পৃষ্ঠা:অনিমা গুহ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ স্মৃতিলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলো।

 ধৰ্মৰ ভিত্তিত ভাৰত দ্বিখণ্ডিত হৈছিল। তেনেহ'লে ইছলাম ধৰ্মীয় জনগোষ্ঠীৰে গঠিত পূব আৰু পশ্চিম পাকিস্তানৰ মাজত শত্ৰুতাৰ সৃষ্টি হ’ল কিয় মাথোঁ কুৰিটা বছৰৰ ভিতৰত? ভাষা? উৰ্দু আৰু বাংলাভাষী মুছলমান একেলগে থাকিব নোৱাৰিলে। অদূৰদৰ্শী ৰাজনীতিকসকলৰ ভুল সিদ্ধান্তই মানুহৰ চৰম ক্ষতি কৰিছিল।

 কলকাতা বিশ্ববিদ্যালয়ত গৱেষণা কৰা ঢাকাৰ হিন্দু বাংলাদেশী ডেকা পিণ্টু আছিল ঢাকা মহানগৰীত আমাৰ ফ্ৰেণ্ড-ফিলছফাৰ আৰু গাইড। তেওঁলোক ঢাকাৰ প্ৰসিদ্ধ ব্যৱসায়ী। ভাৰত বিভাজনৰ সময়ত তেওঁলোক আন বহুতৰ দৰে পিতৃভিঠা ত্যাগ কৰি যোৱা নাছিল। পিণ্টুক বৰ জনপ্ৰিয় যেন লাগিল। আমাৰ বাবে ঢাকা ডাইঙৰ অতিথিশালাৰ চাবিটো আনিবলৈ যাওঁতে তেওঁ আমাক কাৰোবাৰ এটা অতি সুসজ্জিত ড্ৰইং ৰুমত বহুৱাই থৈ গৈছিল। বাৰাণ্ডাত টোপনিয়াই থকা কাম কৰা মানুহ এজনক যাওঁতে কৈছিল— ‘মোৰ মেহমান, মই উভতি নহালৈ ইয়াতে থাকিব'।এনেবোৰ ঘৰত সাধাৰণতে কুকুৰ থাকে। সেই আশংকাত আমি পাঁচোজনী কঁপি থকা বুলি ক’লে বেছি কোৱা নহয়। এনেতে ভিতৰৰ পৰা লুঙী পিন্ধা বয়সীয়া মানুহ এজন ওলাই আহিল, পিছে পিছে আহিল জাধলি মহিলা এগৰাকী। দুয়োকে প্ৰথম দৰ্শনত কাম কৰা মানুহ বুলি ভাবিছিলো যদিও তেওঁলোকেই অট্টালিকা সদৃশ ঘৰখনৰ গৃহস্থ আৰু গৃহিণী। পূৰ্ববংগৰ মানুহৰ ধুনপেচ নাই। অতীতৰ পৰা অসমত বাস কৰা অধিকাংশ বাঙালী পূৰ্ববংগমূলৰ। এওঁলোক ভোজনবিলাসী আৰু মহিলাসকল আমিষ-নিৰামিষ দুয়োবিধ ৰন্ধনত পাৰদৰ্শী। খাদ্যত ইমান বৈচিত্ৰ্য অতি কম সমাজৰে ৰান্ধনি ঘৰত পৰিলক্ষিত হয়। আঞ্জা এবিধৰ নাম নিৰ্ভৰ কৰে পাচলি বিধ কেনেকৈ কটা হৈছে আৰু কি মছলাৰে ৰান্ধিছে। ছেছ্কি, ঘণ্ট, ডালনা, ছ্যাচড়া, ঝাল, ঝোল, চৰ্চৰি ইত্যাদি বিধে বিধে নাম আঞ্জাবোৰৰ।

 যি কি নহওক, জধলা আৰু জাধলিয়ে আমাৰ লগত আড্ডা জমাই থাকোতে চাবি লৈ আহি পিণ্টুই আমাক উঠিবলৈ ক'লে। পিছে চাহ নোখোৱাকৈ গৃহস্থ-গৃহিণীয়ে নেৰে। মেহমান আহিছে ইণ্ডিয়াৰ পৰা। একো নোখোৱাকৈ কোনোপধ্যেই উঠিব নোৱাৰে। গৃহিণীয়ে ক'লে— ‘আমাৰ বড় পোলাই (বৰপুত্ৰ) মুক্তাগাছাৰ মণ্ডা আনছে। না খাইয়া যাইতে পাৰবেন না।’ আমাৰ লগৰ শুক্লাৰ ককাক ভাৰত বিভাজনৰ আগতে আছিল মুক্তাগাছাৰ জমিদাৰ। তেওঁ দেউতাক-মাকৰ মুখে মুক্তাগাছাৰ মণ্ডাৰ কথা শুনিছে, গতিকে নষ্টালজিক হৈ পৰিল। আমাৰো জিভাৰ পানী সৰি পৰিবলৈ ধৰাত

বাকীছোৱা জীৱন /৮৯