কৰিব পৰা নাছিল সেই মৃত্যুই কেন্সাৰৰ ৰূপত দেখা দিলে কেইটামান বছৰ পাছত।

 জাহানাৰা ইমামৰ দৰে মৃত্যুভয় জয় কৰিব পৰা মহিলাসকলক দেখিলে নিজকে তুচ্ছাতিতুচ্ছ যেন লাগে। এবাৰ বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ চেম্বাৰলৈ যাওঁতে পেটটো হেঁচি হেঁচি চাই চক খাই উঠি ডাক্তৰে মোক ধমকি এটা মাৰি কৈছিল— ‘পেটত এটা ইমান ডাঙৰ টিউমাৰ লৈ কেনেকৈ ঘূৰি ফুৰিছে।' সুধিছিলো কেন্সাৰ হ’ব পাৰে নেকি? ‘পাৰে’— তেওঁৰ খাৰাংখাচ উত্তৰ। কেন্সাৰ নামটো শুনিয়ে তাত মই ঢলি পৰিছিলো। ডাক্তৰে লৰালৰিকৈ কিবা এটা বেজী দি মোক স্বাভাৱিক কৰিছিল যদিও

বাকীছোৱা জীৱন / ২৬৫