পৃষ্ঠা:অনিমা গুহ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাদম্বিনী দেৱীৰ মৃত্যুৰ পাছত লেখা ‘তুমি কি কেবল ছবি, শুধু পটে লেখা…..’ অন্তৰপৰশা গীতটো গাই ভাৰতীয় ডেলিগেট বাহিনীৰ সন্মান ৰক্ষা কৰিলো।

 পিছদিনা সূৰ্যোদয়ৰ আগতে উপায়ুক্তই ব্যৱস্থা কৰামতে আমি ভান এখনত বাংলাদেশৰ দক্ষিণতম ঠাই টেকনাভলৈ যাত্ৰা কৰিলো। আমাৰ লগত গৈছিল ডেকা সহকাৰী কমিছনাৰ ইফতেখাৰুদ্দিন খান আৰু তেওঁৰ পিয়ন নুৰুদ্দিন আহমেদ। বংগোপসাগৰৰ মাজলৈ সোমাই যোৱা আগীয়াঠুটি এটাৰ শেষ প্ৰান্তত অৱস্থিত টেকনাভৰ ডাকবঙলাটোত বহি চাইছিলো অনন্ত জলৰাশি। বাওঁফালৰ পৰা বৈ অহা নৈ এখন সেই জলৰাশিত বিলীন হৈ গৈছে। নৈখনৰ সিপাৰে বহু আঁতৰত ৰিণিকি ৰিণিকি দেখা পালো গছ-বন-পাহাৰৰ এখন অস্পষ্ট ছবি। সেইখনেই ম্যানমাৰ, যাক আমি ব্ৰহ্মদেশ বুলি জানিছিলো।

 ডাক বঙলাত বাবুৰ্চিহঁতে আমালৈ ৰান্ধিছিল পোলাও-কোপ্তা আদি বিবিধ ব্যঞ্জন। সীমান্তৱৰ্তী ঠাইবোৰত বিদেশী বস্তুৰ বজাৰ একোখন গঢ়ি উঠা দেখো। টেকনাভৰ বালিত সজা জুপুৰি ঘৰবোৰত দেখিছিলো মানুহৰ ভিৰ, সকলোকে লাগে ‘ফৰেন’ বস্তু। ইম্ফলতো দেখিছিলো ফৰেন বস্তুৰ দোকান। শিলিগুড়িতো আছে বুলি শুনিছো। এতিয়া পিছে মুক্তবজাৰ অৰ্থনীতি হোৱাৰ ফলত য’তে ত’তে সেই ‘আপুৰুগীয়া’ বস্তুবোৰ পোৱা যায়। লাগে কেৱল টকা। আজিকালি একশ্ৰেণীৰ মানুহৰ টকাৰ অভাৱ নাই।

 কক্সবজাৰৰ চাৰ্কিট হাউছলৈ উভতি আহি দেখিলো আমাক ৰেড্ কাৰ্পেট ৱেলকাম জনাবলৈ ৰৈ আছে চাৰ্কিট হাউছৰ বাবুৰ্চি, খানচামা, চকিদাৰ, পিয়ন, ঝাড়ুদাৰ, মালী আৰু আন কোনোবা কোনোবা। আমাৰ পাঁচগৰাকীৰ মাজত তিনিগৰাকীৰ পিতৃভিঠা আছিল পূৰ্ববংগত। অৰ্থাৎ বৰ্তমানৰ বাংলাদেশত। তেওঁলোকৰ দেউতাক-মাক ভাৰত বিভাজনৰ পাছত পশ্চিমবংগলৈ গৈছে। মোৰ শহুৰৰো পিতৃ ভিঠা আছিল বাংলাদেশৰ টাঙাইলত। তেওঁ অৱশ্যে কুৰি শতিকাৰ আগ ভাগতে মণিপুৰলৈ গৈছিল আৰু ১৯৩০-৩২ ৰ পৰাই পৰিয়ালটোৰ একাংশ গুৱাহাটীৰ বাসিন্দা। সি যি কি নহওক আমাক বেঢ়ি লৈ চাৰ্কিট হাউছৰ ষ্টাফ বহিল কথা পাতিবলৈ। মোৰ শহুৰ টাঙাইলৰ বুলি শুনি টাঙাইল নিবাসী বাবুৰ্চি আব্দুল বাৰীয়ে উচ্ছাসত হাত চাপৰি বজাই ক'লে— ‘আপনি যহন এই দ্যাশেৰ বউ (বোৱাৰী), তাইলে এই হানে থাইক্যা যান।’ আমাক পাই তেওঁলোক উচ্ছ্বসিত। আমিও। আমাৰ কপালত যে এনে উষ্ণ আতিথেয়তা আছিল কল্পনাও কৰা নাছিলো।

৯৪/ বাকীছোৱা জীৱন