পৃষ্ঠা:অনিমা গুহ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাঁঠু পানীৰ মাজেদি খোজকাঢ়ি ৰিক্সা সলাই সলাই আহি পাইছিল আমাৰ ঘৰ। বানপানীত ৰিক্সাৰ বাহিৰে আন কোনো যানবাহন নচলে। আবেলি বৰষুণ দিয়া নাছিল যদিও কল্লোলিনী কলকাতা তেতিয়াও জলমগ্ন। ঘৰৰ মালিক মামাবাবুক ঘৰৰখীয়া কৰি আমি ৰাওনা হ’লো কইনাৰ ঘৰলৈ।সকলোৰে স্ফূৰ্তিও লাগিছিল পানীৰ মাজেদি যাবলৈ, যেন গণ্ডোলাত বহি ভেনিচৰ আলিবাটেৰে গৈ আছো।

 কইনা ঘৰলৈ গৈ দেখিলো ভতিজাহঁত সপৰিয়ালে বিয়াৰ থলীলৈ গৈছে। আনকি জয়ৰ বন্ধুবোৰো যেয়ে যেনেকৈ পাৰে কলকাতা পাই পোনে পোনে গৈ পাইছে বিয়াঘৰ। কিমান আন্তৰিকতা থাকিলে মানুহ ইমান দুৰ্যোগৰ মাজেৰে আহিব পাৰে! আমি পোৱাৰ আগতে বিয়াৰ ৰেজিষ্ট্ৰেচন হৈ গৈছিল। হোমপোৰা বিয়া হ'ল অলপ পাছত। কলকাতাৰ নিয়মমতে দৰা সেই ৰাতি কইনা ঘৰতে থাকি গ'ল। আমি ঘৰলৈ উভতি আহিলো, পিছে দুশ্চিন্তাই লগ নেৰিলে। অভ্যৰ্থনাৰ দিনা যদি বৰষুণ দিয়ে তেনেহ'লে সকলো হ’ব পণ্ড। ভৱন এটা ভাৰা কৰা হৈছিল গৰিয়াহাটত, কলকাতাৰ যিকোনো অঞ্চলৰ পৰা গৰিয়াহাটলৈ আহিবলৈ সুবিধা। কিন্তু বৰুণ দেৱতাই বা কি মূৰ্তি ধাৰণ কৰে! পিছে সিদিনা তেৰাৰ মন-মেজাজ শান্ত হৈ থকা বাবে আমাৰ কাম-কাজ সুকলমে সম্পাদন কৰিব পাৰিলো। নিমন্ত্ৰিতসকলৰ বাদেও সাহায্যকাৰিনীৰ চুবুৰিৰ কেইঘৰমানলৈকো খোৱা বস্তু পঠাই দিয়া হৈছিল লক্ষীৰ বাবাৰ হাতেৰে।

 জয়ৰ বিয়াৰ কথা লিখি থাকোতে মনত পৰিছে বৰজনা বিমলেন্দু গুহৰ বৰপুত্ৰ কিশোৰৰ বিয়ালৈ। সাধাৰণতে বিয়াই-সবাহে খোৱা বস্তু ৰাহি হয়েই। কিশোৰৰ বিয়াত সেই বস্তু ইমানেই বেছি হৈছিল যে তাৰে আৰু এখন বিয়া পাতিব পৰা গ'লহেঁতেন। আইচক্ৰীমবোৰ যিমান পাৰো ঠেলি-হেঁচি ফ্ৰীজত ভৰাই থৈছিলো। মজিয়াত বিছনা পাৰি ভালেখিনি ৰাতি শুইছিলোহে স্ফূৰ্তিবাজ ভতিজা ছোৱালী মহুৱাই সকলোকে জগাই দি ক’লে— ‘আইচক্ৰীমবোৰ গলিবলৈ ধৰিছে, গতিকে আকৌ এক ট্ৰিপ সকলোৱে মাৰোহঁক।’ ৰাতি আঢ়ৈ বজাত কোনটো পেটত যে আইচক্ৰীম ভৰালো নাজানো। সম্ভৱতঃ সুস্বাদু বস্তুখিনি গলি নষ্ট হোৱাতকৈ পেটতে ভৰাই থোৱাটো উচিত বুলি বিবেচনা কৰিছিলো। তেতিয়া বয়স আছিল কম, হজম শক্তি বোধকৰো ভালেই আছিল। তদুপৰি মনত আছিল স্ফূৰ্তি।

 জয় আৰু মনীষা বিয়াৰ সময়ত পি এইচ ডিৰ ছাত্ৰ আছিল। তেওঁলোকৰ ছুটী নাছিল। গতিকে বিয়াৰ চাৰি-পাঁচ দিন পাছতেই উভতি গ’ল আমেৰিকালৈ। আমিও নিজ নিজ কামত ব্যস্ত হৈ পৰিলো।


বাকীছোৱা জীৱন /৮৩