পৃষ্ঠা:অনিমা গুহ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাছত এবাৰ দুসপ্তাহমানৰ বাবে ঘৰলৈ আহিছিল সি।

 খড়গপুৰত পঢ়ি থকা সময়তে তাতকৈ জুনিয়ৰ মনীষা ঘোষ নামৰ ছাত্ৰী এজনীৰ সৈতে সি কলেজত অনুষ্ঠিত নাটক কৰিছিল। সেইদৰে চিনাকি হোৱাৰ পাছত সম্পৰ্ক গভীৰৰ পৰা গভীৰতৰ হ’ল। পিছৰ বছৰ তায়ো আমেৰিকালৈ যাত্ৰা কৰিলে। অৱশ্যে তাই স্কলাৰশ্বিপ পালে কৰ্নেল ইউনিভাৰ্ছিটিত। এবছৰ পাছত বিশ্ববিদ্যালয় সলাই মনীষাইও যোগ দিলে জয়ে অধ্যয়ন কৰি থকাখনত। সেই বছৰতে অৰ্থাৎ ১৯৮৮ চনৰ ২৭ জুনত কলকাতাত সিহঁতৰ বিয়াখন পাতিলো। জয়ৰ বয়স পঁচিশ, মনীষাৰ তেইশ।

 আমেৰিকালৈ যোৱাৰ আগতে জয়ে আমাক মনীষাৰ কথা কৈছিল। আই আই টিত পঢ়ে যেতিয়া পঢ়া-শুনাত ভাল হ’ব বুলি ধৰিয়ে লৈছিলো। কিন্তু তাই ক’ৰ ছোৱালী, কাৰ ঘৰৰ, মাক-দেউতাকৰ চিনাকি কি ইত্যাদি বহু কথা জানিব লাগে। বিয়া মানেতো দুটা ল'ৰা-ছোৱালীৰ মাজৰ সম্পৰ্ক নহয়, অন্ততঃ আমাৰ ভাৰতীয় সমাজত বিয়া হয় দুটা পৰিয়ালৰ মাজত। জয়ে মাথোঁ কৈছিল তেওঁলোক বাঙালী, দেউতাক সেনাবিভাগৰ চিকিৎসক কৰ্নেল মৃত্যুঞ্জয় ঘোষ, মাক গীতাই ৰবীন্দ্ৰ সংগীত শিকে খ্যাতনামা ৰবীন্দ্ৰ সংগীত শিল্পী সুচিত্ৰা মিত্ৰৰ ওচৰত। মনীষাৰ বায়েক ডাক্তৰ, তেতিয়া চণ্ডীগড়ৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব্ মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্চত এম ডি কৰি আছিল। কলকাতা মেডিকেল কলেজৰ পৰা সোণৰ পদক আৰু বহু সন্মানসহ এম বি বি এছ পাছ কৰিছিল তেওঁ। একমাত্ৰ ভায়েকটো তেতিয়াও স্কুলত, সিও চোকা, শিক্ষিত বুলি জানিলো যদিও সেনা বিভাগৰ কৰ্নেলৰ ঘৰৰ পৰিবেশ আমাৰ লগত মিলিব পৰা বিধৰ হ’ব নে নাই ভাবি অলপ চিন্তিত নোহোৱা নহয়। ছোৱালীজনীও ফেশ্বনেৱল নিশ্চয় হ’ব।

 আমাৰ পুনেবাসৰ সময়ত বাণী চক্ৰৱৰ্তী নামৰ মহিলা এগৰাকীৰ সৈতে বৰ ঘনিষ্ঠ হৈছিলো। তেওঁৰ বায়েকে এষাৰ কথা কৈছিল যে আজিকালি মানুহৰ এটা-দুটা সন্তান হোৱাৰ ফলত আপোন মানুহৰ সংখ্যা সীমিত হৈ গৈ আছে। গতিকে সিহঁতে বিয়া কৰোৱা ঘৰখনেই আপোন হয়গৈ। মনে মনে চিন্তা কৰিলো কৰ্নেলৰ পৰিয়ালৰ লগত অন্তৰংগভাৱে খাপ খাব নোৱাৰিম। যি কি নহওক জয়ৰ পছন্দ হৈছে যেতিয়া তাৰ কথাই শেষ কথা। আপত্তিৰ প্ৰশ্নই নুঠে।

 জয় যোৱাৰ পাছত মনীষাক এদিন মই কলকাতাৰ ঘৰলৈ মাতিছিলো। সাধাৰণ চেলোৱাৰ-কামিজ পিন্ধা, কোনোধৰণৰ মেকআপ নকৰা ছোৱালীজনীক দেখি মৰম

৭৪/ বাকীছোৱা জীৱন