পৃষ্ঠা:অনিমা গুহ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(আনুমানিক খ্ৰীঃপূঃ ১৫০০ বছৰ)। বহু বছৰ পাছত ৰচিত অথৰ্ববেদত ইয়াৰ বিস্তৃত বৰ্ণনা পোৱা গৈছে। ধৰ্ম আৰু যাদুৰ সংমিশ্ৰণ (magico-religious) ঘটোৱা এক পদ্ধতিৰে ৰোগ নিৰাময় কৰা হৈছিল সেই সময়ত। অৰ্থাৎ তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱেৰে ৰোগ চিকিৎসা কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় চিকিৎসা শাস্ত্ৰই গছ-গছনিৰ ঔষধি গুণৰ বিষয়ে অৱগত হ’ল। ইয়াৰ শৃংখলাবদ্ধ প্ৰয়োগৰ বিষয়ে বিস্তাৰিতভাৱে লিপিবদ্ধ কৰা হৈছে চৰক আৰু সুশ্ৰুত সংহিতাত (প্ৰথম খ্ৰীষ্টাব্দ)। এই গ্ৰন্থবোৰৰ পৰা জানিব পৰা গৈছে যে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বনৌষধি আৰু তন্ত্ৰমন্ত্ৰ-যাদুৰ প্ৰয়োগ ভাৰতত হেজাৰ হেজাৰ বছৰ জুৰি প্ৰচলিত। এলোপেথিক দৰব আৱিষ্কাৰ হোৱাৰ পাছত ধীৰে ধীৰে নতুন চিকিৎসা ব্যৱস্থাই প্ৰাচীন পদ্ধতিৰ ঠাই অধিকাৰ কৰিবলৈ ধৰে। আনহাতে আধুনিক ঔষধৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱাত বিশ্বৰ অনেক দেশৰ মানুহ বনৌষধিৰ প্ৰতি আকৃষ্ট হৈছে। পিছে প্ৰাচীন মানুহৰ দৰে আজিৰ বিজ্ঞানমনস্ক মানুহে হাবি-বনৰ বিভিন্ন অংশ জধে-মধে ব্যৱহাৰ নকৰে। সাম্প্ৰতিক কালত ঔষধি গুণসম্পন্ন গছ-গছনিৰ বিভিন্ন অংশৰ পৰা শৰীৰৰ পক্ষে ক্ষতিকৰ পদাৰ্থখিনি বৰ্জন কৰি প্ৰয়োজনীয় দ্ৰব্য পৰিশোধন কৰাৰ পাছত বাণিজ্যিক উদ্দেশ্য সন্মুখত ৰাখি প্ৰচুৰ পৰিমাণে ঔষধ উৎপাদন কৰি থকা হৈছে।

 ২০০৩ চনত যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী, গৱেষক, বিষয়া, কৰ্মীবৃন্দ আৰু তেওঁলোকৰ পৰিয়ালসমূহে পালন কৰা মহাপুৰুষ শংকৰদেৱৰ ৫৫৫ তম জন্মজয়ন্তী উৎসৱলৈ আমাক আমন্ত্ৰণ কৰিছিল। সেই সুযোগতে ঔষধি গছ-গছনি সন্দৰ্ভত গৱেষণাৰত বিজ্ঞানী ড° শোভন চন্দ্ৰ নাথৰ বিজ্ঞানাগাৰত কিছু সময় কটাইছিলো। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ হাবি-বননি নানা ধৰণৰ ঔষধি গছ-গছনিৰে সমৃদ্ধ। এইবোৰৰ পৰা কেৱল ঔষধেই নহয়, নানা ধৰণৰ অত্যাৱশ্যকীয় তেল (essential oil), সুগন্ধি আৰক বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰি থকা দেখিছিলো। তেওঁলোকে ব্যৱসায়িক লক্ষ্য সন্মুখত ৰাখি পূৰ্ণোদ্যমে গৱেষণাৰ কাম কৰি আছিল।

 যি কি নহওক, ছাৰ্ভেই যুগুত কৰা আঁচনিখন ৰূপায়ণ কৰিবলৈ অৰ্থাৎ থলুৱা চিকিৎসা ব্যৱস্থা হেৰাই যোৱাৰ আগতে উদ্ধাৰ কৰি ৰাখিবলৈ, গৱেষকসকল ভাৰতৰ বিভিন্ন এলেকালৈ ওলাল ক্ষেত্ৰ অধ্যয়ন কৰাৰ উদ্দেশ্যে। মই নিৰ্বাচন কৰিলো কোকৰাঝাৰ জিলাৰ বড়ো জনগোষ্ঠী প্ৰধান গাঁও কেইখনমান আৰু ধুবুৰী তথা বঙাইগাঁও জিলাৰ ঘাইকৈ ৰাজবংশীসকল বসবাসকাৰী গাঁওকেইখনমান। সেই সময়ত আমাৰ মা জীৱিত। তেওঁ সৰু ভণ্টি ৰীতাৰ লগত মাজু ভণ্টি টুলুৰ পৰিয়ালৰ

৬২/ বাকীছোৱা জীৱন