পৃষ্ঠা:অনিমা গুহ.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দীঘলীয়া হাতৰ চোলা আৰু টুপীৰে মূৰ ঢাকি লোৱা মহিলা অংশগ্ৰহণকাৰী আৰু দৰ্শক-শ্ৰোতাৰ মাজত ময়ো যেন গৈ থিয় দিলো। সৌৱা সভাপতিৰ আসনত বহি আছে লুক্ৰেশ্বিয়াৰ স্বামী জেমচ্ মট। নিৰ্দিষ্ট বক্তা এলিজাবেথৰ মুখমণ্ডলত বিৰিঙি উঠিছে ঊষাৰ সুৰুযৰ আভা। বিজয়িনীৰ হাঁহিৰে তেওঁ তিনিশ শ্ৰোতাৰ সন্মুখত পাঠ কৰিবলৈ ধৰিলে...

 The history of mankind is a history of repeated injuries and usurpations on the part of man toward woman, having in direct object the establishment of an absolute tyranny over her. To prove this, let facts be submited to a candid world.

 মইতো প্ৰকৃততে তেওঁৰ বক্তৃতা নিজ কাণেৰে শুনা নাছিলো। প্ৰাৰ্থনা গৃহটোৰ দাঁতিত গ্ৰেনাইট পাথৰেৰে নিৰ্মিত এখন দেৱালত খোদাই কৰা আছে Sentiment ৰ তালিকাখন আৰু চহী কৰোতাসকলৰ নামবোৰ। চৌবিশ ঘণ্টা স্বচ্ছ পানীৰে বিধৌত দেৱালখনত লিখি থোৱা আছে ‘Sentiment’ বোৰ। পঢ়ি শিহৰিত হৈ ভাবিছো এই মানুহগৰাকী দুশ বছৰ আগতে উপজিছিল নে? তেৱেঁই কৈছিল নে এইবোৰ বাক্য? ‘candid world'ক তেওঁ কি কৈছিল?

 He has never permitted her to exercise her inalienable right to the elective franchise.

 He has compelled her to submit to laws, in the formation of which she had no voice...

 He has made her, if married, in the eyes of law, civily dead...

 He has framed the laws of divorce, as to what shall be the proper causes, and in case of separation, to whom the guardianship of the children shall be given, as to be wholly regardless of the happiness of women...

 He has monopolized nearly all the profitable employments...

 He has denied her the facilities for obtaining a thorough education, all colleges being closed against her.

 He allows her in church, as well as in State, but a subordinate position...

বাকীছোৱা জীৱন / ২৪৭