পৃষ্ঠা:অনিমা গুহ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্প্ৰদান কৰা। দেখি ভাল লাগিল আৰ্য বিবাহ পদ্ধতিত হিন্দু ধৰ্মৰ ৰক্ষণশীলতা অনুপস্থিত। অসমীয়া সমাজত শুভকাৰ্যত স্বামীহাৰা মহিলাক অংশগ্ৰহণ কৰিবলৈ নিদিয়াটো যে ইমান অমানৱীয় নিয়ম সেই কথা মানুহে সাধাৰণতে উপলব্ধি নকৰে যেন লাগে। বিয়া ঘৰত বেচেৰীহঁতে চুচুম-চামাক কৈ ইফালে সিফালে আঁতৰি থকা দৃশ্য হৃদয় বিদাৰক। ইয়াৰ বিপৰীতে এখন বিয়াত এগৰাকী স্বামীহাৰা মহিলাক মুখ্য ভূমিকাত অংশগ্ৰহণ কৰা দেখি গম পালো সকলো হিন্দু সমাজ নিৰ্দয় নহয়। মনীষাৰ বায়েক কাজৰীৰ বিয়া হৈছে ড° কুলদীপ থুচু নামৰ এজন কাশ্মিৰীৰ লগত। কাশ্মীৰৰ সকলো হিন্দুৱে ব্ৰাহ্মণ। বিয়াৰথলীত দেখিলো তেওঁলোকৰ নিয়মমতে কাজৰীক বিবাহিতাৰ চিন স্বৰূপে কাণত পিন্ধা দীঘলীয়া অলংকাৰবিধ পিন্ধালে দৰাৰ স্বামীহাৰা বৰমাকে। ঘৰৰ জ্যেষ্ঠ মহিলা সদস্যগৰাকীৰ ওপৰত বৰ্তায় সামাজিক এই দায়িত্বটো। আমাৰ সমাজখনৰ নীতি-নিয়মবোৰত কিছু আধুনিকতাৰ পোহৰ পৰা উচিত।

 জয়ৰ বিয়াৰ দিনা ৰাতিপুৱাৰে পৰা দবাপিটা বৰষুণ। সমগ্ৰ কলকাতা পানীৰ তলত। আমাৰ ঘৰৰ সন্মুখখন হৈছিল সাগৰসদৃশ। ৰাতিপুৱা জোৰণ লৈ যোৱাৰ কথা, পিছে ওলাওঁ কেনেকৈ? ইফালে জয়ৰ কেইজনমান বন্ধু সিদিনাই কলকাতা আহি পোৱাৰ কথা। সিহঁতলৈ থকা ঠাইৰ ব্যৱস্থা কৰি থোৱা আছিল। সেইবোৰো পানীৰ তলত। জয়ে আগতে কৈ থৈছিল যে ৰাতিহে বিয়া, পুৱা সি হাওৰা ষ্টেচনলৈ যাব বন্ধুসকলক আদৰিবলৈ। আমাৰ ঘৰত ধৰ্মীয় কোনো অনুষ্ঠান নপতা বাবে পুৱাৰ ভাগত সি মুকলি আছিল যদিও বিয়াৰ দিনা ওলোৱাটো মই পছন্দ কৰা নাছিলো। তাৰ সলনি পঠোৱা হ’ল ‘লক্ষীৰ বাবা’ নামেৰে জনাজাত চুবুৰীয়া এজনক। মই তেওঁৰ হাতত ডাঙৰ প্লেকাৰ্ড এখন দিছিলো, য'ত লিখা হৈছিল জয়ৰ বন্ধুসকলৰ নাম। কেইবা ঘণ্টা পিছত উভতি আহি লক্ষীৰ বাবাই ক’লে বোলে দূৰৰ পৰা অহা এখন ট্ৰেইনো হাওৰা আহি পোৱা নাই। লোকেল ট্ৰেইনহে দুখনমান আহিছে। লক্ষীৰ বাবাই প্লেকাৰ্ডখন লৈ প্লেটফৰ্মৰ ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰিছিল যদিও কাকো নাপালে। মুঠতে বাট-পথ, ৰে’ল লাইন সকলো পানীৰ তলত।

 ডাঙৰ দল এটা লৈ জোৰণ দিয়াৰ মই বিৰোধী। গতিকে আগতেই ঠিক কৰিছিলো চাৰি-পাঁচজনতকৈ বেছি মানুহ নাযাওঁ বুলি। বন্দোৱস্ত কৰি থোৱা গাড়ী দুখন আহি নোপোৱা বাবে ভাবিলো গধূলি দৰাপাৰ্টিৰ লগত একেলগে জোৰণ পাৰ্টিও যাব লাগিব। ইফালে বৰষুণৰ তাণ্ডৱ দেখি ধাৰণা হ’ল বিয়াখনেই হয়তো নহ'বগৈ। আমাৰ ঘৰৰ গৰাকীক— যাক আমি মামাবাবু বুলি মাতো— ক’লো, দৰা যদি যাব নোৱাৰে

বাকীছোৱা জীৱন /৭৯