পৃষ্ঠা:অনিমা গুহ.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰাটোও অপৰাধ।

 এনে পৰিস্থিতিত বাট-পথহীন মৰুপ্ৰান্তৰলৈ গৈ অপৰাধী সাজিবলৈ মোৰ দৰে অলপ ধতুৱাই সাহ কৰোনো কেনেকৈ? প্ৰৱন্ধ-পাতি পঢ়িয়ে ‘তৃতীয় বিশ্ব’ৰ বাতৰি সংগ্ৰহ কৰি ঘৰমুৱা হৈছিলো।

নাৰীমুক্তি আন্দোলনৰ জন্মভূমিলৈ : ২০০৫ চনত ল’ৰাহঁতৰ তালৈ যাওঁতে তেওঁলোকে সুধিলে এইবেলি মোৰ ক’লৈ যোৱাৰ ইচ্ছা। সেমেনা-সেমেনিকৈ ক'লো আমেৰিকাত নাৰীমুক্তি আন্দোলনৰ জন্মভূমি ছেনেকা ফল্ছৰ ঐতিহাসিক প্রার্থনা গৃহটো চাবলৈ ইচ্ছা যায়, য'ত প্ৰথম Women's Rights Convention খন ১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাইত এলিজাবেথ কেডি ষ্টেনটনৰ নেতৃত্বত অনুষ্ঠিত হৈছিল। পুত্ৰই ক'লে— তথাস্তু। সেই উদ্দেশ্যে নাতিহঁতৰ গৰমৰ বন্ধত উত্তৰ পশ্চিম বা আপস্টেট নিউয়র্ক বুলি জনাজাত এলেকাটোৰ ফিংগাৰ লেক অঞ্চললৈ গ'লো। এই অঞ্চলৰ উৰ্বৰ কৃষিভূমিত উৎপাদিত হৈছিল বিবিধ ফচল। আৰু প্ৰয়োজনীয় সকলো সা-সামগ্রী উৎপাদন কৰিবলৈ ঊনৈশ শতিকাৰ মাজভাগত নির্মিত হৈছিল অসংখ্য কল-কাৰখানা। ছেনেকা ফল্ছো আছিল এখন গুৰুত্বপূৰ্ণ শিল্পনগৰী। কেৱল কৃষি আৰু শিল্প-উদ্যোগৰ বাবেই নহয়, এই অঞ্চল এসময়ত আছিল মানৱীয় চিন্তা-চৰ্চাৰ কেন্দ্ৰভূমি। ওঠৰ-ঊনৈশ শতিকাত ঘাইকৈ ক্রীতদাস প্রথা বিলুপ্তিকৰণ (Abolition) আৰু নাৰী অধিকাৰ সম্পৰ্কীয় বিষয়বোৰ গভীৰভাৱে আলোচিত হৈছিল। এবলিশ্যনিষ্ট উইলিয়াম ছিওৱাৰ্ড, হেৰিয়েট টাবমেন, ফ্রেডৰিক ডগলাচ আৰু সাম্যত বিশ্বাসী কোৱেকাৰ দলভুক্ত চুছান বি এন্থনি, টমাছ আৰু মেৰী আন মেকলিনটক্, জেন আৰু ৰিচাৰ্ড হাণ্ট প্ৰমুখ্যে খ্যাতনামা সমাজসেৱীসকলৰ বাসস্থান আৰু কর্মক্ষেত্র আছিল ফিংগাৰ লেক অঞ্চলত। ১৮৪৭ চনত ইয়ালৈ আহে নাৰীমুক্তিৰ ধ্বজাধাৰিণী এলিজাবেথ কেডি ষ্টেনটন আৰু তেওঁৰ এবলিশ্যনিষ্ট আইনজীৱী স্বামী হেনৰী ষ্টেনটন।

 ঊনৈশ শতিকাৰ আগতে পশ্চিমৰ নাৰীৰ অৱস্থাও আছিল পুতৌলগা। ৰেনাছাঁৰ পিছত সোতৰ-ওঠৰ শতিকাত পশ্চিমৰ চিন্তাশীল আৰু দাৰ্শনিক ব্যক্তিসকলে নাৰীও স্বাধীন সত্তাৰ অধিকাৰী বুলি উপলব্ধি কৰিবলৈ ধৰে। এওঁলোকৰ মাজত জন ল’ক (১৬৩২-১৭০৪), হেনৰিক ইবছেম (১৮২৮-১৯০৬), মেৰী ৱলষ্টনক্রেফট (১৭৫৯-১৭৯৭) আদি পুৰুষ-মহিলাৰ নাম উল্লেখযোগ্য। এওঁলোকৰ বাহিৰেও গাইগুটীয়াকৈ কিছু মহিলা নাৰীৰ স্বাধীন সত্তাৰ বিষয়ে সচেতন আছিল। মই আচৰিত হৈ ১৭৭৫

বাকীছোৱা জীৱন / ২৪৩