পৃষ্ঠা:অনিমা গুহ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টেলিফোনতে মন্ত্ৰমাতি বিয়াখন পাতিলে কেনে দেখে? মামা বাবু বৰ ইণ্টাৰেষ্টিং মানুহ। ক'লে— 'কিয় নহ'ব?’ পিছে মন্ত্ৰ মাতিব কোনে? আমাৰ ফালেতো কোনো পুৰোহিত যোগাৰ কৰা নাই। সেই ফেৰা কাম তেওঁকে কৰিবলৈ দিয়া হ'ব বুলি ক’লো। মামা বাবু বামুণ নহ'লেও ‘তথাস্তু’ বুলি ক'লে। এতিয়া দুয়োফালৰ ফোনযন্ত্ৰ দুটা জীয়াই থাকিলে হয়।

 এনেতে এখন গাড়ী আহিল। ড্ৰাইভাৰে ক’লে তেওঁৰ গাড়ীৰ ইঞ্জিনটো ওপৰত, গতিকে পানী গাড়ীত সোমালেও ইঞ্জিন বুৰ নাযায়। বস্তুৱে-মাছে-মিঠায়ে-মানুহে এখন গাড়ীত নোজোৰা বাবে কেৱল ভনী টুলু আৰু মই পানীৰ মাজেদি ষ্টীমাৰত যোৱাৰ দৰে আলিপুৰ অঞ্চলৰ পৰা কইনাৰ ছল্টলেকৰ ঘৰলৈ যাত্ৰা কৰিলো। কলকাতাত জোৰণৰ সা-সামগ্ৰীখিনিক কোৱা হয় অধিবাসৰ তত্ত্ব আৰু বিয়াৰ পাছত কইনাৰ ঘৰৰ পৰা খোৱা-খুৱীৰ দিনা দৰা ঘৰলৈ পঠোৱা সা-সামগ্ৰীখিনিক কোৱা হয় ফুলশয্যাৰ তত্ত্ব। দুয়োফাললৈ পঠোৱা বস্তুবোৰ জধে-মধে পঠোৱা নহয়। প্ৰতিটো বস্তু ডলা, কুলা বা বাঁহৰ ট্ৰেত সুদৃশ্য ৰূপত সজোৱা হয়। শিল্পীৰ হাতৰ পৰশ পাই বস্তুবোৰ অধিক দৃষ্টিনন্দন হৈ উঠে। তত্ত্ব সজোৱা এটা কলা। কলকাতাৰ বাঙালী পৰিয়ালৰ অধিকাংশ মহিলা এইক্ষেত্ৰত একো একোগৰাকী শিল্পী। জোৰণৰ মাছটোৰ কাণত পিন্ধায় দুল, ডিঙিত মণিৰ মালা, কঁকালত চিল্কৰ কাপোৰ, কপালত সেন্দূৰৰ ফোঁট আৰু মূৰত ওৰণাৰে ওৰণি। বিয়াৰ কেইবাদিনো আগৰে পৰা মহিলাসকল ব্যস্ত হৈ পৰে তত্ত্ব সজোৱাত। শান্তি নিকেতনৰ কলাভৱনত শিক্ষালাভ কৰা মোৰ সৰু জা কৰৱী তত্ত্ব সজোৱাত অসাধাৰণ। তেওঁৰ জীয়ৰী তিনিজনীও মাকৰ ট্ৰেইনিং পাই পাৰদৰ্শী হৈ উঠিছে। জয়ৰ বিয়াৰ এসপ্তাহ আগতে বিয়া হ'ল কৰৱীৰ ডাঙৰজনী জীয়েক মালবিকাৰ। গতিকে দুখন বিয়াৰ তত্ত্ব সজোৱাত সহায় কৰিবলৈ আহিছিল ভতিজা বোৱাৰী শিউলিও। মিঠাইৰ দোকানীয়ে তত্ত্বৰ মিঠাই সজাই দিয়ে দুখন শিল্পীসুলভ হাতেৰে। জয়ৰ বিয়াৰ জোৰণৰ মিঠাইখিনিৰ অৰ্ডাৰ দিছিল জয়াই তেওঁৰ বালিগঞ্জৰ ঘৰৰ ওচৰৰ মুখাৰ্জী চুইটছত। জোৰণ দিবলৈ যাওঁতে জয়াৰে সৈতে মিঠাইৰ ডলাকেইখন লৈ যোৱাৰ কথা। কিন্তু বালিগঞ্জত ইমান পানী যে গাড়ীও যাব নোৱাৰে। জয়াৰ ঘৰৰ ওচৰত একঁকালমান পানী। গাড়ীৰ পৰা নামি ৰিক্সা এখন লৈ সাঁতুৰি-নাদুৰি মুখাৰ্জী চুইটছৰ পৰা বস্তুখিনি টুলুৱে-ময়ে কোলাত বহুৱাই আকৌ গাড়ীৰ ওচৰ পালো। জয়াৰ যোৱা নহ'ল।

 আঁঠুলৈকে তিতা কাপোৰ পিন্ধি কইনাৰ ঘৰত নমাৰ পাছত তেওঁলোকে ক’বলৈ

৮০/ বাকীছোৱা জীৱন