পৃষ্ঠা:অনিমা গুহ.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃতজ্ঞ হ’ল এইগৰাকী ব্যতিক্ৰমী পুৰুষৰ প্ৰতি।

 নিউয়ৰ্ক ৰাজ্যৰ এক আধুনিক চিন্তাধাৰাৰে আলোকপ্ৰাপ্ত তথা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এলিজাবেথ বাল্যকালতে নাৰী-পুৰুষৰ বৈষম্যৰ প্ৰতি সজাগ হৈছিল। বিশেষকৈ তেওঁৰ আইনজীৱী দেউতাকৰ ওচৰলৈ ন্যায় বিচাৰি অহা এগৰাকী বিধৱা মহিলাক আইনৰ হেঙাৰ থকা বাবে তেওঁৰ ‘প্ৰাপ্য’ সম্পত্তি উদ্ধাৰ কৰি দিব নোৱাৰিব বুলি শুনি এঘাৰ বছৰীয়া এলিজাবেথে খঙতে আইনৰ কিতাপবোৰ কেঁচিৰে কাটিবলৈ ওলাইছিল। মহিলাগৰাকীক তেওঁৰ দেউতাকে বিয়াৰ সময়ত ঘৰ এটা উপহাৰ দিছিল যদিও তেতিয়াৰ প্ৰচলিত আইনমতে ঘৰটোৰ মালিক হৈছিল স্বামীজনহে। স্বামীৰ মৃত্যুৰ পাছত সকলো সম্পত্তি লাভ কৰিলে পুতেকে, যিজন আছিল তেওঁৰ সতিনীৰ পুত্ৰ। অৰ্থাৎ দেউতাকে ঘৰ এটা দিয়া সত্ত্বেও আইনৰ মেৰপাকত পৰি জীয়েক নিঠৰুৱা হ'বলগীয়া হ’ল। আইনৰ কিতাপ কেঁচিৰে কাটিবলৈ উদ্যত হোৱা কণমানি এলিজাবেথক দেউতাকে কৈছিল ডাঙৰ হ’লে আইন সংশোধন কৰিবলৈ। পিছে দেউতাকে গম নাপালে যে তেওঁৰ উপদেশে পক্ষপাতদুষ্ট আইনবোৰ সংশোধন কৰাৰ দৃঢ় সংকল্পই জীয়েকৰ মনত সেই মুহূৰ্তৰে পৰা ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিল।

 এইগৰাকী অগ্নিকন্যাৰ কৰ্মজীৱনৰ বিভিন্ন দিশ সামৰি এলানি প্ৰবন্ধ ২০০৬ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ প্ৰকাশিত ‘সাতসৰী' নামৰ আলোচনীত ধাৰাবাহিকভাৱে লিখিছো। এলিজাবেথৰ বৈপ্লৱিক জীৱনে মোক মুগ্ধ কৰিছিল। গতিকে তেওঁ বাস কৰা ঘৰটো, তেওঁৰ কৰ্মক্ষেত্ৰখন দৰ্শন কৰিবলৈ সুযোগ পাই মোৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত হোৱা যেন লাগিছিল।

 World Anti-Slavery Convention অনুষ্ঠিত হোৱা সভাগৃহৰ পৰা ওলাই আহি এলিজাবেথ আৰু আন এগৰাকী এৱলিশ্বনিষ্ট লুক্ৰেশ্বিয়া মটে সিদ্ধান্ত লৈছিল যে আমেৰিকালৈ উভতি গৈয়ে নাৰী অধিকাৰৰ বাবে আন্দোলন কৰিব। পিছে বিবাহিতা মহিলাই কথা ৰাখিব নোৱাৰে। কম সময়ৰ ব্যৱধানত এলিজাবেথে জন্ম দিলে তিনিটা সন্তানক। মাকৰ কৰ্তব্য সীমাহীন বুলি স্বীকাৰ কৰিও তেওঁ আছিল এগৰাকী আদৰ্শ মাতৃ, সন্তান আৰু গৃহস্থালিক অৱজ্ঞা কৰা নাছিল। উপযুক্ত পৰিবেশৰ অভাৱত নাৰীমুক্তিৰ বাবে একো কৰিব নোৱৰা এলিজাবেথে নিজকে তুলনা কৰিছিল পিঞ্জৰাত বন্দী সিংহিনীৰ লগত।

 ১৮৪০ চনত নাৰী অধিকাৰৰ বাবে সক্ৰিয় হ’বলৈ সিদ্ধান্ত লোৱাৰ আঠ বছৰ পাছত ১৮৪৮ ৰ ৯ জুলাই তাৰিখে ছেনেকা ফল্ছতে এঘৰৰ চাহমেলত এলিজাবেথে

বাকীছোৱা জীৱন / ২৪৫