পৃষ্ঠা:অনিমা গুহ.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাতাজীক দেখি উপলব্ধি কৰিছিলো। ধাৰণা হ’ল দৰিদ্ৰ হৈয়ো তেওঁ মহাৰজা।

মৰুভূমিত ফলৰ বাগিচা : নিউয়ৰ্ক টাইমছত প্ৰকাশিত ছুছান ছাচ্ছ আৰু এভিলিন নিইভ্ছৰ প্ৰবন্ধ দুটা পঢ়ি গম পাইছিলো যে চাকিৰ তলত এন্ধাৰৰ দৰে প্ৰথম বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকাৰ ছাটমৰা ঔজ্জল্যৰ তলত আছে এখন তৃতীয় বিশ্বৰ তুলনাতো নিম্নখাপৰ বিশ্ব য'ত বাস কৰে এটা ভেৰাৰখীয়া শ্ৰমিক শ্ৰেণী। এইখন বিশ্ব কেলিফ'ৰ্নিয়াৰ মৰুভূমি অঞ্চল। আন এটা বাতৰিও মোৰ বাবে আছিল অপ্ৰত্যাশিত। একেখন ৰাজ্যৰ মৰু অঞ্চলত হেনো উৎপাদিত হয় অপৰ্যাপ্ত ফল। সমগ্ৰ আমেৰিকাত ফলৰ যোগান ধৰা দুখন ৰাজ্যৰ ভিতৰত এখন হ’ল কেলিফ'ৰ্নিয়া। প্ৰথম বিশ্বৰ মাজত সোমাই থকা তৃতীয় বিশ্বখন আৰু মৰুভূমিৰ ফলৰ বাগিচা— এই দুয়োটা ব্যতিক্ৰমী দৰ্শনীয় এলেকা চোৱাৰ হেঁপাহ মনত পুহি থকা বুলি গম পাই ২০০১ চনৰ আগষ্টত জয়হঁতে মোক লৈ গৈছিল চানফ্ৰানছিছকোলৈ। তাৰ গাতে লাগি থকা ছিলিকন উপত্যকাত গঢ়ি উঠা ডট্কম্ শিল্পবোৰৰ বাবে ছিলিকন উপত্যকা জগত বিখ্যাত। যি কি নহওক, তাৰ পৰা আমি গাড়ীৰে যাত্ৰা কৰিছিলো আন এখন উপত্যকা ফ্ৰেচনোলৈ। দুয়োখন উপত্যকাৰ মাজত থকা ডায়ব’ল পবৰ্তমালা পাৰ হৈছিলো পেচিক’ গিৰিপথেৰে। এইখন উপত্যকাৰ পৰিবেশ ৰুক্ষ হ'লেও ফ্ৰেচনো চহৰবাসীৰ ঘৰ-দুৱাৰৰ সন্মুখত চালে চকুৰোৱা ফুলৰ বাগিচা। আমি তাত আছিলো বোৱাৰী মনীষাৰ বায়েক কাজৰীৰ ঘৰত।

 কাজৰীহঁতৰ ঘৰত সোমায়ে বুজি পালো সঁচাকৈয়ে এইখন দেশৰ মানুহে মৰুভূমিত ফলৰ খেতি কৰি আছে। তেওঁলোকৰ খোৱা টেবুলখন যেন এখন ফলৰ বজাৰ—আঙুৰ, নাচপতি, সুমথিৰা আৰু আগতে নেদেখা নেক্টাৰিন নামৰ এবিধ ৰসাল ফলেৰে উপচি আছে। ফল হেনো তেওঁলোকে কিনিবলগীয়া নহয়। কাজৰী এগৰাকী চিকিৎসক। ৰোগ মুক্ত হোৱাৰ পাছত বাগিচাৰ গৰাকীসকলে হেনো ডাক্তৰ-নাৰ্ছক পাচি ভৰাই ফল উপঢৌকন দিয়ে। ইমান অপৰ্যাপ্ত ফল উৎপাদন হয় যে মাজে মাজে টুকুৰি ভৰাই গিৰিহঁতে বাটৰুৱাৰ বাবে ফল পদূলিমুখত থৈ দিয়ে।

 পিছদিনা ওলালো বাগিচা দৰ্শন কৰিবলৈ। মাইলৰ পাছত মাইলজোৰা আখৰোট, ডিমৰু, নেকটাৰিন, আঙুৰ, প্লাম, তৰমুজ, ষ্ট্ৰবেৰি, নাচপতি আৰু সুমথিৰাকে ধৰি বিভিন্ন চাইট্ৰাছ ফলৰ বাগিচা দেখি মই উৎফুল্লিত। ইয়াৰ মাটি আপেলৰ বাবে উপযোগী নহয়। আপেল হয় উত্তৰ-পূব আমেৰিকাত। ফ্ৰেচনো মৰু অঞ্চলত আৰু

বাকীছোৱা জীৱন /২৩৫