পৃষ্ঠা:অনিমা গুহ.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যি কি নহওক সোঁতৰ বিপৰীতে সাঁতুৰি লক্ষ্যত উপনীত হোৱা মানুহগৰাকীক সিদিনা প্ৰতিটো মুহূৰ্ততে লগ পোৱাৰ সুখানুভূতি হৈছিল মোৰ। প্ৰাৰ্থনাগৃহ প্ৰাংগণৰ পৰা আমি গৈছিলো এলিজাবেথে পোন্ধৰ বছৰ একেৰাহে বাস কৰা ঘৰটোলৈ। সন্মুখৰ ঘাঁহনিত গাড়ীৰ পৰা নামি ভৰিখন থোৱাৰ লগে লগে আনন্দ-উত্তেজনা আৰু প্ৰাপ্তিৰ এটা সংমিশ্ৰণ মনৰ ওপৰেদি বৈ যোৱা যেন লাগিছিল।

 যিটো ঘৰ নাৰী অধিকাৰ আন্দোলনৰ বাটকটীয়া তেজস্বিনী এলিজাবেথ কেডি ষ্টেনটনৰ কৰ্মক্ষেত্ৰও আছিল তাত সোমাই মই অত্যন্ত আবেগপ্ৰৱণ হৈ পৰিছিলো। তেওঁৰ পঢ়া কোঠাটোত সোমাই লিখা-পঢ়া কৰা মেজখন, চকীখন, পাখিৰ কলমটো, তেওঁৰ হাতৰ আখৰেৰে লিখা প্ৰবন্ধৰ কেইটামান পৃষ্ঠা (ফটো কপি), কাষত থকা চোফাখন, কাষৰ কোঠাত থকা পিয়ানোটো চুই মানুহগৰাকীৰ স্পৰ্শ অনুভৱ কৰিছিলো। একে একে শোৱা কোঠা, খোৱা কোঠা আদি চাওঁতে চাওঁতে মনত পৰিছিল ছুচান বি এনথনীলৈ। দুয়োগৰাকী তপস্বিনীয়ে ইয়াৰে ক'ৰবাত বহি কেৱল নাৰী মুক্তিয়ে নহয় ক্ৰীতদাসকে ধৰি শোষিতজনৰ মুক্তিৰ চিন্তা কৰিছিল, অসংখ্য প্ৰৱন্ধ-পাতি, ঘোষণাপত্ৰ, ইস্তাহাৰ আদি ৰচনা কৰিছিল।

 আমেৰিকাৰ ঊনৈশ শতিকাৰ নাৰীবাদী আন্দোলনৰ বিষয়ে কিছু পঢ়া-শুনা কৰিছিলো। সেই অলপীয়া জ্ঞানৰ ভিত্তিত ছুচান আৰু এলিজাবেথ সম্পৰ্কে কৈ থাকোতে শকত-আৱত গাইডগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল— তুমি ইমান কথা জানিলা কেনেকৈ? কেনেকৈ জানিলো শুনি তেওঁ কৈছিল— তোমাৰ প্ৰিয় নাৰীগৰাকীৰ ঘৰটো দৰ্শন কৰিবলৈ অসমৰ পৰা আহিছো, ধন্য তুমি। ধন্য আমিও। কাৰণ সুদূৰ অসমৰ এগৰাকী মহিলাৰ আদৰ্শ নাৰীগৰাকী যে আমেৰিকান।

 অলপ ৰগৰ কৰি গাইডক ক'লো— তুমি আজি চাৰ্ট-পেণ্ট পিন্ধি মুকলিমূৰীয়া হৈ ঘূৰি ফুৰিছা। যাৰ চেষ্টাত আজি তোমাৰ এই স্বাধীনতাপ্ৰাপ্তি তেওঁ সাধাৰণ ব্লুমাৰ পোছাকটো পিন্ধা বাবে কিমান যে কটু কথা শুনিবলগীয়া হৈছিল।

 এটা পৰিতৃপ্ত মনেৰে ঐতিহাসিক ছেনেকা ফল্ছৰ পৰা আহিবৰ সময়ত হঠাতে নিজৰ প্ৰতি বীতশ্ৰদ্ধ বোধ কৰিলো। আজি বিদেশৰ মাটিত বিচাৰি আহিছো এগৰাকী অগ্নিকন্যাক, যাৰ স্মৃতি অমৰ কৰি ৰাখিছে তেওঁৰ স্বদেশবাসীয়ে। অসমত নাৰী আন্দোলনৰ পথ প্ৰদৰ্শক তেনে এগৰাকী অগ্নিকন্যা আমাৰ মাজতো জানো নাছিল? কিন্তু সেইগৰাকী ধ্বজাধাৰিণী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মস্থান দৈশিংৰী গাঁৱলৈ যোৱাৰ কথাতো কেতিয়াও ভবা নাই। কেতিয়াওতো ভবা নাই চন্দ্ৰপ্ৰভাৰ স্মৃতি যুগমীয়া কৰি

বাকীছোৱা জীৱন /২৫১