পৃষ্ঠা:অনিমা গুহ.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰয়োগ কৰি ককাক-আইতাকহঁতে পাৰিব যুৱ সমাজখনক ড্ৰাগৰ কৱলৰ পৰা মুক্ত কৰিবলৈ।

 ককাকহঁত ধীৰ-স্থিৰ মেজাজৰ। তেওঁলোক অনুদ্বিগ্নমনাও। মাক-দেউতাকৰ দৰে কথাইপতি নাতিহঁতক শাসন নকৰে। কেতিয়াবা ল'ৰা-ছোৱালীয়ে মাক-দেউতাকক বেয়াও পায়, কিন্তু ককা-আইতা চিৰচেনেহৰ। কিছুমান প্রশ্ন মাক-দেউতাকে পোনপটীয়াকৈ সুধিব নোৱাৰে। যেনে— তোমাৰ লগত দেখা ছোৱালীজনী কোন? তোমাৰ চকু দুটা ৰঙা কিয়? ককাকে কিন্তু এই প্রশ্নবোৰ সহজতে কৰিব পাৰে। তেওঁ মুকলিকৈ ক'ব পাৰে ড্ৰাগ সেৱনৰ পৰিণাম কি? পৰিণাম হ’ল হিংসাত্মক কার্যকলাপ, এইড্‌ছ ৰোগ, শাৰীৰিক আৰু মানসিক ব্যাধি, সামাজিক অপৰাধ, গৃহহীনতা ইত্যাদি। নাতিহঁতৰ হৃদয়তো ককা-আইতাৰ বাবে আছে একোখন সুকীয়া আসন। গতিকে তেওঁলোকে পাৰিব সিহঁতক কু-পথৰ পৰা আঁতৰাই আনিবলৈ। এই প্ৰসংগ নাতিহঁতৰ আগত কেনেকৈ উত্থাপন কৰিব লাগিব যদি ককাকহঁতে নজনা বুলি ভাবে, তেনেহ'লে মাচুলবিহীন টেলিফোনত বিজ্ঞাপনদাতাক যোগাযোগ কৰিবলৈ কোৱা হৈছে। আমেৰিকাত সেই সময়ত গড়ে তেৰ বছৰ বয়সত, কিছুমানে ন বছৰত ড্ৰাগৰ সোৱাদ লৈছিল। এই সংখ্যা বোধকৰো কমিছে। যেনেকৈ কমিছে চিগাৰেটপেয়ীৰ সংখ্যা বা এইড্‌ছ ৰোগীৰ সংখ্যা। তাত এচাম সমাজ সংস্কাৰকে নিষ্ঠাৰে সমাজৰ কল্যাণৰ বাবে কাম কৰি থাকে।

 বৃদ্ধ নিবাস : আমাৰ এটা ভুল ধাৰণা আছে যে পশ্চিমৰ মানুহ হৃদয়হীন, মাক-দেউতাকক বৃদ্ধ নিবাসত ৰাখে, খা-খবৰ নকৰে ইত্যাদি। কথাষাৰ সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় বুলি মোৰ ধাৰণা। আজি আমাৰ ইয়াতো অনেকে মাক-দেউতাকক শ্রদ্ধা কৰা সত্ত্বেও বাধ্য হৈ বৃদ্ধ নিবাসত ৰখাৰ কথা চিন্তা কৰিবলগীয়া হৈছে। কৃষিভিত্তিক সমাজত যুগ যুগ ধৰি একেটা পৰিয়ালৰ বিভিন্ন পিৰিৰ সদস্যসকলে একেখন ঘৰতে বাস কৰে। তাতেই এটা প্ৰজন্ম উপজি ডাঙৰ হৈ আমৃত্যু তাতেই থাকে। ল’ৰা-বোৱাৰী, নাতি-নাতিনী, ভাই-ভতিজা পৰিবেষ্টিত এনে পৰিবেশত বুঢ়া মানুহে অকলশৰীয়া বোধতো নকৰেই, তেওঁলোকক চোৱা-চিতা কৰা মানুহৰো অভাৱ নহয়। তদুপৰি গাঁৱৰ দলবদ্ধ সামাজিক জীৱনে মানুহক নিৰাপত্তা দিয়ে। গাঁৱত কাৰোবাৰ ঘৰ বান্ধিবলৈ হ’লে গাঁৱৰ ডেকাসকল ওলাই আহে, একেলগ হৈ আলিবাট নিৰ্মাণ কৰে। কাৰোবাৰ মৃত্যু হ'লে প্ৰতিটো পৰিয়ালে একোডালকৈ কাঠ লৈ আহে

২৩০/ বাকীছোৱা জীৱন