পৃষ্ঠা:অনিমা গুহ.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাইল দক্ষিণলৈ এইগৰাকী মহাশক্তিধাৰিণীয়ে নিৰ্ভয়ে যাত্ৰা কৰিছিল তেওঁৰ স্বজাতিক দাসত্বৰ পৰা মুকলি কৰি আনিবলৈ।

 দাসত্বৰ শিকলিৰে বান্ধ খাই থকাতকৈ মৃত্যুয়ে শ্রেয়— এই শাৰী বাক্যৰে হেৰিয়েটে পলাতকসকলক উদ্বুদ্ধ কৰিছিল। উদ্ধাৰ অভিযানলৈ যাওঁতে হাতত তেওঁ সদায় ৰাখিছিল এটা পিস্তল ! তদুপৰি যি কোনো পৰিস্থিতি চম্ভালিবলৈ তেওঁৰ আছিল এটা স্বভাৱজাত পাৰদৰ্শিতা। সৈন্যবাহিনীৰ কমাণ্ডাৰৰ দৰে পলাতকসকলক মাজনিশাৰ এন্ধাৰত তেওঁ বাট দেখুৱাই নিছিল। কোনোবাই ভয়ত নাইবা কষ্ট সহ্য কৰিব নোৱাৰি উভতি যাব খুজিলে হেৰিয়েটে পিস্তলটো মানুহজনৰ মূৰত লগাই কৈছিল— ‘আগবাঢ়া নহ'লে মৰা।' অৱশ্যে কোনেও মৰিবলগীয়া হোৱা নাই। নিজান হাবি, জলাভূমি আদিৰ মাজেৰে যোৱা ভাগৰুৱা পলাতকসকলক উৎসাহ যোগাবলৈ হেৰিয়েটে গানো গাইছিল। বাল্যকালত মালিকৰ ঘোচা খাই অজ্ঞান হোৱা মানুহগৰাকীৰ মগজুৰ কোনোবা এটা অংশ ৰোগগ্রস্ত হোৱাত তেওঁ ওৰে জীৱন মাজে মাজে জ্ঞান হেৰুৱাই অসাৰ হৈ পৰিছিল। এই দুঃসাহসী মানুহগৰাকীয়ে দুর্গম অঞ্চলেৰে অহা-যোৱা কৰোতে সেই ৰোগটোৰ দ্বাৰা আক্ৰান্ত হ’লে তাতেই বাগৰি পৰিছিল। সুস্থ বোধ কৰাৰ পাছত স্প্রিংমেনৰ দৰে জাঁপ মাৰি উঠি আকৌ যাত্ৰা কৰিছিল। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল এনেধৰণৰ—

 Keep going, children if you are tired keep going, if you are scared keep going, if you are hungry keep going, if you want to taste freedom, keep going.

 হেৰিয়েটৰ জীৱনৰ এই মূলমন্ত্ৰটো সমগ্ৰ আমেৰিকাবাসীৰ জীৱনৰ মূলমন্ত্ৰ হিচাপে গৃহীত হৈছে।

 তেতিয়াৰ দিনতে হেৰিয়েটৰ মূৰৰ মূল্য বাৰ হেজাৰ ডলাৰ ধার্য কৰাৰ পিছতো তেওঁ ধৰা পৰা নাছিল। ধৰা পৰো পৰো অৱস্থাতো তেওঁ ভেশছন ধৰি ছলনাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। আৰু অনেক ঘটনা-পৰিঘটনাৰে সমৃদ্ধ এইগৰাকী অবিস্মৰণীয় নাৰীৰ জীৱনী পাঠ কৰি মুগ্ধ হৈছিলো। তেওঁৰ সমপৰ্যায়ৰ পুৰুষ বা মহিলা বিশ্বত বিৰল।

 দাসপ্রথাবিৰোধী আন্দোলনৰ (Abolition) প্রখ্যাত যোদ্ধা উইলিয়াম ছিৱাৰ্ডৰ ঘৰো আছিল আবাৰ্নত। হেৰিয়েট আৰু ছিৱাৰ্ডৰ লক্ষ্য একে আছিল, দুয়ো সহযোদ্ধাও আছিল। কিন্তু সামাজিক মর্যাদাত দুয়োৰে স্থান আছিল দুই মেৰুত। কৃষ্ণাংগিনী

বাকীছোৱা জীৱন /২৫৫