পৃষ্ঠা:অনিমা গুহ.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাখিবলৈ সেই গাঁওখনত কিবা কৰিবলৈ।

 চন্দ্ৰপ্ৰভাৰ যিটো সজাগতা আৰু চাৰিত্ৰিক দৃঢ়তা আছিল ই এলিজাবেথতকৈ কোনো অংশে কম নাছিল। কিন্তু তেওঁলোক উপজি ডাঙৰ হোৱা পৰিবেশ দুটাৰ মাজত আছিল আকাশ-পাতাল পাৰ্থক্য। চন্দ্ৰপ্ৰভাই পোৱা নাছিল এলিজাবেথে পোৱা পাৰিপাৰ্শ্বিক পৰিবেশ। আমি জানো যে জন্মগত প্ৰতিভা আৰু পৰিবেশৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ সাফল্য। এলিজাবেথৰ দৰে বিশ্বখ্যাত হোৱাৰ সকলো প্ৰতিভা থকা সত্ত্বেও একমাত্ৰ অসমত জন্মগ্ৰহণ কৰা বাবে চন্দ্ৰপ্ৰভাৰ প্ৰভা অসমৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে।

আন এগৰাকী তেজস্বিনীক বিচাৰি : ছেনেফা ফল্ছৰ পৰা ওলাই আমি গ'লো ফিংগাৰলেক অঞ্চলৰে আন এখন চহৰ অৱাৰ্ণলৈ। ইয়াতে আন এগৰাকী তেজস্বিনী হেৰিয়েট টাবমেনে জীৱনৰ শেষ বছৰকেইটা অতিবাহিত কৰিছিল। এলিজাবেথ আৰু হেৰিয়েট আপাতদৃষ্টিত দুই মেৰুৰ বাসিন্দা। প্ৰথমগৰাকী শ্বেতাংগ, প্ৰগতিশীল তথা অভিজাত পৰিয়ালৰ জীয়ৰী আৰু বোৱাৰী। চহকী আৰু শিক্ষিতা। দ্বিতীয়গৰাকী কৃষ্ণাংগ, ক্ৰীতদাস পৰিয়ালৰ। দৰিদ্ৰ আৰু নিৰক্ষৰ। কিন্তু দুয়োৰে মাজত আছে এটা আশ্চৰ্য সাদৃশ্য। দুয়ো মানৱ জাতিৰ মুক্তিকামী। দুয়ো শত বাধা পাৰ হৈ একমাত্ৰ মনৰ জোৰত নিজ নিজ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল. অৱশ্যে ক্ৰীতদাস হেৰিয়েটৰ পথ আছিল অধিক বিপদসংকুল।

 এটা বয়সত গল্প-উপন্যাস পাঠ কৰা মোৰ নিচা আছিল যদিও পিছলৈ প্ৰবন্ধ আৰু বিশেষকৈ জীৱন যুদ্ধত সফল মহিলাৰ জীৱনী পাঠ কৰিবলৈ ভালপোৱা হ'লো। এলিজাবেথ আৰু হেৰিয়েট টাবমেনৰ জীৱনীয়ে মোক এসময়ত প্ৰভাৱিত কৰিছিল। তেতিয়া মই ভবা নাছিলো যে কেতিয়াবা আমেৰিকালৈ আহিম আৰু অহাৰ পাছতো আশা কৰা নাছিলো এওঁলোকৰ কৰ্মভূমি দৰ্শন কৰা সম্ভৱ হ’ব। কোৱা হয় heart's earnest desire never remains unfulfilled. হয়তো সেই কাৰণেই মোৰ জীৱনৰ এটা আশা পূৰণ হ’ল। এলিজাবেথ আৰু হেৰিয়েট দুয়োৰে সান্নিধ্য লাভ কৰা যেন লাগিছিল ফিংগাৰলেক অঞ্চললৈ আহি। সেই সময়ত মোৰ হৃদয়ত যি আবেগ আৰু অনুভূতিৰ সৃষ্টি হৈছিল সম্ভৱতঃ এনে অনুভূতি অনুভৱ কৰে ধাৰ্মিক ইছলামধৰ্মীসকলে মক্কা আৰু হিন্দুসকলে তিৰুপতি মন্দিৰ বা কাশীৰ বিশ্বেশ্বৰ মন্দিৰ দৰ্শন কৰি।

বাকীছোৱা জীৱন / ২৫৩