পৃষ্ঠা:অনিমা গুহ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহিলাক ‘ডাবল ডিউটী’ কৰা বুলি কৈছে। সাধাৰণতে এগৰাকী মহিলাই পুৱা শোৱাপাটী এৰে সকলোৰে আগত আৰু ৰাতি শোৱাপাটীত পৰে শেষত। কিছুমান পুৰুষে আকৌ সকলোৰে চকুৰ আঁৰতহে ঘৰুৱা কামত পত্নীক সহায় কৰে, বিশেষকৈ তেওঁৰ মাক-দেউতাকৰ সন্মুখত কৰিবলৈ টান পায়, জানোচা তেওঁলোকে ভাবে ল'ৰাটো তিৰোতাসেৰুৱা হ'ল।

 আজিৰ নাৰী আগৰ তুলনাত বহু আগবাঢ়িল যদিও পুৰুষৰে সমমৰ্যাদা পাবলৈ বহু বছৰ লাগিব। মই আশাবাদী। মোৰ জীৱনকালত নহ'লেও এদিন নাৰী-পুৰুষৰ মাজত বৈষম্য আঁতৰিব, নাৰী হ’ব পুৰুষৰ বন্ধু আৰু সহযাত্ৰী। তদুপৰি সমাজত পৰিবৰ্তনো আহিব। সমাজেই প্ৰয়োজনত ল'ৰা-ছোৱালীৰ তত্ত্বাৱধানৰ ব্যৱস্থা কৰিব।


পুনৰ এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত

 চি এছ আই আৰৰ অধীনত তিনিটা বছৰ Pool Officer হিচাপে কৰা গৱেষণাৰ কাম শেষ হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে আকৌ এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াত Post Doctoral Fellow হিচাপে যোগ দিলো। ইমান দিনে বংশগত আৰু জন্মগত ৰোগ আছিল মোৰ গৱেষণাৰ বিষয়। এইবাৰ এটা বেলেগ বিষয় নিৰ্বাচন কৰাৰ কথা ভাবিলো। কাৰণ আমাৰ সীমাবদ্ধ অৰ্থসাহায্য আৰু অনুন্নত বিজ্ঞানাগাৰত ইয়াতকৈ বেছি দূৰলৈ আগবঢ়া সম্ভৱ নাছিল। সেই সময়ত এনথ্ৰ’প’লজিকেল চাৰ্ভেই আঁচনি এটা ৰূপায়ণ কৰিবলৈ আগবঢ়া বুলি জানি ময়ো সেই আঁচনিত অংশগ্ৰহণ কৰিবলৈ মনস্থ কৰিলো।

 এলোপেথিক দৰব আৱিষ্কাৰ হোৱাৰ পাছত প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ গুৰুত্ব ক্ৰমে কমি আহিবলৈ ধৰা দেখি ই সম্পূৰ্ণভাৱে বিলুপ্ত হোৱাৰ আগতে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত থলুৱা চিকিৎসা পদ্ধতিসমূহ লিপিবদ্ধ কৰিবলৈ চাৰ্ভেই এটা পৰিকল্পনা হাতত লৈছিল। ভাৰত এখন বৈচিত্ৰ্যৰে ভৰা দেশ। সমগ্ৰ দেশখনত সভ্যতাৰ বিভিন্ন স্তৰত বাস কৰি আছে নানা জাতি-উপজাতি, নানা বৰ্ণ, নানাভাষী জনগোষ্ঠী। এওঁলোকৰ প্ৰতিটো গোটৰ আছে নিজ নিজ সমাজ ব্যৱস্থা, কৃষ্টি-সংস্কৃতি, সাজ-পাৰ, লৌকিক আইন (customary law) আৰু স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা।

 অতীতৰে পৰা ভাৰতবাসীয়ে থলুৱা পদ্ধতিৰে ৰোগৰ কাৰণ, উৎপত্তি আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰি আহিছে। এই বিষয়ে প্ৰথম উল্লেখ পোৱা যায় ঋগবেদত

বাকীছোৱা জীৱন / ৬১