পৃষ্ঠা:অনিমা গুহ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ নিজা ওজাজনে হাতখন ৰাখিলেই ৰোগীৰ মুখত হাঁহি বিৰিঙি উঠে। কোৱা বাহুল্য আমেৰিকাত বাস কৰে পৃথিৱীৰ নানাদেশৰ পৰা যোৱা অসংখ্য জনগোষ্ঠী। সম্প্ৰতি গৈ পাইছে নেপালীমূলৰ অসংখ্য ভুটীয়া, যি সকলক খেদি দিছে ভূটানে আৰু গ্ৰহণ কৰা নাই নেপালেও। এওঁলোক যায় ক'লৈ? কোনোবা উদ্ধাৰকাৰী সংগঠনৰ চেষ্টাত তেওঁলোকে আশ্রয় পালে অগতিৰ গতি আমেৰিকাত। এইদৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন জনগোষ্ঠীয়ে আশ্রয় লৈছে আমেৰিকাত। তেওঁলোকৰ চিকিৎসাৰ বাবে নিযুক্তি দিছে faith-healer ক। অৱশ্যে মূল চিকিৎসা কৰিছে আধুনিক চিকিৎসকে।


ইন্দিৰা গান্ধী হত্যাকাণ্ড আৰু শিখ নিধন যজ্ঞ

 ৩১ অক্টোবৰ ১৯৮৪ চন। সিদিনা গাটো ভাল নলগা বাবে মই কামলৈ যোৱা নাছিলো। হঠাতে চুবুৰিৰ ল’ৰা এজনে ক’লে ইন্দিৰা গান্ধী আততায়ীৰ গুলীৰ আঘাতত আহত হৈ হাস্পতালত আছে। তেতিয়াৰ দিনত আজিৰ দৰে অসংখ্য টিভি চেনেল নাছিল যদিও অলপ সময়ৰ পাছতে সঠিক বাতৰি পোৱা গ'ল। মুহূৰ্ততে কলকাতাৰ যান-বাহন অচল হৈ পৰিল। অফিচ-স্কুল-কলেজৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে খোজকাঢ়ি নিজ নিজ ঘৰলৈ উভতিবলৈ ধৰিলে। বিশাল মহানগৰীখনৰ হেজাৰ হেজাৰ মানুহৰ সিদিনা পানীত হাঁহ নচৰা অৱস্থা। লগে লগে দেশৰ একাংশ জুৰি আৰম্ভ হ’ল শিখ নিধন যজ্ঞ। কেৱল দিল্লীতে পুৰি মাৰিলে অসংখ্য শিখ সম্প্ৰদায়ৰ লোকক। যেনিবা আততায়ী শিখ হোৱা বাবে সকলো শিখেই হত্যাকাৰী। আমাৰ মানুহৰ মানসিকতা কেতিয়া যে মধ্য যুগৰ সীমা অতিক্ৰম কৰিব নাজানো। কলকাতাতো আৰম্ভ হৈছিল হিংসাত্মক কাণ্ড-কাৰখানা। পিছে চৰকাৰে কঠোৰ হাতেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে।

 তথাপিতো মহানগৰীৰ বাতাৱৰণ অশান্ত হৈ আছিল কেইবাদিন ধৰি। মানুহে ঘৰৰ পৰা ওলোৱা-মেলা কমাই দিছিল যদিও এটা সময়ত সকলোৱে ওলাবলগীয়া হ'ল। কামলৈ গৈ শুনিলো এনথ্র’প’ল'জিকেল চাৰ্ভেৰ একমাত্ৰ শিখ বিষয়া যোগিন্দৰ সিঙৰ সন্ধানত এটা বিশাল শিখবিৰোধী দল তেওঁৰ ঘৰলৈ আহিছিল। এনে এটা পৰিস্থিতি হ’ব পাৰে বুলি ভাবি তেওঁক ওচৰৰ বঙালী মানুহকেইঘৰে আশ্রয় দি লুকুৱাই ৰাখিছিল। গুণ্ডাৰ দলটোৱে যোগিন্দৰক ঘৰত নাপাই চুবুৰীয়াৰ ঘৰবোৰতো তেওঁক

৭০/ বাকীছোৱা জীৱন