পৃষ্ঠা:অনিমা গুহ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাগি গ'ল। কথাপ্ৰসংগত জানিব পাৰিছিলো চেলোৱাৰ কামিজ যোৰ তাই নিজে চিলোৱা। তাইক দেখি ঘৰখনৰ বিষয়েও এটা ধাৰণা কৰিব পাৰিলো। মনটো ফৰকাল হ’ল। সেই সময়তে অৱসৰ গ্ৰহণ কৰি সপৰিয়ালে দেউতাক কলকাতাৰ ছণ্টলেকবাসী হৈছিল। এদিন তেওঁলোকৰ ঘৰলৈ আমাক নিমন্ত্ৰণ জনালে। প্ৰথম চিনাকিতে আমি পৰস্পৰৰ ওচৰ চাপিলো। সম্পৰ্কত বিয়ৈ-বিয়নী হ'লেও ব্যৱহাৰত ভাই-ককাই, বাই-ভনী যেন হ’লো। মনীষাৰ মাক গীতা এগৰাকী বৰ সৰল-সহজ, ধীৰ-স্থিৰ স্বভাৱৰ মহিলা। সহজতে উত্তেজিত নহয়। আমাৰ ভাগ্য ভাল মনীষাই মাকৰ আটাইখিনি গুণেই পাইছে। মেধা পাইছে দেউতাকৰ। অৱশ্যে তিনিওটা সন্তানেই তেওঁলোকৰ মেধাৱী। ডাঙৰজনী জীয়ৰী কাজৰী বৰ্তমানে আমেৰিকাৰ এখন শিশু হাস্পতালৰ দায়িত্বশীল পদাধিকাৰী, মনীষা ফিলিপছ কোম্পানীৰ বিজ্ঞানী। বিশ্বৰ নানা ঠাইত বক্তৃতা দিবলৈ, কনফাৰেন্স কৰিবলৈ তাই আমন্ত্ৰিত হয়। সিহঁতৰ একমাত্ৰ ভায়েক কেশৱ ভাৰতৰ এটা প্ৰসিদ্ধ দৰব প্ৰস্তুতকাৰক কোম্পানী ৰেনবাক্সিৰ এজন জ্যেষ্ঠ গৱেষক। কাজৰীতো ডাক্তৰেই, বাকী দুজন নিজ নিজ বিষয়ত ডক্টৰেট। গীতাক সকলোৱে সেয়েহে ৰত্নগৰ্ভা বুলি কয়।

 গীতা চহকী পৰিয়ালৰ ছোৱালী। আনহাতে বিয়ৈ কৰ্নেল ঘোষ নিজকে নিজে প্ৰতিষ্ঠা কৰা এজন সফল ব্যক্তি। পশ্চিমবংগৰ বৰ্ধমান জিলাৰ কাশেমপুৰ নামৰ এখন গাঁৱত শৈশৱতে পিতৃ-মাতৃহীন হোৱা অনাথ ল’ৰাটোক মাকৰ মাক আইতাকে তুলি-তালি ডাঙৰ কৰিছিল যদিও মৰমতে নাতিয়েকৰ পঢ়া-শুনাৰ ফালে মন-কাণ কৰা নাছিল। এবাৰ কলকাতাবাসী নিঃসন্তান পেহীয়েকে গাঁৱত থাকিলে পঢ়া-শুনা নহ’ব বুলি নিশ্চিত হৈ জোৰ কৰি ভতিজাকক লৈ গ'ল কলকাতালৈ। বৰ্ধমানৰ পৰা কলকাতালৈ ওৰেটো বাট হেনো ল’ৰাটোৱে কান্দি কান্দি গৈছিল। পেহীয়েকৰ কটকটীয়া শাসনত তাৰ মনত পৰিছিল আইতাকৰ ঘৰৰ মুকলিমূৰীয়া জীৱনটোলৈ। কালক্ৰমে ল’ৰাটোৰ জন্মগত প্ৰতিভা প্ৰস্ফূটিত হ’বলৈ ধৰে। ইতিমধ্যে পেহীয়েকৰো মৃত্যু হয়। টিউচন আৰু বৃত্তিৰ টকাৰে পঢ়া-শুনা কৰি সুখ্যাতিৰে তেওঁ কলকাতা মেডিকেল কলেজৰ পৰা এম বি বি এছ পাছ কৰে।গাঁৱৰ ঘৰখনৰ আপোনজনৰ দায়িত্ব ল'বলগীয়া হোৱা বাবে তেওঁ তেতিয়া পোষ্ট গ্ৰেজুৱেট শিক্ষা গ্ৰহণ নকৰি সেনাবাহিনীত চিকিৎসক হিচাপে যোগদান কৰিছিল। তাৰ পাছত তেওঁ ছুটী লৈ চৰ্মৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি পি এইচ ডি ডিগ্ৰীটোও লয়। প্ৰতিভাশালী নহ’লে প্ৰতিকূল অৱস্থাত সাধাৰণতে কমেইহে জীৱনত সুপ্ৰতিষ্ঠিত হ'ব পাৰে।

বাকীছোৱা জীৱন /৭৫