পৃষ্ঠা:অনিমা গুহ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যোগাৰ কৰিছিল, কেৱল যোৱাৰ টিকেটখন কিনি দিছিলো।

 ষ্টুডেণ্ট ভিছাখন কৰোৱাৰ আগতে কি যে টেনছন আমাৰ! সেইকেইদিন প্ৰায়ে খবৰ পাই আছিলো তাৰ লগৰ বোলে কোনোবাই ভিছা পালে, কোনোবাই নাপালে। বি টেক পঢ়ি থাকোতেই কেম্পাছ ইনটাৰভিউত সি দুটা কোম্পানীত চাকৰি পাইছিল। বাহিৰত পঢ়াৰ আশাত সেইবোৰ প্ৰত্যাখ্যান কৰি ভুল কৰা বুলি ভাবিলো। ভিছা নাপালে কি যে হ’ব!

 সি যি কি নহওক জয়ৰ সেই মহাপৰীক্ষাৰ দিনটো আহি উপস্থিত হ’ল। ইতিমধ্যে বাইদেউৰ চকু বিশেষজ্ঞ পুত্ৰ অসীম ওলাইছিল ট্ৰেইনিং এটাৰ বাবে জাপানলৈ। সি সিদ্ধান্ত ল'লে যে জাপানৰ পৰা কেইদিনমানৰ বাবে আমেৰিকালৈ ফুৰিবলৈ যাব আৰু ইউৰোপ হৈ ঘৰমুৱা হ’ব। হঠাতে দেখা গ'ল জয় আৰু অসীমৰ ভিছাৰ ইণ্টাৰভিউৰ তাৰিখ একেটাই। সিহঁত দুয়ো ঘৰৰ পৰা একেলগে ওলাই গ'ল যদিও আমেৰিকান কন্ছুলেট পোৱাৰ আগতে টেক্সিৰ পৰা নামি বেলেগে বেলেগে গ'ল। তাতো লাউঞ্জত অলপ আঁতৰে আঁতৰে বহিল, যেন টেঙৰ সন্দেহবাদী আমেৰিকানসকলে বুজি নাপায় ইহঁত দুটা ভাই-ককাই।

 ডাক্তৰসকলক আমেৰিকাই সহজতে ভিছা দিব নোখোজে, ভাই-ককাই বুলি জানিলে কি বা লেঠা লাগে, গতিকে অচিনাকি যেন হৈয়ে থাকিল দুয়ো। যি হওক দুয়ো ভিছা পালে। আনন্দৰ মাজত বেদনাও অনুভৱ কৰিলো। একমাত্ৰ সন্তান বহুদূৰলৈ যোৱাৰ দুখ, আনহাতে উচ্চ শিক্ষাৰ্থে বিশ্বৰ আগশাৰীৰ দেশলৈ যোৱাৰ আনন্দ— এক বুজাব নোৱৰা অনুভূতি। উল্লেখযোগ্য যে সেইখন দেশত পঢ়োৱাৰ আগ্ৰহ মোৰহে বেছি আছিল।

 দেউতালৈ মনত পৰিল। তেওঁ কটন কলেজত পঢ়ি থাকোতে কোনোবা আমেৰিকান পৰিয়াল এটাৰ ওচৰ সান্নিধ্যলৈ আহিছিল। কোন, কি নাম-ধাম একো মনত নাই। কিন্তু তেওঁলোকে দেউতাক হেনো আমেৰিকালৈ উচ্চ শিক্ষাৰ্থে লৈ যাব খুজিছিল। তেওঁলোকৰ উদ্দেশ্য কি আছিল নাজানো। কেৱল সৰুৰে পৰা আবুৰ মুখে শুনিছিলো পিতৃহীন পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান হিচাপে তেওঁৰ ওপৰত গধুৰ দায়িত্ব থকা বাবে ক’লৈকো যোৱা সম্ভৱ নহয় বুলি কৈছিল। সেই আমেৰিকালৈ গৈ আছে তেওঁৰ নাতিয়েক জয়। সি লছ এঞ্জেলেছৰ (এল এ নামেৰে জনাজাত) ইউনিভাৰ্চিটি অব্ চাদাৰ্ন কেলিফৰ্নিয়াত ভৰ্তি হ’ল। প্ৰথমে মাষ্টাৰ্ছ ডিগ্ৰী লৈ পি এইচ ডি প্ৰগ্ৰেমত সোমাল। ছাত্ৰ হিচাপে অৰ্জা অলপীয়া ডলাৰখিনিৰ পৰাই একাংশ জমাই এবছৰ

বাকীছোৱা জীৱন /৭৩