পৃষ্ঠা:অনিমা গুহ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ড° মুখাৰ্জী লম্ভিল মোৰ ওপৰত। মই তেওঁক খুচি কৰিবলৈ কৈছিলো তেওঁ ক্লোনিং পদ্ধতিত হুবহু নিজৰ দৰে মানুহ উৎপাদন কৰিব পাৰিলে বিশ্বত ৰেকৰ্ড স্থাপন কৰিব পাৰিব।

 ড° মুখাৰ্জী মানুহজন শিশুৰ দৰে সৰল। মোৰ কথা শুনি সঁচাকৈয়ে খুচি হৈছিল।


বাংলাদেশলৈ

 কলকাতা বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ সময়তে বাংলাদেশৰ ৰাজশাহী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন চেমিনাৰলৈ আমন্ত্ৰিত হৈ আমি পাঁচগৰাকী মহিলা গৱেষক ১৯৮৯ চনত তালৈ গৈছিলো। ভিছা পাইছিলো মাত্ৰ দহ দিনৰ বাবে আৰু স্থলপথেৰে যোৱাৰ বাবে বিদেশী মুদ্ৰা পাইছিলো কেৱল পঞ্চাশ ডলাৰ। অথচ আমাৰ ইচ্ছা আছিল সমগ্ৰ বাংলাদেশত পাক এটা মৰাৰ। কিছু শুভাকাংক্ষীয়ে পাঁচজনী তিৰোতা মানুহৰ ‘মৰসাহ’ দেখি আমাক কথাষাৰ ভাবি চাবলৈ উপদেশ দিছিল।

 ভাবি চাবলৈ কোৱাৰ প্ৰথম কাৰণ, দেশখনৰ অৱস্থা বৰ সুবিধাজনক নহয়। দ্বিতীয়তে, আমাৰ দৰে বে-আবুৰ মহিলাক পৰ্দানচীন দেশখনে সন্দেহৰ চকুৰে চাব। তৃতীয়তে, পুৰুষ সংগীহীন অৱস্থাত সম্পূৰ্ণ অচিনাকি ঠাই এখনলৈ এইদৰে যোৱাটো, তাকো স্থলপথেৰে, অলপো উচিত হোৱা নাই। অথচ আমাৰ পাঁচোগৰাকীৰ ঘৰৰ মানুহে আপত্তি কৰা নাই। মানুহৰ ধাৰণা পুৰুষবিহীন এশগৰাকী মহিলাৰ দলো অকলশৰীয়া।

 মানুহে বিদেশলৈ যায় বিমানত। আমি গ’লো কলকাতাৰ পৰা ধেৰধেৰীয়া লোকেল ট্ৰেইনেৰে বনগাঁও আন্তৰ্জাতিক সীমাৰেখাৰ ওচৰলৈ। No man's land পাৰ হ’লো হাতত চুটকেচটো লৈ খোজকাঢ়ি। বাংলাদেশৰ বেনাপ’লত ইমিগ্ৰেছন বিভাগত সোমাওঁতে ভয় অলপ নলগা বুলি নকওঁ। ‘ৰক্ষণশীল’ মুছলমান কৰ্মচাৰীসকলে আমাক নগুৰ-নাকতি যদি কৰে! পিছে তেওঁলোকৰ সন্মুখত উপস্থিত হোৱাৰ পাছত হঠাতে নিজকে ভি আই পি যেন লাগিল। ৰাজশাহী বিশ্ববিদ্যালয়ৰ পৰা হেনো ইমিগ্ৰেছন-কাষ্টমচক জনাই থৈছে আমাৰ আগমন বাৰ্তা। গতিকে আমি তেওঁলোকৰ অৰ্থাৎ দেশখনৰে আলহী। বাংলাদেশী আতিথেয়তাৰ উমান পালো সোমায়ে।

 তাৰ পৰা মাইক্ৰ’ বাছেৰে, মানে মিনি বাছেৰে, গ’লো যশোৰ ষ্টেচনলৈ ৰাজশাহীমুখী মহানন্দা এক্সপ্ৰেছখন ধৰিবলৈ। এক্সপ্ৰেছ নাম হ'লেও চৰিত্ৰত পেছেঞ্জাৰ গাড়ী।

বাকীছোৱা জীৱন / ৮৫