পৃষ্ঠা:অনিমা গুহ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওজাসকল প্ৰকৃতি নামৰ বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা একো একোগৰাকী উদ্ভিদ বিদ্যা বিশাৰদ, সুচিকিৎসকো। সুবিস্তৃত এওঁলোকৰ চিকিৎসা ব্যৱস্থা। বিভিন্ন ৰোগত ব্যৱহৃত হয় বিভিন্ন বনৌষধি। ওজাসকলৰ লগত হাবিয়ে-বননিয়ে ঘূৰি ঘূৰি ডেৰশৰো অধিক গছ-গছনিৰ নমুনা সংগ্ৰহ কৰি কলকাতালৈ উভতি অহাৰ পাছত উদ্ভিদ বিদ্যা বিশেষজ্ঞৰ হতুৱাই চিনাক্ত কৰিছিলো। বাতাবাৰীৰ এগৰাকী ওজাই কৈছিল যে সেই অঞ্চলৰ হাবিত গজা ‘খাৰিখৰ' নামৰ এবিধ গুল্ম মুম্বাইৰ পৰা অহা এটা দৰব কোম্পানীয়ে স্থানীয় মানুহৰ হতুৱাই উঘালি কিলো প্ৰতি পঞ্চাশ পইচাকৈ কিনি নিছিল বস্তাই বস্তাই। এই জোপাই হ’ল সৰ্পগন্ধা (Rauvolfia Serpentina), যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে তৈয়াৰ কৰা মহৌষধিৰ আকৰ। বন দৰব সংগ্ৰহ কৰাৰ বাতৰি পাই আমাৰ ওচৰলৈকো দুটামান দৰব কোম্পানীৰ প্ৰতিনিধি আহিছিল। পিছে আমাৰ আঁচনিৰ কাম সম্পূৰ্ণ নোহোৱালৈকে আমি নীৰৱতা অৱলম্বন কৰিছিলো। মোৰ গৱেষণাৰ বিস্তৃত ফলাফল যুগোশ্লাভিয়াৰ জাগ্ৰেৱত অনুষ্ঠিত 12th International Congress of Anthropological and Ethnological Scienceৰ সভাত পঠিত হৈছিল। আজি ইউৰোপ-আমেৰিকাৰ দৰে বিজ্ঞান-প্ৰযুক্তিবিদ্যাত উন্নত দেশবোৰতো ‘herbal’ দৰবৰ চাহিদা বাঢ়িছে।

 এখন গাঁৱত লগ পোৱা ডেকা ওজা এজন এক পাহৰিব নোৱৰা চৰিত্ৰ। এওঁ বেছ স্মাৰ্ট, সপ্ৰতিভ আৰু বুদ্ধিমান। গাঁৱৰ ছোৱালীবোৰে কৈছিল ওজাজন হেনো সন্মোহনী বিদ্যাতো (mesmerism) পাৰদৰ্শী। এওঁৰ চকুত হেনো তিৰোতা মানুহক আকৰ্ষণ কৰিব পৰা যাদু আছে। গতিকে তেওঁৰ লগত হাবিয়ে-বননিয়ে অকলশৰে যোৱাৰ আগতে মোক সাৱধান কৰিছিল দুগৰাকী গাভৰুৱে। কেইমাহমানৰ বিৰতিৰ পাছত দ্বিতীয়বাৰ সেইখন গাঁৱলৈ গৈ দেখিলো ৰোমাণ্টিক ওজাজনৰ ঘৰত এজনী নতুন তিৰোতা। প্ৰথমজনী কলৈ গ'ল গম নাপালো।

 যিসকল ওজাই তন্ত্ৰ-মন্ত্ৰ আৰু ভূত-প্ৰেতৰ সহায়ত চিকিৎসা কৰোৱায় তেওঁলোকৰ কাষ চাপিবলৈ বহুতে ভয় কৰে। ৰাজবংশী সম্প্ৰদায়ৰ এনে কেইগৰাকীমান ওজাৰ সাক্ষাৎকাৰ লৈছিলো। বড়োসকলৰ মাজত একেগৰাকী ওজাই বনৌষধি আৰু তন্ত্ৰ-মন্ত্ৰৰ চিকিৎসা কৰে। কিন্তু ৰাজবংশীসকলৰ মাজত দুই বিভিন্ন পদ্ধতিৰ চিকিৎসা কৰে দুই শ্ৰেণীৰ ওজাই। বনৌষধিৰে ৰোগমুক্ত কৰা ওজাসকলক এওঁলোকে কবিৰাজ বুলি কয়। ৰাজবংশী ওজাসকলে অলৌকিক জগতখনৰ আৰু তাত বিচৰণ কৰা ভূত-মাছাং-বীৰা আদি অপাৰ্থিৱ প্ৰেতাত্মাবোৰৰ এনে জীৱন্ত বিৱৰণ দিছিল আৰু ইহঁতৰ

৬৬/ বাকীছোৱা জীৱন