পৃষ্ঠা:অনিমা গুহ.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থোৱা প'ষ্টাৰবোৰত তোক দেখিম, মোৰ কান্দোন নোলাব? ময়ো যাম। ইমান দিনে একেলগে নাটকৰ আখৰা কৰিলো, এতিয়া তই মোক এৰিবি?'— হেমন্তই হাত জোকাৰি জোকাৰি কৈছিল।

 ‘টিকটৰ পইছা আনিছ? বাটত চেকাৰে ধৰিলে কি কৰিবি?’ – মনুই কয়।

 ‘চাল্লা। ঘোচা এটা মাৰি বগৰাই দিম নহয়।’

 ‘বম্বে’ গৈ পাই কি কৰিবি?’

 ‘চিধা অমিতাভ বচ্চনৰ ঘৰলৈ গৈ ক’ম, ভাইচাব আপ অমিতাভ বচ্চন হোয়?’ তেওঁ ক’ব হুঁ। তেতিয়া মই ক'ম— ‘হাম অছমছে আয়া, চিনেমা মে হিৰো কা ভাও দে দিয়ক না। তেওঁ যদি কয় হিৰো কা ভাও নেই মিলেগা। তেতিয়া ভিলেইনৰ ভাওকে দিবলৈ কম। বচ্চনে ক’ব, ঠিক হ্যেয়। তাৰপাছত মোক আৰু কোনে পায়? গুৱাহাটীৰ বাটে-পথে প'ষ্টাৰত থাকিব মোৰ ছবি— হাতত পিষ্টল লৈ মস্তানৰ প’জত। বুটজোতাৰ ভিতৰত লুকুৱাই ৰাখিম ডেগাৰ আৰু মূৰত বান্ধিম ৰঙা পেটি। আতা-আবুহঁতে মোৰ ছবি দেখিলে ক’ব— হাউ, ই দেখোন আমাৰ হেমন্ত। ই ইমেন ডাঙাৰ মানুহ হ'ল? মোক গালি পাৰা অফিচৰ মানুহকেইটা, ঘৰৰ মালিক আৰু তহঁতৰ ঘৰৰ বুঢ়া-বুঢ়ীহালে ৱাহ, ৱাহ বুলি ক’ব। চিনেমাত মোৰ নাম হ’ব বাবা শ্বেৰ ডাকু।’

 তাক ৰিক্সাত তুলি ঘৰলৈ আনিবৰ সময়ত তাৰ স্বপ্নভংগ কৰা বাবে মনুক ঘোচা মাৰি বগৰাই দিছিল।

 সৌ সিদিনালৈকে ৰে'লগাড়ী নেদেখা সৰল-সহজ ল’ৰাটোক কেইমাহমান গুৱাহাটীত বাস কৰাৰ পাছত টিভি, তৃতীয় শ্ৰেণীৰ চিনেমা আৰু পল্টনবজৰুৱা জীৱনে এটা লাফাংগা চৰিত্ৰলৈ ৰূপান্তৰিত কৰিলে।

 চৰিত্ৰ নম্বৰ চাৰি :' নৃতাত্ত্বিক তথ্য-পাতি সংগ্ৰহ কৰিবলৈ এটা সময়ত কোকৰাঝাৰৰ ওচৰা-উচৰি গাঁও কেইখনমানলৈ যাওঁতে সৰ্বানন্দ নামৰ কিশোৰজনৰ পৰিয়ালটোৰে চিনাকি হৈছিলো। সপ্তম নে অষ্টম শ্ৰেণীত পঢ়িছিল যদিও পঢ়া-শুনাত তাৰ সমূলি ৰাপ নাই। দেউতাকে নিবিচাৰে পুতেকহঁত তেওঁৰ দৰে হালোৱা হওক। সৰ্বানন্দ আছিল বৰপুত্ৰ। তেওঁৰ আন্তৰিক ইচ্ছা ল'ৰাটোৱে মেট্ৰিক পাছ কৰি কোকৰাঝাৰ কাছাৰীত মহৰি কাম কৰক। ময়ো তাক বুজালো যাতে মনপূতি পঢ়া-শুনা কৰি দেউতাকৰ মনৰ ইচ্ছা পূৰণ কৰে। সি কয় মহৰি কিয় স্থানীয় এল পি স্কুলখনৰ মাষ্টৰ এদিন হ’বই। পৰীক্ষালৈ তেতিয়া চাৰি-পাঁচ মাহ বাকী। সি নিশ্চিত পৰীক্ষা তাৰ ভাল

২১০/ বাকীছোৱা জীৱন