পৃষ্ঠা:অনিমা গুহ.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগ পালে লুক্ৰেশ্বিয়া মটক। তেওঁৰ হৃদয়ত পুঞ্জীভূত হৈ থকা দীৰ্ঘদিনীয়া ক্ষোভৰ উদ্গীৰণ ঘটিল সেই চাহমেলতে। তেওঁ ক'লে আৰু এক মুহূৰ্তও নহয়, আজিয়ে কামত জঁপিয়াই পৰিব লাগিব। লগে লগে ৰচনা কৰিলে এটা দিগ্দৰ্শী থীম (Theme) All men and women are created equal.

 এসপ্তাহ পাছত ১৬ জুলাই তাৰিখে একেধৰণৰ চিন্তাত লিপ্ত মহিলা জেন হাণ্ট, লুক্ৰেশ্বিয়া মট আৰু এলিজাবেথে Declaration of Sentiments নাম দি এখন ঘোষণা পত্ৰৰ প্ৰাথমিক লিপিটো যুগুতালে। লগে লগে স্থানীয় পত্ৰিকাত জাননী দিলে যে পাঁচ দিন পাছত ১৯ আৰু ২০ জুলাই তাৰিখে স্থানীয় ওৱেছলিয়ান চ্যাপেলত Women's Rights Convention অনুষ্ঠিত হ'ব।

 ১৭৭৬ চনত ৰচিত আমেৰিকাৰ Declaration of Independence ৰ মূলনীতিৰ লগত সংগতি ৰাখি এলিজাবেথে এখন মেনিফেষ্টো প্ৰস্তুত কৰিলে। তাৰ পিছত তেওঁ লিখি উলিয়ালে Declaration of Rights and Sentiments.

 ১৯ জুলাইৰ দিনা কোনেও আশা কৰা নাছিল যে সৰু চহৰখনত তিনিশৰো অধিক পুৰুষ-মহিলা সেই সভাত উপস্থিত হ’ব। বাটত সিদিনা ঘোঁৰাৰ গাড়ীৰে আৰু খোজকাঢ়ি অহা মানুহে হেনো যান-জঁটৰ সৃষ্টি কৰিছিল।

 আমেৰিকান কংগ্ৰেছে ছেনেকা ফল্ছৰ ১৩৬ নম্বৰ ফল ষ্ট্ৰীটত ১৯৮০ চনত প্ৰতিষ্ঠা কৰিছে Women's Rights National Historical Park। তাত অৱস্থিত Visitors' Centre ত সোমায়ে দেখা পালো এলিজাবেথ কেডি ষ্টেনটন আৰু লুক্ৰেশ্বিয়া মটকে ধৰি Women's Rights Convention -অত অংশগ্ৰহণ কৰা কুৰিগৰাকী পুৰুষ-মহিলাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। তাতে প্ৰতিষ্ঠা কৰা আহল-বহল মিউজিয়ামটো নাৰী অধিকাৰ আন্দোলনৰ সময়ছোৱাৰ মূল চিঠি-পত্ৰ, দলিল, ঘোষণা পত্ৰ, আলোকচিত্ৰ আদি বিবিধ নথি-পত্ৰেৰে সমৃদ্ধ। আন এটা কোঠাত এলিজাবেথৰ দীঘলীয়া সংগ্ৰামী জীৱনৰ সহকৰ্মিনী চুছান বি এন্থনিৰ সহযোগত ব্যৱহাৰ কৰা ছপাশালৰ যন্ত্ৰপাতি, ৰাইজলৈ পঠোৱা গোহাৰি, তেওঁলোকে প্ৰকাশ কৰা ‘দ্য ৰিভলিউশ্যন’ পত্ৰিকাৰ কপি সুৰক্ষিত অৱস্থাত আছে।

 Visitor's Centre ৰ গাতে লাগি আছে দুখন বেৰ আৰু চাল এখনৰে সৈতে নাৰী অধিকাৰ আন্দোলনৰ জীয়া সাক্ষী ঐতিহাসিক ওৱেছলিয়ান চ্যাপেল প্ৰাৰ্থনা গৃহটো। মই কল্পনাপ্ৰিয়। দুখন ডেউকা লগাই সময়ৰ বিপৰীত দিশে উৰি উৰি গৈ ১৮৪৮ ৰ ১৯ আৰু ২০ জুলাই পাইছিলো। ভৰিৰ পতালৈকে বৈ পৰা গাউন,

২৪৬/ বাকীছোৱা জীৱন