পৃষ্ঠা:অনিমা গুহ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাঙিব পৰা যায় ভাৰত-বাংলা সীমাৰেখা মচিব নোৱাৰিব কিয়?

 কনফাৰেন্স শেষ হোৱাৰ পাছত ৰাতি ডিনাৰ টেবুলত লগ পালো উপাচাৰ্যকে ধৰি অধ্যাপক-অধ্যাপিকা আৰু নিমন্ত্ৰিত অতিথিসকলক। তেওঁলোকে যেতিয়া গম পালে মাত্ৰ পঞ্চাশ ডলাৰ বৈদেশিক মুদ্ৰা পোৱা হেতুকে আমি বাংলাদেশ ভ্ৰমণসূচী বাতিল কৰিবলৈ ওলাইছো তেতিয়া আমাক ‘টাকা’ দিবলৈ আগবাঢ়ি আহিছিল বহুতে। দুদিনৰ চিনাকি মানুহক কোনোবাই টকা যাচিব পাৰে ই আছিল আমাৰ কল্পনাৰ অতীত। অৱশেষত অভ্যৰ্থনা কমিটীৰ চেয়াৰমেন অধ্যাপক জাফৰ ৰেজা খানৰ ওচৰতে ঋণী হ’লো। কিয়নো খড়গপুৰ আই আই টিত পাঠৰত তেওঁৰ পুত্ৰক টকাখিনি ঘূৰাই দিয়াৰ সুবিধা আছিল।

 টকাখিনি পোৱাৰ লগে লগে আমাৰ ডেউকা গজিল। ফলত ঢাকাৰ সীমা অতিক্ৰম কৰি আমি বাংলাদেশৰ দক্ষিণ সীমাৰ দক্ষিণতম ঠাই বংগোপসাগৰৰ পাৰত অৱস্থিত টেকনাফলৈ উৰিবলৈ খোৱা টেবুলতে প্লেন কৰিলো। ইতিমধ্যে কনফাৰেন্সৰ অভ্যৰ্থনা সমিতিয়ে সমূহ অংশগ্ৰহণকাৰীক উত্তৰৰ শেষ সীমালৈ লৈ গৈছিল। আমৰ বাগিচাৰ মাজেৰে তালৈ যাওঁতে বাগিচাৰ কেইবাগৰাকী মালিকে আমাক আমৰ বতৰত আকৌ যাবলৈ নিমন্ত্ৰণ জনাই থৈছিল।

 ঢাকা : তিনি দিনজোৰা কনফাৰেন্সৰ শেষত ঢাকা আৰু জাহাংগীৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজশাহীলৈ কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ অহা অধ্যাপকসকলৰ সৈতে আমি পাঁচজনী ঢাকা অভিমুখে ৰাওনা হলো। আমাক বিদায় জনাবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰে মাত্ৰ চাৰি দিনৰ চিনাকি যদিও সেইকেইদিনতে তেওঁলোক আমাৰ হৃদয়ৰ অতি ওচৰ চাপিছিল। তেওঁলোকে আমাৰ হাতত দিছিল মিঠাইৰ টোপোলা আৰু ফুলৰ থোপা।বাছখন এৰিবৰ সময়ত চাইফুল, তাপসী, ছফিকুলহঁতৰ চকুপানীয়ে আমাৰ চকুকো কৰিছিল অশ্ৰুসিক্ত।

 কেইঘণ্টামান অহাৰ পাছত পদ্মা আৰু যমুনাৰ সংগমস্থল পালো। দুয়োখন নৈৰ একত্ৰিত বিস্তাৰ আছিল পাৰাপাৰহীন সমুদ্ৰৰ দৰে। বৰ্তমানে তাত দলং হোৱা বুলি শুনিছো, আমি পিছে পাৰ হৈছিলো জাহাজেৰে। আৰিচাঘাটত জাহাজৰ পৰা নামি বাছেৰে ঢাকালৈ ডেৰঘণ্টা পথ আহিবৰ সময়ত চাভাৰ নামৰ ঠাইখনত নামিছিলো কেইবা একৰ জোৰা প্ৰশস্ত চৌহদ এটাত মুক্তিযুদ্ধত প্ৰাণাহুতি দিয়া ছহিদসকলৰ স্মৃতিৰ উদ্দেশ্যে নিৰ্মিত অসাধাৰণ গঠনশৈলীৰ সৌধটো চাবলৈ। এখন্তেক থিয় হৈ

৮৮/ বাকীছোৱা জীৱন