পৃষ্ঠা:অনিমা গুহ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেতিয়া নিস্তব্ধ। ঘোপমৰা এন্ধাৰে আৱৰি ৰাখিছিল অঞ্চলটোক। কেৱল ওজাদেউৰ জুপুৰিটোৰ চুক এটাত জ্বলি আছিল এগছ মাটিৰ চাকি। সোমায়ে চকুত পৰিল আন এটা চুকত থকা মাটিৰ ডাঙৰ হাড়ি এটা। তাতেই বোধকৰো বন্দী কৰি ৰাখিছে পোহনীয়া ভূতবোৰক। ভূতৰ সৈতে বাস কৰা বাবেই হ’বলা ওজাৰ দেহতো তাৰ প্ৰতিফলন দেখা যেন লাগিল। ঘোৰ কৃষ্ণবৰ্ণ ছাল এখনেৰে আবৃত ওজাদেউৰ ক্ষীণ-মিন দেহটো দেখিলে তেনে ধাৰণা হয়। সঁচা কথা ক’বলৈ গ'লে তৎক্ষণাতে ঠাৱৰ কৰিব পৰা নাছিলো তেওঁ আচল মানুহজন নে হাড়িটোৰ পৰা ওলাই অহা এজন। পিছে ওজাদেউ মানুহজন বৰ সৰল প্ৰকৃতিৰ আৰু ভদ্ৰ। পৰিবেশ ভৌতিক হ'লেও তেওঁ সাচ্চা মানুহ।

 কথাৰ মাজতে ওজাই চাহ খুৱাব খুজিলে। ইফালে সিফালে চাই ঘৰত আন কাকো নেদেখিলো। কোনে চাহ কৰিব, মনতে ভাবিলো। হাড়িত থকা ভূতকেইটাই? আবুলৈ মনত পৰিল। তেওঁ কৈছিল ভূতহঁতে হেনো প্ৰয়োজনত হাত-ভৰিবোৰ দীঘল কৰিব পাৰে। ভূতে যদি চাহ তৈয়াৰ কৰি তাৰে পৰা হাতখন দীঘলাই কাপটো মোৰ সন্মুখলৈ আনে মই মূৰ্চ্ছা যাম নিৰ্ঘাত। হঠাতে মোৰ বুকুখন চিৰিং কৈ উঠিল। ক’লৈ যে আহিলো। গাইডকেইটাও বোধকৰো পলাল!

 ক্ষন্তেক পাছত মনটোক ডাঠ কৰি নিজকে ক'লে— ‘ভূত হেনো বিশ্বাস নকৰ, এতিয়া কঁপিছ কিয়? তই হেনো বিজ্ঞানী, আহিছ সত্যৰ সন্ধান কৰিবলৈ।'

 ম‍ই স্বাভাৱিক হ’লো। আলৌকিক-অপাৰ্থিৱ শক্তি ( occult power) তেওঁ কেনেকৈ পালে, কেনেকৈ অতিপ্ৰাকৃতিক ৰোগ চিকিৎসা কৰে ইত্যাদি অনেক কথা আলোচনা কৰাৰ পাছত ওজাদেউৰ পৰা বিদায় মাগিলো।

 ওজাসকলৰ তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱৰ ফলত কিছুমান ৰোগৰ পৰা মুক্তি লাভ কৰা বুলি কোৱাৰ আঁৰত ক্ৰিয়া কৰে কিছুমান বিশ্বাসে, যাক ইংৰাজীত কোৱা হয় faith healing. তন্ত্ৰ-মন্ত্ৰ বিশ্বাস নকৰিলেও আন কিছুমান বিশ্বাসে আমাক যে সুস্থ কৰাত সহায় কৰে এই কথা অনেকে স্বীকাৰ কৰিব।বেমাৰত প্ৰিয় চিকিৎসকগৰাকীক চকুৰ আগত দেখিলে ৰোগমুক্তি হোৱা যেন নালাগে নে? বিদেশী আলোচনী এখনত এই সন্দৰ্ভত প্ৰবন্ধ এটা পঢ়ি মই তাজ্জব। আমেৰিকাৰ কিছুমান হাস্পতালত নিযুক্তি দিয়া হৈছে পিছপৰা কিছুমান জনগোষ্ঠীৰ নিজ নিজ ওজা-জাতীয় চিকিৎসকক। আধুনিক চিকিৎসাৰ পীঠস্থান আমেৰিকাৰ চিকিৎসকসকলে লক্ষ্য কৰিছে যে কিছুমান অনগ্ৰসৰ জনগোষ্ঠীৰ ৰোগীৰ ক্ষেত্ৰত কেৱল আধুনিক চিকিৎসাই ৰোগমুক্ত কৰিব নোৱাৰে।

বাকীছোৱা জীৱন /৬৯